২০০১ চনৰ ভূমিকম্পত শোকাৱহভাৱে প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ জনসাধাৰণে ভূজৰ স্মৃতি বন দৰ্শন কৰা কাৰ্যত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে।
গুজৰাটৰ তথ্য সম্প্ৰচাৰ বিভাগৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"এইয়া দেখিবলৈ পাই সন্তোষ লাভ কৰিছোঁ। স্মৃতি বন হৈছে ২০০১ চনৰ ভূমিকম্পত আমি অতি দুঃখজনকভাৱে হেৰুৱাবলগা হোৱা লোকসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। ই গুজৰাটৰ মানসিক সামৰ্থও প্ৰতিফলিত কৰে। আগন্তুক মাহবোৰ কচ্ছ ভ্ৰমণৰ বাবে এক ভাল সময় হ'ব। ই হৈছে ৰণ উৎসৱৰো থলী আৰু এতিয়া ই স্মৃতি বনো।"
More than 5,000 people have visited @smritivan since its dedication by Hon PM @narendramodi. Come - Experience the Wonders of the Smritivan Earthquake Memorial & Museum #Bhuj.#smritivanearthquakemuseum #GatewayToMemories #SEMM #smritivanearthquakememorial pic.twitter.com/9CK4pzTFOd
— Gujarat Information (@InfoGujarat) October 13, 2022