প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ আগবঢ়ায়৷ তেওঁ কয় যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য অভিলাসী কিন্তু আমি ডাঙৰ চিন্তা কৰিব লাগিব আৰু আগুৱাই যাব লাগিব৷ “মই আপোনালোকক পুনৰ নিশ্চিত কৰিব বিচাৰো যে ভাৰতীয় অৰ্থনীতি শক্তিশালী৷ ভাৰতে সম্পূৰ্ণ গতি আৰু সম্ভাৱনীয়তাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন দেখিছে৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন সাৰ্থক কৰিবলৈ চৰকাৰে গাওঁ আৰু চহৰৰ আন্তঃগাথনি, ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, বস্ত্ৰশিল্প, প্ৰযুক্তি আৰু পৰ্যটনৰ  ওপৰত গুৰুত্ব দিছে৷ এই খণ্ডসমূহক আগুৱাই নিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ মেক  ইন ইণ্ডিয়াক গতি প্ৰদান কৰিবলৈ কৰ গাঁথনিকে ধৰি সকলো প্ৰক্ৰিয়া সৰল কৰা হৈছে৷ এই ব্যৱস্থাই দেশৰ নিৰ্মাণ খণ্ডলৈ নতুন উদ্যম কঢ়িয়াই আনিছে৷ বেংকৰ একত্ৰীকৰণ নীতিৰ ফলত ইতিমধ্যে ফলদায়ক পৰিণাম দেখিবলৈ পোৱা গৈছে৷

সৰু চহৰসমূহ নতুন ভাৰতৰ ভেটিঃ

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ সবাতোকৈ উচ্চাকাংক্ষী যুৱক-যুৱতীসকল সৰু চহৰত বাস কৰে, যিবোৰ হ’ল নতুন ভাৰতৰ ভেটি৷ “আজি ভাৰতৰ মুঠ ডিজিটেল লেনদেনৰ আধাৰো অধিক লেনদেন সৰু চহৰত হোৱা দেখা যায়৷ দেশত পঞ্জীভুক্ত হোৱা ষ্টাৰ্টআপৰ আধাৰো অধিক টায়াৰ-২, টায়াৰ-৩ চহৰত হৈ আছে৷ সেয়ে আমি টায়াৰ-২, টায়াৰ-৩ চহৰত দ্ৰুত গতিৰে আধুনিক আন্তঃগাথনি নিৰ্মাণত মনোনিৱেশ কৰিছো৷ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেল সংযোগ ক্ষীপ্ৰগতিৰে আগবাঢ়িছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

 

২০২৪ৰ ভিতৰত পুনৰ ১০০ বিমানবন্দৰ

প্ৰধানমন্ত্ৰীয়ে কয় যে উড়ান আঁচনিৰ অধীনত শেহতীয়াকৈ ২৫০সংখ্যক যাত্ৰাপথ মুকলি কৰা হৈছে৷ ই দেশৰ ২৫০খন সৰু চহৰত বিমান সেৱা সহজলভ্য আৰু সুচল কৰি তুলিছে৷ “স্বাধীনতাৰ পৰা ২০১৪লৈ দেশত মাত্ৰ ৬৫টা কাৰ্যক্ষম বিমানবন্দৰ আছিল৷ যোৱা ৫বছৰত ই বৃদ্ধি হৈ এতিয়া ১০০ৰো অধিক বিমানবন্দৰ হৈছে৷ আমাৰ লক্ষ্য হ’ল ২০২৪ৰ ভিতৰত পুনৰ ১০০টা বিমানবন্দৰ মুকলি কৰা৷ ইয়াৰে অধিকাংশ টায়াৰ-২, টায়াৰ-৩ চহৰত নিৰ্মাণ হ’ব৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
588 antiquities repatriated to India from US so far, 297 received in 2024: Govt

Media Coverage

588 antiquities repatriated to India from US so far, 297 received in 2024: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi applauds India s historic achievement of 1 Billion Tonnes Coal Production
March 21, 2025

The Prime Minister, Shri Narendra Modi hailed India’s historic achievement of 1 Billion Tonnes Coal Production, highlighting significant commitment to energy security, economic growth and self-reliance.

Shri Modi also lauded this achievement, calling it a “proud moment for India” and recognizing the relentless dedication and hard work of those associated with the sector.

Union Minister for Coal and Mines, Shri G Kishan Reddy informed in a X post that India has crossed a monumental 1 billion tonnes of coal production.

Responding to the X post of Union Minister, Shri Modi wrote on X;

“A Proud Moment for India!

Crossing the monumental milestone of 1 Billion tonnes of coal production is a remarkable achievement, highlighting our commitment to energy security, economic growth and self-reliance. This feat also reflects the dedication and hardwork of all those associated with the sector.”