শ্ৰী এল কে  আদৱানীক জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বিদগ্ধ পণ্ডিত, সুবক্তা তথা অন্যতম সন্মানীয় নেতা শ্ৰী লাল কৃষ্ণ আদৱানী জীয়ে আমাৰ নাগৰিকসকলৰ সবলীকৰণ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানক ভাৰতে সদায়েই মনত ৰাখিব৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্ৰী এল কে আদৱানী জীয়ে বিজেপিক গঢ় দিয়া আৰু সুদৃঢ়কৰণৰ বাবে দশক দশক জুৰি পৰিশ্ৰম কৰিলে৷ তেওঁ লগতে কয়, ভাৰতীয় ৰাজনীতিত আমাৰ দলে শক্তিশালী ৰূপত দশক দশক ধৰি আত্মপ্ৰকাশ কৰি থকাৰ মূলতে আদৱানী জীৰ দৰে নেতা তথা তেওঁৰ দ্বাৰা পৰিচালিত কাৰ্যকৰ্তাসকল৷   

শ্ৰী মোদীয়ে কয় যে আদৱানী জীৰ বাবে ৰাইজৰ সেৱা সদায়েই মূল্যবোধৰ সৈতে জড়িত হৈ থাকে৷ প্ৰধানমন্ত্ৰী কয়, তেওঁ মূল আদৰ্শৰ সৈতে কেতিয়াও আপোচ কৰা নাই৷ যেতিয়াই আমাৰ গণতন্ত্ৰৰ ৰক্ষাৰ কথা আহে, তেওঁ সদায়েই সন্মুখত থাকে৷ এগৰাকী মন্ত্ৰী হিচাপে তেওঁৰ প্ৰশাসনিক দক্ষতা বিশ্বজুৰি প্ৰশংসিত হৈছিল৷

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Double engine govt becoming symbol of good governance, says PM Modi

Media Coverage

Double engine govt becoming symbol of good governance, says PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ডিচেম্বৰ 2024
December 17, 2024

Unstoppable Progress: India Continues to Grow Across Diverse Sectors with the Modi Government