১২ জানুৱাৰী, ২০২২ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ বাবে আপোনালোকৰ ধাৰণা আৰু পৰামৰ্শ শ্বেয়াৰ কৰক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী উপলক্ষে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোসৱ উদ্বোধন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ প্ৰধানমন্ত্ৰীৰ ভাষণৰ বাবে যুৱক-যুৱতীসকলৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াৰে কেতবোৰ পৰামৰ্শ তেওঁৰ ভাষণত স্থান দিব৷

সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ বাবে তেওঁলোকৰ পৰামৰ্শ আৰু অভিনৱ ধাৰণা শ্বেয়াৰ কৰিব পাৰে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াৰে কেতবোৰ পৰামৰ্শ তেওঁৰ ভাষণত স্থান দিব পাৰে৷ আপোনালোকৰ তলৰ মন্তব্য অংশত গৈ আপোনালোক ধাৰণ আৰু পৰামৰ্শৱলী শ্বেয়াৰ কৰক৷

ৰাষ্ট্ৰীয় যুৱ মহোসৱ আৰু সন্মিলনক বিষয়েঃ

ভাৰতৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় যুৱ মহোসৱৰ লক্ষ্য হৈছে আমাৰ তৰুণ নাগৰিকসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশে প্ৰেৰিত, উজ্জীৱিত, একত্ৰিত আৰু সক্ৰিয় কৰা, যাতে আমাৰ বৈচিত্ৰপূৰ্ণ জনসাংখ্যিক গাঁথনিক প্ৰকৃত সম্ভাৱনাবোৰ বাহিৰ হৈ আহে৷

Share
 
Comments
  • Your Suggestion
Comment 0