স্বাগতম!
২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰচনা কৰা ‘এগজাম ৱাৰিয়ৰ্ছ’ কিতাপখন শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলে আঁকোৱালি লৈছিল৷
অৰুণাচল প্ৰদেশৰ এগৰাকী কণমানি শিক্ষাৰ্থী আলীনা টায়াঙে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কিতাপখন পঢ়ি ভাল পোৱা বুলি পত্ৰ লিখে৷ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবুলিও জনায় যে প্ৰধানমন্ত্ৰীয়ে কিতাপখনত অভিভাৱক আৰু শিক্ষকসকলৰ বাবেও কিছু কথা অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন৷ জনতাৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাখিনি সমগ্ৰ ৰাষ্ট্ৰৰ সন্মুখত ‘মন কী বাত’ত প্ৰকাশ কৰে আৰু প্ৰত্যেককে কিতাপখনত অন্তৰ্ভুক্ত কৰিব পৰা বিষয়সমূহৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনায়৷ এয়া পৰীক্ষা সম্বন্ধীয় যিকোনো চিন্তা-ধাৰা, বৰ্তমান সময়ত শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানসমূহৰ সমাধান আদি যিকোনো নতুন বিষয় হ’ব পাৰে৷
অনুগ্ৰহ কৰি আপোনাৰ প্ৰতিক্ৰিয়া আৰু অন্যান্য সম্বন্ধীয় তথ্যসমূহ তলৰ মডিউলত প্ৰৱিষ্ট কৰি ছাবমিটত ক্লিক কৰক৷