কেইদিনমান পূৰ্বে আমি অধ্যাপক এম.এছ. স্বামীনাথনক হেৰুৱাইছো। আমাৰ ৰাষ্ট্ৰই কৃষি বিজ্ঞানত বিপ্লৱ অনা এজন দূৰদৰ্শীক হেৰুৱালে, তেওঁ এগৰাকী শক্তিশালী ব্যক্তি যাৰ ভাৰতলৈ অৱদান সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। অধ্যাপক এম.এছ. স্বামীনাথনে ভাৰতক ভাল পাইছিল আৰু আমাৰ ৰাষ্ট্ৰ তথা বিশেষকৈ আমাৰ কৃষকসকলে সমৃদ্ধিৰ জীৱন যাপন কৰাটো বিচাৰিছিল। উজ্জ্বল শৈক্ষিক অৰ্হতাৰ স্বামীনাথনে যিকোনো কেৰিয়াৰ বাছনি কৰিব পাৰিলেহেঁতেন। কিন্তু ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষই তেওঁক ইমানেই প্ৰভাৱান্বিত কৰিছিল যে তেওঁ স্পষ্টকৈ কৈছিল - যদি তেওঁ কাম কৰে , তেন্তে কৃষি অধ্যয়ন কৰাটোৱেই সেই কাম হ'ব।
তুলনামূলকভাৱে কম বয়সতে স্বামীনাথনে ডাঃ নৰমান বৰলাগৰ সংস্পৰ্শলৈ আহিছিল আৰু বৰলাগ আৰু তেওঁৰ কৰ্মৰাজিক অনুসৰণ কৰিছিল। ১৯৫০-ৰ দশকত স্বামীনাথনক আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষদ(ফেকাল্টি) পদৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ ইয়াক প্ৰত্যাখ্যান কৰিছিল। কাৰণ তেওঁ ভাৰত থাকি ভাৰতৰ বাবে কাম কৰিব বিচাৰিছিল।
মই বিচাৰো যে আপোনালোক সকলোৱে তেওঁ কেনে প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজতো স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ থাকি আমাৰ দেশক আত্মনিৰ্ভৰশীলতা আৰু আত্মবিশ্বাসৰ পথ প্ৰদৰ্শন কৰিছিল সেই কথা অনুধাৱন কৰক। স্বাধীনতাৰ পিছত প্ৰথম দুটা দশকত আমি অপৰিসীম প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি আছিলো আৰু তাৰে এটা আছিল খাদ্যৰ অভাৱ। ১৯৬০-ৰ দশকৰ আৰম্ভণিতে, ভাৰতে দুৰ্ভিক্ষৰ কৰাল গ্ৰাসৰ সৈতে যুঁজি আছিল আৰু তেতিয়াই অধ্যাপক স্বামীনাথনৰ অটল বিশ্বাস আৰু দূৰদৰ্শীতাই কৃষিক্ষেত্ৰত সমৃদ্ধিৰ এক নতুন যুগৰ সূচনা কৰিছিল।
তেওঁৰ অগ্ৰণী কৰ্মৰ বাবেই কৃষি উৎপাদনৰ লগতে ঘেঁহুৰ নতুন প্ৰজাতি উদ্ভাৱন আদিৰ দৰে নিৰ্দিষ্ট খণ্ডত উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল। এনেদৰে তেওঁ ভাৰতক খাদ্যৰ অভাৱত ভুগি থকা এখন দেশৰ পৰা এখন স্বাৱলম্বী ৰাষ্ট্ৰলৈ পৰিণত কৰিছিল। এনে অভাৱনীয় সাফল্যই তেওঁক "ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ" উপাধিৰ বাবে যোগ্য কৰি তুলিছিল।
সেউজ বিপ্লৱে শত সহস্ৰ প্ৰত্যাহ্বানৰ মাজতো ভাৰতক "কৰি দেখুওৱাৰ উদ্দীপনা"ক জাগ্ৰত কৰিছিল । সেউজ বিপ্লৱ আৰম্ভ হোৱাৰ পাঁচ দশক পিছত, ভাৰতীয় কৃষি বহু বেছি আধুনিক আৰু প্ৰগতিশীল হৈ পৰিছে। কিন্তু অধ্যাপক স্বামীনাথনে স্থাপন কৰা ভেটি আমি কেতিয়াও পাহৰিব নোৱাৰিম।
বিগত বহু বছৰ ধৰি তেওঁ আলুক ক্ষতিগ্ৰস্ত কৰা কৰা পৰজীৱীৰ সৈতে যুঁজ দিয়াৰ বাবে অগ্ৰণী গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাই আলুক ঠাণ্ডা বতৰ সহ্য কৰিবলৈ সক্ষম কৰিছিল। আজি বিশ্বই মিলেটছ বা শ্ৰী অন্নক চুপাৰ ফুড বুলি কৈছে, কিন্তু অধ্যাপক স্বামীনাথনে ১৯৯০ ৰ দশকৰে পৰা মিলেটছক উৎসাহিত কৰিছিল।
অধ্যাপক স্বামীনাথনৰ সৈতে মোৰ বিস্তৃতভাবে ব্যক্তিগত বাৰ্তালাপ হৈছিল। মই ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিলো। সেই দিনবোৰত গুজৰাট কৃষি দক্ষতাৰ বাবে জনাজাত নাছিল। একাধিক খৰাং আৰু প্ৰৱল ঘূৰ্ণীবতাহ তথা ভূমিকম্পই ৰাজ্যখনৰ বিকাশৰ গতিপথত প্ৰভাৱ পেলাইছিল। আমি আৰম্ভ কৰা বহু কেইটা পদক্ষেপৰ ভিতৰত এটা আছিল মাটিৰ স্বাস্থ্য কাৰ্ড প্ৰৱৰ্তন কৰা, যিয়ে আমাক মাটিক ভালদৰে বুজিবলৈ আৰু মাটিত সমস্যাৰ উদ্ভৱ হ'লে তাৰ সমাধান কৰিবলৈ সক্ষম কৰি তুলিছিল। এই আঁচনিৰ অচিলা লৈয়েই মই অধ্যাপক স্বামীনাথনক লগ পাইছিলো। তেওঁ আঁচনিখনৰ প্ৰশংসা কৰিছিল আৰু ইয়াৰ বাবে তেওঁৰ মূল্যৱান পৰামৰ্শ আগবঢ়াইছিল। যিসকলে আঁচনিখনৰ বিষয়ে সন্দিহান আছিল তেওঁলোকক বুজাবলৈ তেওঁৰ মন্তব্যই যথেষ্ট আছিল । অৱশেষত সেই আঁচনিয়েই গুজৰাটৰ কৃষিখণ্ডৰ সফলতাৰ কাৰক হৈ পৰিছিল।
মোৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালত আৰু মই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সময়তো আমাৰ বাৰ্তালাপ অব্যাহত আছিল। মই তেওঁক ২০১৬ চনত আন্তৰ্জাতিক কৃষি-জৈৱ বৈচিত্ৰ্য কংগ্ৰেছত লগ পাইছিলো আৰু পৰৱৰ্তী বছৰ ২০১৭ চনত, মই তেওঁ লিখা দুটা খণ্ডৰ কিতাপো উন্মোচন কৰিছিলো।
কুৰালে কৃষকসকলক পৃথিৱীখনক একেলগ কৰি ধৰি ৰখাৰ "পিন" হিচাপে অভিহিত কৰিছে৷ কাৰণ কৃষকসকলেহে সকলোকে জীয়াই ৰাখে। অধ্যাপক স্বামীনাথনে এই নীতিটো ভালদৰে বুজি পাইছিল। সেইবাবেই বহুতেই তেওঁক "কৃষি বিজ্ঞানী" বুলি কয় – এগৰাকী কৃষি বিজ্ঞানী। কিন্তু, মই সদায় বিশ্বাস কৰি আহিছো যে তেওঁ তাতোকৈয়ো অধিক আছিল। তেওঁ এজন সঁচা অৰ্থত "কিষাণ বিজ্ঞানী" আছিল– এজন কৃষক বিজ্ঞানী। তেওঁৰ হৃদয়ত এজন কৃষক আছিল। তেওঁৰ কামৰ সফলতা কেৱল তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষতাতে সীমাবদ্ধ নাছিল; সেয়া পৰীক্ষাগাৰৰ বাহিৰত, পাম আৰু খেতিপথাৰত নিহিত হৈ আছে। তেওঁৰ কামে বৈজ্ঞানিক জ্ঞান আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছিল। তেওঁ নিৰন্তৰভাৱে বহনক্ষম কৃষিৰ বাবে ওকালতি কৰিছিল, মানৱৰ উন্নতি আৰু পাৰিপাৰ্শ্বিক স্থিৰতাৰ মাজত সূক্ষ্ম ভাৰসাম্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। ইয়াত মই স্বামীনাথনে ক্ষুদ্ৰ কৃষকসকলৰ জীৱনৰ মান উন্নত কৰি তেওঁলোকক উদ্ভাৱনৰ সুফল ভোগ কৰাৰ বাবে আৰোপ কৰা বিশেষ গুৰুত্বৰ কথা বিশেষভাবে মন কৰিছো । তেওঁ মহিলা কৃষকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে বিশেষভাৱে উৎসাহী আছিল।
অধ্যাপক এম.এছ. স্বামীনাথনৰ বিশেষ আন এটা দিশ আছিল যিটো সঁচাকৈয়ে লক্ষণীয় - তেওঁ উদ্ভাৱন আৰু নেতৃত্বদানৰ এক ওখ স্তম্ভ স্বৰূপ আছিল। যেতিয়া তেওঁ প্ৰথমগৰাকী ব্যক্তি হিচাবে ১৯৮৭ চনত সন্মানজনক বিশ্ব খাদ্য বঁটা লাভ কৰিছিল, তেতিয়া তেওঁ পুৰষ্কাৰৰ ধনৰাশি ব্যৱহাৰ কৰি এক অলাভজনক গৱেষণা ফাউণ্ডেচন স্থাপন কৰিছিল। আজিলৈকে সেই ফাউণ্ডেচনে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি আহিছে। তেওঁ অগণন মনক আকৃষ্ট কৰিছে, তেওঁলোকৰ মাজত শিকা আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰিছে। দ্ৰুতগতিত পৰিৱৰ্তনশীল পৃথিৱীত তেওঁৰ জীৱনে আমাক জ্ঞান, পৰামৰ্শ আৰু উদ্ভাৱনৰ স্থায়ী শক্তিৰ কথা মনত পেলাই দিয়ে। তেওঁ এজন প্ৰতিষ্ঠান গঢ়োতাও আছিল, তেওঁৰ উদ্যোগতে বহু কেন্দ্ৰত গৱেষণা পৰিচালিত হৈছিল। মেনিলাৰ আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল৷। আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্ৰটো ২০১৮ চনত বাৰাণসীত স্থাপন কৰা হৈছিল।
ড০ স্বামীনাথনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মই পুনৰ কুৰালৰ উদ্ধৃতি দিম। ইয়াত লিখা আছে, "যিসকলে পৰিকল্পনা কৰিছে তেওঁলোকৰ দৃঢ়তা থাকিলে তেওঁলোকে যি বিচাৰে সেয়া লাভ কৰিব।" তেওঁ এজন শক্তিশালী ব্যক্তি আছিল যিয়ে জীৱনৰ আৰম্ভণিতে সিদ্ধান্ত লৈছিল যে তেওঁ কৃষিক শক্তিশালী কৰিব বিচাৰে আৰু কৃষকসকলক সেৱা কৰিব বিচাৰে। আৰু তেওঁ সেয়া অভিনৱ আৰু অসাধাৰণভাৱে কৰিছিল।
ডঃ স্বামীনাথনৰ কৰ্মৰাজিয়ে আমাক কৃষি উদ্ভাৱন আৰু স্থিৰতাৰ পথ তৈয়াৰ কৰাৰ পথত অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰি আহিছে। কৃষি বিপ্লৱৰ বাবে তেওঁ গ্ৰহণ কৰা নীতিসমূহৰ প্ৰতি আমি আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিব লাগিব , কৃষকসকলৰ উদ্দেশ্যক সমৰ্থন কৰিব লাগিব আৰু বৈজ্ঞানিক উদ্ভাৱনৰ ফল আমাৰ কৃষি ক্ষেত্ৰৰ তৃণমূল পৰ্যায়ত উপনীত হোৱাটো নিশ্চিত কৰিব লাগিব৷ লগতে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি অনাগত প্ৰজন্মৰ বাবে বিকাশ, স্থিৰতা আৰু সমৃদ্ধি নিশ্চিত কৰিব লাগিব।