প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ জীৱনটোক ‘এক বৰ্ণাঢ্য শতিকা’ বুলি অভহিত কৰি ‘আজি সেই জীৱনে ঈশ্বৰৰ চৰণত প্ৰশান্তি বিচাৰি পালে’ বুলি উল্লেখ কৰে।
আজি শ্ৰীমতী হীৰাবেনৰ দেহাৱসানত প্ৰধানমন্ত্ৰীয়ে স্মৃতি সুঁৱৰি কয় যে তেওঁ মাকৰ ৰূপত ত্ৰিমূৰ্তিৰ দৰ্শন লাভ কৰে, য’ত এগৰাকী তপস্বীৰ যাত্ৰা, নিষ্কাম কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি প্ৰতিবদ্ধ জীৱন সমাহিত হৈ আছিল।
“কাম কৰিবা জ্ঞান-বুদ্ধিৰে, জীৱন অতিবাহিত কৰিবা শুদ্ধিৰে”- এইষাৰ উপদেশ বাণী তেওঁৰ মাতৃয়ে ১০০সংখ্যক জন্ম দিৱসত প্ৰদান কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁ কৰা টুইটত কয়;
“এক বৰ্ণাঢ্য শতাব্দীয়ে ঈশ্বৰৰ চৰণত প্ৰশান্তি লভিলে...মই মাৰ ৰূপত সেই ত্ৰিমূৰ্তিৰ দৰ্শন কৰো য’ত এগৰাকী তপস্বীৰ যাত্ৰা, নিষ্কাম কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি প্ৰতিবদ্ধ জীৱন সমাহিত হৈ আছিল।
তেওঁৰ ১০০সংখ্যক জন্মদিৱসত মই যেতিয়া তেওঁক লগ পাইছিলো তেতিয়া তেওঁ কৈছিল ‘কাম কৰিবা জ্ঞান-বুদ্ধিৰে, জীৱন অতিবাহিত কৰিবা শুদ্ধিৰে’’।
शानदार शताब्दी का ईश्वर चरणों में विराम... मां में मैंने हमेशा उस त्रिमूर्ति की अनुभूति की है, जिसमें एक तपस्वी की यात्रा, निष्काम कर्मयोगी का प्रतीक और मूल्यों के प्रति प्रतिबद्ध जीवन समाहित रहा है। pic.twitter.com/yE5xwRogJi
— Narendra Modi (@narendramodi) December 30, 2022