Quote“ক্ৰমবৰ্ধমান পৰিৱৰ্তনৰ সময় পাৰ হৈ গ’ল। আমাক স্থানীয়, ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী ব্যৱস্থাৰ ৰূপান্তৰৰ প্ৰয়োজন”
Quoteআজি চেন্নাইত জি-২০ দুৰ্যোগ আশংকা হ্ৰাস কৰ্মগোটৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী প্ৰমোদ কুমাৰ মিশ্ৰই ভাষণ প্ৰদান কৰে।
Quote“Like ‘preparedness for response’, we need to have emphasis on ‘preparedness for recovery’”

আজি চেন্নাইত জি-২০ দুৰ্যোগ আশংকা হ্ৰাস কৰ্মগোটৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী প্ৰমোদ কুমাৰ মিশ্ৰই ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবগৰাকীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত গান্ধীনগৰত প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হোৱাৰ কথা স্মৰণ কৰি তাৰ পিছৰ পৰা সংঘটিত হোৱা জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অভূতপূৰ্ব দুৰ্যোগৰ কথা আঙুলিয়াই দিয়ে। তেওঁ সমগ্ৰ উত্তৰ গোলাৰ্ধক আগুৰি ধৰা বিশাল গৰমৰ ঢৌ, কানাডাত বনাঞ্চলৰ জুই আৰু তাৰ পিছত উত্তৰ আমেৰিকাৰ বিভিন্ন অঞ্চলৰ চহৰসমূহক প্ৰভাৱিত কৰা কুঁৱলী, ভাৰতৰ পূব আৰু পশ্চিম উপকূলত ডাঙৰ ঘূৰ্ণীবতাহৰ কাৰ্যকলাপৰ উদাহৰণ দিয়ে। প্ৰধান সচিবগৰাকীয়ে দিল্লীয়ে ৪৫ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ বানপানীৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰে।

 

জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় দুৰ্যোগৰ প্ৰভাৱ বিশাল আৰু আন্তঃসংলগ্ন প্ৰকৃতিৰ আৰু ইতিমধ্যে আমাৰ দুৱাৰত টোকৰ মাৰিছে বুলি প্ৰধান সচিবগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সমগ্ৰ গ্ৰহটোৰ সকলোকে প্ৰভাৱিত কৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ লক্ষ্য কৰি প্ৰধান সচিবগৰাকীয়ে জি-২০ দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মগোটৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। যদিও গোটটোৱে বহুখিনি অগ্ৰগতি লাভ কৰিছে আৰু ভাল গতিৰ সৃষ্টি কৰিছে, তথাপিও প্ৰধান সচিবগৰাকীয়ে বিশ্বই সন্মুখীন হোৱা সমস্যাৰ পৰিসৰৰ সৈতে উচ্চাকাংক্ষাসমূহৰ মিল ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে এতিয়া বৃদ্ধি পোৱা পৰিৱৰ্তনৰ সময় পাৰ হৈ গৈছে আৰু নতুন দুৰ্যোগৰ বিপদৰ সৃষ্টি ৰোধ কৰাৰ বাবে আৰু বৰ্তমানৰ বিপদসমূহ ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ বাবে স্থানীয়, ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী ব্যৱস্থাৰ ৰূপান্তৰৰ মঞ্চ তৈয়াৰ কৰা হৈছে।

 

পৃথক ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী প্ৰচেষ্টাসমূহৰ সামূহিক প্ৰভাৱ সৰ্বাধিক কৰিবলৈ অভিন্নতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি প্ৰধান সচিবগৰাকীয়ে সংকীৰ্ণ প্ৰতিষ্ঠানিক দৃষ্টিভংগীৰে পৰিচালিত খণ্ডিত প্ৰচেষ্টাৰ পৰিৱৰ্তে সমস্যা সমাধানৰ পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ “সকলোৰে বাবে আগতীয়া সতৰ্কবাণী” পদক্ষেপৰ শলাগ লৈ কয় যে জি-২০-এ “আগতীয়া সতৰ্কবাণী আৰু আগতীয়া ব্যৱস্থা”ক পাঁচটা অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম হিচাপে চিনাক্ত কৰিছে আৰু ইয়াৰ বাবে নিজৰ সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে।

 

দুৰ্যোগৰ আশংকা হ্ৰাসৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত প্ৰধান সচিবে দুৰ্যোগৰ আশংকা হ্ৰাসৰ সকলো দিশৰ বিত্তীয় সাহায্যৰ বাবে সকলো স্তৰতে গাঁথনিগত ব্যৱস্থা অনুসৰণ কৰাত গুৰুত্ব আৰোপ কৰে। ভাৰতত যোৱা কেইবছৰমানৰ পৰা প্ৰধান সচিবগৰাকীয়ে কয় যে দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে বিত্তীয় সাহায্য সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছে আৰু কেৱল দুৰ্যোগৰ প্ৰতি সঁহাৰিয়ে নহয়, দুৰ্যোগ প্ৰশমন, প্ৰস্তুতি আৰু পুনৰুদ্ধাৰৰ বাবেও বিত্তীয় সাহায্য প্ৰদানৰ বাবে এক ভৱিষ্যদ্বাণীযোগ্য ব্যৱস্থা স্থাপন কৰা হৈছে। “গোলকীয় পৰ্যায়তো আমাৰ অনুৰূপ ব্যৱস্থা থাকিব পাৰেনে?”, প্ৰধান সচিবগৰাকীয়ে প্ৰশ্ন কৰে। তেওঁ দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে উপলব্ধ বিত্তীয় সাহায্যৰ বিভিন্ন ধাৰাসমূহৰ মাজত অধিক অভিন্নতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে জলবায়ু বিত্ত বিত্তীয় সাহায্যৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগিব। দুৰ্যোগৰ আশংকা হ্ৰাসৰ প্ৰয়োজনীয়তাৰ বাবে ব্যক্তিগত বিত্তীয় সাহায্য সংগঠিত কৰাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত গুৰুত্ব আৰোপ কৰে প্ৰধান সচিবগৰাকীয়ে। এটা প্ৰশ্ন উত্থাপন কৰি শ্ৰী মিশ্ৰই কয়, “দুৰ্যোগৰ আশংকা হ্ৰাসৰ দিশত ব্যক্তিগত বিত্তীয় সাহায্যক আকৰ্ষণ কৰিবলৈ চৰকাৰসমূহে কেনেধৰণৰ সক্ষম পৰিৱেশ সৃষ্টি কৰিব লাগে? এই ক্ষেত্ৰখনৰ চাৰিওফালে জি-২০-এ কেনেকৈ গতি সৃষ্টি কৰিব পাৰে আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত ব্যক্তিগত বিনিয়োগ কেৱল কৰ্পৰেটে সামাজিক দায়বদ্ধতাৰ প্ৰকাশেই নহয়, প্ৰতিষ্ঠানসমূহৰ মূল ব্যৱসায়ৰ অংশও হোৱাটো নিশ্চিত কৰিব পাৰে?”

 

প্ৰধান সচিবগৰাকীয়ে কেইবছৰমানৰ পূৰ্বে জি-২০ ৰাষ্ট্ৰ, ৰাষ্ট্ৰসংঘ আৰু অন্যান্যৰ সৈতে অংশীদাৰিত্বৰে স্থাপিত ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। মিত্ৰজোঁটৰ কামৰ বিষয়ে কোৱাৰ সময়ত প্ৰধান সচিবগৰাকীয়ে কয় যে ই ক্ষুদ্ৰ দ্বীপ দেশসমূহকে ধৰি উন্নয়নশীল দেশসমূহক আন্তঃগাঁথনি উন্নয়নত অধিক বিপদ-অৱগত বিনিয়োগ কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ মানদণ্ড উন্নীত কৰিবলৈ উন্নত বিপদ মূল্যায়ন আৰু নিৰূপণ কৰাৰ বিষয়ে অৱগত কৰে। তেওঁ এই ধাৰণাসমূহ বৃদ্ধি কৰাৰ দিশত কাম কৰাত গুৰুত্ব আৰোপ কৰে আৰু পদক্ষেপসমূহৰ ডিজাইন কৰাৰ সময়ত পাইলটৰ বাহিৰেও চিন্তা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দুৰ্যোগৰ পিছত ‘বিল্ডিং বেক বেটাৰ’ৰ কিছুমান ভাল পদ্ধতিক প্ৰতিষ্ঠানিকৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে আৰু বিত্তীয় ব্যৱস্থা, প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু সামৰ্থ্যৰ আধাৰত ‘প্ৰতিক্ৰিয়াৰ বাবে প্ৰস্তুতি’ৰ দৰেই ‘আৰোগ্যৰ বাবে প্ৰস্তুতি’ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

 

কাৰ্যগোষ্ঠীয়ে গ্ৰহণ কৰা পাঁচোটা অগ্ৰাধিকাৰৰ সকলোবোৰতে ডেলিভাৰেবলৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত প্ৰধান সচিবগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অহা কেইদিনমানৰ ভিতৰত আলোচনা হ’বলগীয়া কমিউনিকৰ শূন্য খচৰাৰ বিষয়ে কোৱাৰ সময়ত শ্ৰী মিশ্ৰই জনাইছে যে ই জি-২০ ৰাষ্ট্ৰসমূহৰ বাবে দুৰ্যোগৰ আশংকা হ্ৰাসৰ ওপৰত এক অতি স্পষ্ট আৰু কৌশলগত কাৰ্যসূচী আগবঢ়াইছে। তেওঁ আস্থা প্ৰকাশ কৰে যে যোৱা চাৰিমাহত এই কাৰ্যগোষ্ঠীৰ আলোচনাত যি অভিন্নতা, সহমত আৰু সহ-সৃষ্টিৰ মনোভাৱ গঢ় লৈছে, সেই মনোভাৱে অহা তিনিদিন আৰু তাৰ পাছতো প্ৰাধান্য পাব।

 

এই প্ৰচেষ্টাত জ্ঞান অংশীদাৰসকলৰ পৰা লাভ কৰা স্থায়ী সমৰ্থনৰ বাবে প্ৰধান সচিবগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু বিশেষকৈ এই গোটৰ কাম-কাজত সহায় কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি শ্ৰীমতী মামি মিজুট’ৰীৰ ব্যক্তিগত সহযোগিতাৰ শলাগ লয়। এই কাৰ্যগোষ্ঠীৰ কাৰ্যসূচী গঢ় দিয়াৰ ক্ষেত্ৰত ট্ৰ’ইকা নিয়োজিত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতে ইণ্ডোনেছিয়া, জাপান আৰু মেক্সিকোকে ধৰি পূৰ্বৰ অধ্যক্ষ ৰাষ্ট্ৰসমূহে স্থাপন কৰা ভেটিৰ ওপৰত এই কাৰ্যসূচী আগবঢ়াইছে আৰু ব্ৰাজিলে ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰতো আশাবাদ প্ৰকাশ কৰে। প্ৰধান সচিবগৰাকীয়ে ব্ৰাজিলৰ পৰা সচিব ৱলনেইক বৈঠকত আদৰণি জনোৱাৰ লগতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতাৰ আশ্বাস দিয়ে।

 

প্ৰধান সচিবগৰাকীয়ে কয় যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ যোৱা আঠ মাহত সমগ্ৰ ৰাষ্ট্ৰই অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছে আৰু এতিয়ালৈকে সমগ্ৰ দেশৰ ৫৬টা স্থানত ১৭৭খন বৈঠক অনুষ্ঠিত হৈছে। তেওঁ ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ আভাস পোৱাৰ লগতে আলোচনাত প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰে। “জি-২০ৰ কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ দিশত বহু অগ্ৰগতি হৈছে। ডেৰ মাহৰ পিছত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনখন এক ল্যাণ্ডমাৰ্ক অনুষ্ঠান হ’ব বুলি মই নিশ্চিত। এই ফলাফলত আপোনালোক সকলোৰে অৱদান উল্লেখযোগ্য হ’ব”, প্ৰধান সচিবে সামৰণি মাৰে।

 

এই অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ বিশেষ প্ৰতিনিধি শ্ৰীমতী মামি মিজুট’ৰি; ভাৰতৰ জি-২০ শ্বেৰপা শ্ৰী অমিতাভ কান্ত; জি-২০ৰ সদস্যৰ লগতে অতিথি দেশ; আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ বিষয়াসকল; কাৰ্যগোষ্ঠীৰ অধ্যক্ষ শ্ৰী কমল কিশোৰ; ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান, আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলো আছিল।

 

  • Jitender Kumar Haryana BJP State President June 24, 2024

    🙏🇮🇳
  • Jitender Kumar May 12, 2024

    🇮🇳🙏🆔❤️
  • Jitender Kumar May 12, 2024

    🆔🙏🇮🇳
  • Pankaj Gupta July 29, 2023

    har har modi
  • Babaji Namdeo Palve July 26, 2023

    Bharat Mata Kee Jai
  • Ram Ghoroi July 26, 2023

    জয় ভারত 🇮🇳🇮🇳
  • Lodhi K D . Dhekwar July 26, 2023

    very nice india ke rajkumar
  • prashanth simha July 26, 2023

    Also made a mockery of Oppenheimer.. called him a cry baby, womanizer, leftist, communist, traitor, pitiful character, disturbed, went all out to call him untrustworthy… the Westerners treachery holds no bounds.
  • prashanth simha July 26, 2023

    Christopher Nolan shows in his movie the hero Oppenheimer reading Hindu scriptures while getting laid…. Just tells the mindset & thinking of Westerners. I guess that’s the kind of mind they have…
  • usha rani July 26, 2023

    jai Hind
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
DigiYatra: A shining example of India's innovative DPI model in air travel

Media Coverage

DigiYatra: A shining example of India's innovative DPI model in air travel
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM reviews status and progress of TB Mukt Bharat Abhiyaan
May 13, 2025
QuotePM lauds recent innovations in India’s TB Elimination Strategy which enable shorter treatment, faster diagnosis and better nutrition for TB patients
QuotePM calls for strengthening Jan Bhagidari to drive a whole-of-government and whole-of-society approach towards eliminating TB
QuotePM underscores the importance of cleanliness for TB elimination
QuotePM reviews the recently concluded 100-Day TB Mukt Bharat Abhiyaan and says that it can be accelerated and scaled across the country

Prime Minister Shri Narendra Modi chaired a high-level review meeting on the National TB Elimination Programme (NTEP) at his residence at 7, Lok Kalyan Marg, New Delhi earlier today.

Lauding the significant progress made in early detection and treatment of TB patients in 2024, Prime Minister called for scaling up successful strategies nationwide, reaffirming India’s commitment to eliminate TB from India.

Prime Minister reviewed the recently concluded 100-Day TB Mukt Bharat Abhiyaan covering high-focus districts wherein 12.97 crore vulnerable individuals were screened; 7.19 lakh TB cases detected, including 2.85 lakh asymptomatic TB cases. Over 1 lakh new Ni-kshay Mitras joined the effort during the campaign, which has been a model for Jan Bhagidari that can be accelerated and scaled across the country to drive a whole-of-government and whole-of-society approach.

Prime Minister stressed the need to analyse the trends of TB patients based on urban or rural areas and also based on their occupations. This will help identify groups that need early testing and treatment, especially workers in construction, mining, textile mills, and similar fields. As technology in healthcare improves, Nikshay Mitras (supporters of TB patients) should be encouraged to use technology to connect with TB patients. They can help patients understand the disease and its treatment using interactive and easy-to-use technology.

Prime Minister said that since TB is now curable with regular treatment, there should be less fear and more awareness among the public.

Prime Minister highlighted the importance of cleanliness through Jan Bhagidari as a key step in eliminating TB. He urged efforts to personally reach out to each patient to ensure they get proper treatment.

During the meeting, Prime Minister noted the encouraging findings of the WHO Global TB Report 2024, which affirmed an 18% reduction in TB incidence (from 237 to 195 per lakh population between 2015 and 2023), which is double the global pace; 21% decline in TB mortality (from 28 to 22 per lakh population) and 85% treatment coverage, reflecting the programme’s growing reach and effectiveness.

Prime Minister reviewed key infrastructure enhancements, including expansion of the TB diagnostic network to 8,540 NAAT (Nucleic Acid Amplification Testing) labs and 87 culture & drug susceptibility labs; over 26,700 X-ray units, including 500 AI-enabled handheld X-ray devices, with another 1,000 in the pipeline. The decentralization of all TB services including free screening, diagnosis, treatment and nutrition support at Ayushman Arogya Mandirs was also highlighted.

Prime Minister was apprised of introduction of several new initiatives such as AI driven hand-held X-rays for screening, shorter treatment regimen for drug resistant TB, newer indigenous molecular diagnostics, nutrition interventions and screening & early detection in congregate settings like mines, tea garden, construction sites, urban slums, etc. including nutrition initiatives; Ni-kshay Poshan Yojana DBT payments to 1.28 crore TB patients since 2018 and enhancement of the incentive to ₹1,000 in 2024. Under Ni-kshay Mitra Initiative, 29.4 lakh food baskets have been distributed by 2.55 lakh Ni-kshay Mitras.

The meeting was attended by Union Health Minister Shri Jagat Prakash Nadda, Principal Secretary to PM Dr. P. K. Mishra, Principal Secretary-2 to PM Shri Shaktikanta Das, Adviser to PM Shri Amit Khare, Health Secretary and other senior officials.