Quoteশুভাৰম্ভণিৰ সময়ছোৱাত ভাৰ্চুৱেলী সংযোজিত হ’ব সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩০০০ ৰোধিক ছাইট
Quoteশুভাৰম্ভণিৰ দিনটোত প্ৰতিটো ছাইটতে প্ৰায় ১০০ হিতাধিকাৰীক টিকাদান কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জানুৱাৰী, ২০২১ ৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ টিকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এয়া হ’ব বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম যিয়ে দেশখনৰ ইমূৰৰপৰা সিমূৰলৈ সামৰি ল’ব। শুভাৰম্ভণিৰ সময়ছোৱাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩০০৬ ছেচন ছাইট ভাৰ্চুৱেলী সংযোজিত হ’ব। শুভাৰম্ভণিৰ দিনটোত প্ৰতিটো ছেচন ছাইটতে প্ৰায় ১০০ হিতাধিকাৰীক টিকাদান কৰা হ’ব।

এই টিকাদান কাৰ্যসূচী অগ্ৰাধিকাৰমূলক গ্ৰুপক টিকাদানৰ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু আইচিডিএছ কৰ্মীকে ধৰি চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়ৰে হেল্থ কেয়াৰ কৰ্মীয়ে এই পৰ্যায়ত ভেকচিন লাভ কৰিব।

এই টিকাদান কাৰ্যসূচীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যুগুত কৰি উলিওৱা অনলাইন ডিজিটেল প্লেটফৰ্ম ক’-উইন (Co-WIN) ব্যৱহাৰ কৰা হ’ব, যিয়ে ভেকচিনৰ মজুত, মজুত তাপমান আৰু ক’ভিড-১৯ৰ ভেকচিনৰ অৰ্থে হিতাধিকাৰীসকলৰ স্বতন্ত্ৰ ট্ৰেকিঙৰ সময়োচিত তথ্য লাভ সহজতৰ কৰি তুলিব। এই ডিজিটেল প্লেটফৰ্মে টিকাদান ছেচনসমূহ পৰিচালনাৰ সময়ছোৱাত সকলো স্তৰৰ প্ৰগ্ৰেম মেনেজাৰসকলক সহায় কৰিব।

তদুপৰি ক’ভিড-১৯ মহামাৰী, ভেকচিন প্ৰদান আৰু ক’-উইন ছফ্টৱেৰ সম্পৰ্কীয় প্ৰশ্নৰে মোকাবিলাৰ অৰ্থে এটা সমৰ্পিত ২৪X৭ কল চেন্টাৰ- ১০৭৫ স্থাপন কৰা হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সক্ৰিয় সহযোগিতাত সমগ্ৰ দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিচিল্ড আৰু ক’ভাক্সিন উভয়ৰে যথোচিত পালি ইতিমধ্যে হস্তান্তৰ কৰা হৈছে। এইসমূহ জিলা/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে জিলাসমূহলৈ হস্তান্তৰ কৰিব। জন ভাগিদাৰী মন্ত্ৰৰে এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt

Media Coverage

Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2025
July 22, 2025

Citizens Appreciate Inclusive Development How PM Modi is Empowering Every Indian