Quoteএই তিনিটা প্ৰকল্প ভাৰতৰ সাহায্যৰ সহায়ত সম্পাদন কৰা হৈছে
Quoteপ্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰেল সংযোগ; খুলনা - মংগলা বন্দৰগাহ ৰেল লাইন; আৰু মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ দ্বিতীয় ইউনিট
Quoteএই প্ৰকল্পসমূহে অঞ্চলটোত যাতায়াত ব্যৱস্থা আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১ নৱেম্বৰ ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ সাহায্যত নিৰ্মাণ কৰা তিনিটা উন্নয়নমূলক প্ৰকল্প যুটীয়াভাৱে উদ্বোধন কৰিব। প্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে'ল সংযোগ; খুলনা- মংগলা বন্দৰগাহ ৰেল লাইন; আৰু মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ দ্বিতীয় ইউনিট।

 

আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে'ল সংযোগ প্ৰকল্পটো ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশক প্ৰদান কৰা ৩৯২.৫২ কোটি টকাৰ সাহায্যৰ অধীনত নিৰ্মাণ কৰা হৈছে। বাংলাদেশত ৬.৭৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত গজ ৰেল লাইন আৰু ত্ৰিপুৰাত ৫.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল লাইনৰ সৈতে ৰেল সংযোগৰ মুঠ দৈৰ্ঘ্য হৈছে ১২.২৪ কিলোমিটাৰ।

 

খুলনা-মংগলা বন্দৰগাহ ৰে'ল লাইন প্ৰকল্পটো ভাৰত চৰকাৰৰ ৰেহাই ঋণ সুবিধাৰ অধীনত মুঠ ৩৮৮.৯২ নিযুত আমেৰিকান ডলাৰ প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।। প্ৰকল্পটোত মংগলা বন্দৰ আৰু খুলনাৰ বিদ্যমান ৰেল নেটৱৰ্কৰ মাজত প্ৰায় ৬৫ কিলোমিটাৰ ব্ৰডগজ ৰেল পথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ সৈতে, বাংলাদেশৰ দ্বিতীয় বৃহত্তম বন্দৰগাহ মংগলা ব্ৰডগজ ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ পৰিল।

 

১.৬বিলিয়ন আমেৰিকান ডলাৰৰ ভাৰতীয় ৰেহাইমূলক বিত্তীয় আঁচনি ঋণৰ অধীনত মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্প হৈছে বাংলাদেশৰ খুলনা ডিভিজনৰ ৰামপালত অৱস্থিত ১৩২০ মেগাৱাট (২x৬৬০)ৰ চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্ট (এমএছটিপিপি)। এই প্ৰকল্পটো বাংলাদেশ-ভাৰত মৈত্ৰী শক্তি কোম্পানী (প্ৰাইভেট) লিমিটেড (বিআইএফপিচিএল)ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে, যি হৈছে ভাৰতৰ এনটিপিচি লিমিটেড আৰু বাংলাদেশ পাৱাৰ ডেভেলপমেণ্ট ব'ৰ্ডৰ (বিপিডিবি) মাজত ৫০:৫০ৰ যুটীয়া উদ্যোগ কোম্পানী। ২০২২ চনৰ ছেপ্টেম্বৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ ইউনিট ১ উন্মোচন কৰে আৰু ২০২৩ চনৰ ১ নৱেম্বৰত ইউনিট ২ উদ্বোধন কৰা হ'ব। মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ কাৰ্যকৰীকৰণে বাংলাদেশত শক্তি সুৰক্ষা বৃদ্ধি কৰিব।

 

এই প্ৰকল্পসমূহে অঞ্চলটোত সংযোগ আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিব।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi To Address Global Airlines Meet As CEOs Jostle For Slice Of India’s Aviation Boom

Media Coverage

PM Modi To Address Global Airlines Meet As CEOs Jostle For Slice Of India’s Aviation Boom
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to participate in International Air Transport Association's 81st Annual General Meeting on 2nd June in New Delhi
June 01, 2025
QuoteIATA AGM being held in India after a gap of 42 years
QuotePM to address Global Aviation CEOs

In line with his commitment to developing world-class air infrastructure and enhancing connectivity, Prime Minister Shri Narendra Modi will participate in the International Air Transport Association's (IATA) 81st Annual General Meeting (AGM) on 2nd June, at around 5 PM at Bharat Mandapam in New Delhi. He will also address the gathering on the occasion.

The IATA 81st Annual General Meeting and World Air Transport Summit (WATS) will be held from 1st to 3rd June. The last AGM in India was held 42 years ago in 1983. It brings together more than 1,600 participants including top global aviation industry leaders, government officials and international media representatives.

The World Air Transport Summit will focus on key issues facing the aviation industry including Economics of the Airline industry, Air Connectivity, Energy Security, Sustainable Aviation Fuel Production, Financing Decarbonisation, Innovations among others. The aviation leaders and media representatives from around the world will also get to witness India's remarkable transformation in the aviation landscape and its contribution to the country's socio - economic development.