প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলপাইগুৰি ভ্ৰমণ কৰে৷ তাতে তেওঁ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফালাকাটা-ছালছালাবাৰীৰ চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুন উচ্চ ন্যায়ালৰ ক’ৰ্ট বেঞ্চ মুকলি কৰে৷
ইষ্ট-ৱেষ্ট কৰিডৰৰ ৪১.৭ কিলোমিটাৰ দৈৰ্ঘৰ ফালাকাটা-ছালছালাবাৰী অংশ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্প (এনএইছডিপি)ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নিৰ্মাণ কৰা হ’ব আৰু উত্তৰ পূৰ্বাঞ্চলক সংযোজিত কৰা এক গুৰুত্বপূৰ্ণ পথ৷ এই প্ৰকল্পটো ডিজাইন, বিল্ড, ফাইনেন্স, অপাৰেট আৰু ট্ৰেন্সফাৰ (ডিবিএফঅ’টি)ভিত্তিত ২.৫ বৰ্ষত সমাপ্ত হ’ব৷ এই প্ৰকল্পৰ জৰিয়তে ছালছালবাৰী আৰু আলিপুৰদুৱাৰৰ পৰা শিলিগুড়িলৈ প্ৰায় ৫০ কিলোমিটাৰৰ দৈৰ্ঘ্য হ্ৰাস হ’ব৷
কলকাতা উচ্চ ন্যায়ালয়ৰ জলপাইগুৰিস্থিত চাৰ্কিট বেঞ্চে দাৰ্জিলিং, কালিমপং, জলপাইগুৰি, কোঁচবিহাৰ আৰু উত্তৰ বংগৰ লোকসকলক দ্ৰুত ন্যায় প্ৰদানত সহায় কৰিব৷ এই চাৰিখন জিলাৰ বাসিন্দাই এতিয়া পূৰ্বৰ কলিকতা উচ্চ ন্যায়ালয়লৈ ৬০০ কিলোমিটাৰ যোৱাৰ পৰিৱৰ্তে এতিয়া ১০০ কিলোমিটাৰতে এই সুবিধা লাভ কৰিব পাৰিব৷