প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ডিচেম্বৰ, ২০১৮ত হিমাচলপ্ৰদেশ ভ্ৰমণ কৰিব৷ তেওঁ তাত ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠানত অংশ ল’ব৷ তেওঁ ৰাজ্য চৰকাৰৰ সফলতাৰ আলোকপাত সম্বলিত এক পুস্তিকাও মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কাংগৰা জিলাৰ ধৰমশালাত এক জনসভাতো ভাষণ আগবঢ়াব৷ এই উপলক্ষে বিভিন্ন চৰকাৰী আঁচনিৰ একাংশ হিতাধিকাৰীৰ সৈতেও বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে৷