প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ইষ্ট এছিয়া আৰু আৰচিইপি সন্মিলনত অংশগ্ৰহণ কৰিব৷ ইয়াৰোপৰি তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেন জুৱান ফুক আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও আজি ৰাতি দিল্লীলৈ উভতি অহাৰ পূৰ্বে বৈঠকত মিলিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক ব্যাপক অৰ্থনৈতিক সহযোগিতা অথবা চমুকৈ আৰচিইপিত ভাৰতৰ মধ্যস্থতা সম্পৰ্কে বৰ্ণনা কৰিব৷ আৰচিইপি হ’ল ১০খন আছিয়ান সদস্য তথা আছিয়ানৰ মুক্ত বাণিজ্যিক চুক্তিৰ সহযোগী দেশ অষ্ট্ৰেলিয়া, চীন, ভাৰত, জাপান, কোৰিয়া আৰু নিউজিলেণ্ডৰ মাজত হোৱা এক ব্যাপক চুক্তি৷

বেংকক পোষ্টৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চলিত আৰচিইপি মধ্যস্থতাত ব্যাপক আৰু ভাৰসাম্য ফলাফলত নিজকে প্ৰতিশ্ৰুতিৱদ্ধ কৰি ৰাখিব৷

উল্লেখ্য, ২০১২ চনত কম্বোডিয়াত সূচনা হোৱা আৰচিইপি মধ্যস্থতাত সামগ্ৰী আৰু সেৱা, বিনিয়োগ, বজাৰ অভিগমন, অৰ্থনৈতিক সহযোগিতা আৰু ই-ব্যৱসায় আদি ক্ষেত্ৰসমূহ সামৰি লোৱা হৈছে৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
FTA with UK adds strength to India's hand in other deals: Sunil Mittal

Media Coverage

FTA with UK adds strength to India's hand in other deals: Sunil Mittal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2025
July 24, 2025

Global Pride- How PM Modi’s Leadership Unites India and the World