ওড়িশাৰ কটকস্থিত জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়মাত ২২ ফেব্ৰৱাৰীত এক বিশাল অনুষ্ঠানত প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ শুভাৰম্ভ হ’ব৷
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে বিভিন্ন ক্ৰীড়াৰ এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিব৷
ভাৰত চৰকাৰে ওড়িশা ৰাজ্য চৰকাৰৰ সহযোগত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ আয়োজন কৰিছে৷
অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ ভূৱনেশ্বৰত এই ক্ৰীড়া অনুষ্ঠানটো অনুষ্ঠিত হ’ব৷
বিশ্ববিদ্যালয় পৰ্যায়ত অনুষ্ঠিত এইটোৱেই ভাৰতৰ সৰ্ববৃহৎ প্ৰতিযোগিতা, য’ত দেশৰ ১৫০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৩,৫০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব৷
এই অনুষ্ঠানত আৰ্চাৰী, এথলেটিকছ, বক্সিং, ফেন্সিং, জুডো, সাঁতোৰ, ভাৰত্তোলন, মল্লযুঁজ, বেডমিণ্টন, বাস্কেটবল, ফুটবল, হকী, টেবুল টেনিছ, টেনিছ, ভলীবল, ৰাগবী আৰু কাবাডীকে ধৰি ১৭ শিতানৰ খেল অনুষ্ঠিত হ’ব৷ বিশ্ববিদ্যালয় পৰ্যায়ত ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে এই আকাংক্ষামুলক খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে তেওঁলোকক ক্ৰীড়া আৰু শিক্ষাৰ মাজত ভাৰসাম্যতা বিচাৰি উলিওৱাত সহায় কৰা৷
ভাৰতত তৃণমুল পৰ্যায়ত ক্ৰীড়া সংস্কৃতি পুনৰুজ্জীৱিত কৰাৰ মানসেৰে দেশত সকলো ক্ৰীড়াৰ এক শক্তিশালী পৰিকাঠামো গঢ়ি তুলি ভাৰতক মহান ক্ৰীড়াৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এই খেলো ইণ্ডিয়া কাৰ্যসুচীৰ শুভাৰম্ভ কৰিছিল৷
ভাৰত চৰকাৰে ২০১৮ত সফলতাৰে খেলো ইণ্ডিয়া স্কুল গেমছ আৰু ২০১৯ আৰু ২০২০ত নেচনেল য়ুথ গেমছ অনুষ্ঠিত কৰে৷