প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰ ২০১৯ তাৰিখে বিজ্ঞান ভৱনত অনুষ্ঠিত আৰোগ্য মন্থন অনুষ্ঠানৰ সমাপন অনুষ্ঠানত সভাপতিত্ব কৰিব৷ আয়ুষ্মান ভাৰত পি এম–জে এ ৱাইৰ এবছৰীয়া বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে দুদিনীয়াকৈ আৰোগ্য মন্থন শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে৷
সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ এক নতুন ম’বাইল এপ্লিকেচন মুকলি কৰিব৷ তাৰোপৰি তেওঁ ‘আয়ুষ্মান ভাৰত ষ্টাৰ্ট–আপ গ্ৰেণ্ড চেলেঞ্জ’’ মুকলি কৰি অনুষ্ঠানটোত এক স্মাৰক ডাক–টিকটো মুকলি কৰিব৷
প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত পি এম–জে এ ৱাইৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ সৈতে মত–বিনিময় কৰিব৷ তেওঁ যোৱা এবছৰত আঁচনিটোৰ পৰিক্ৰমা প্ৰদৰ্শিত কৰা পি এম–জে এ ৱাইৰ এক প্ৰদৰ্শনীও দৰ্শন কৰিব৷
আৰোগ্য মন্থনৰ প্ৰধান উদ্দেশ্য হ’ল পি এম–জে এ ৱাইৰ সকলো গুৰুত্বপূৰ্ণ ষ্টেকহ’ল্ডাৰসকলক সমবেত কৰি যোৱা বছৰটোত আঁচনিটোৰ প্ৰণয়নত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আলোচনা কৰা আৰু ইয়াৰ ৰূপায়ণ উন্নত কৰাৰ দিশত নতুন পথ নিৰূপণ কৰা৷ অনুষ্ঠানটোত আৰোগ্য মন্থৰ প্ৰধান পৰামৰ্শসমূহ উপস্থাপন কৰা হ’ব৷
উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ ২০১৮ তাৰিখে আয়ুষ্মান ভাৰত পি এম–জে এ ৱাই আঁচনি মুকলি কৰিছিল৷