প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৫ জানুৱাৰী, ২০১৯ত কেৰালাৰ কোল্লাম আৰু তিৰুৱন্তপুৰমভ্ৰমণ কৰিব৷

কোল্লামত প্ৰধানমন্ত্ৰীয়ে ৬৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোল্লাম বাইপাছ মুকলি কৰিব৷ ৩৫২ কোটি টকা প্ৰকল্প ব্যয়েৰেনিৰ্মাণ কৰা দ্বৈতপথযুক্ত পথটোৰ দৈৰ্ঘ্য ১৩ কিলোমিটাৰ৷ ইয়াৰে ভিতৰত অষ্টমুদী হ্ৰদৰ ওপৰত সৰ্বমুঠ ১,৫৪০মিটাৰ দৈৰ্ঘ্যৰ তিনিখন প্ৰধান দলঙো অন্তৰ্ভূক্ত আছে৷ এই প্ৰকল্পই আলাপ্পুঝা আৰু তিৰুৱন্তপুৰমৰ মাজৰভ্ৰমণৰ সময়ৰ লগতে কোল্লাম চহৰৰ ব্যাপক যানজঁটৰ সমস্যাও হ্ৰাস কৰিব৷

তিৰুৱন্তপুৰমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মনাভস্বামী মন্দিৰ পৰিদৰ্শন কৰিব৷ এই উপলক্ষে তেওঁপৰ্যটকৰ হকে কেতবোৰ সা–সুবিধাৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি এখনি নামফলকো মুকলি কৰাৰ সম্ভাৱনাআছে৷

উল্লেখ্য যে এয়া প্ৰধানমন্ত্ৰীৰ তৃতীয়টো চৰকাৰী কোল্লাম ভ্ৰমণ হ’ব৷ ২০১৫ৰ ডিচেম্বৰত প্ৰথমবাৰলৈ তেওঁচহৰখন ভ্ৰমণ কৰাৰ সময়ত আৰ. শংকৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল৷ সমান্তৰালভাৱে, ২০১৬ৰ এপ্ৰিলতবিধ্বংসী অগ্নিকাণ্ডৰ কেইঘণ্টামানৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কোল্লাম ভ্ৰমণ কৰিছিল৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Budget touches all four key engines of growth: India Inc

Media Coverage

Budget touches all four key engines of growth: India Inc
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2025
February 03, 2025

Citizens Appreciate PM Modi for Advancing Holistic and Inclusive Growth in all Sectors