প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা কোৰিয়া গণৰাজ্যৰ নিৰ্বাচিত-ৰাষ্ট্ৰপতি মহামহিম ইউন চুক-ইয়লৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
প্ৰধানমন্ত্ৰীয়ে শেহতীয়া কোৰিয়া গণৰাজ্য (ROK) ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে মহামহিম ইউনক অভিনন্দন জনায়।
নেতাদ্বয়ে সাম্প্ৰতিক বৈশ্বিক প্ৰেক্ষাপটকে প্ৰমুখ্য কৰি ভাৰত-কোৰিয়াৰ বিশেষ কৌশলগত অংশীদাৰিত্ব অধিক বিস্তৃত আৰু গভীৰ কৰাৰ গুৰুত্বৰ ওপৰত সহমত পোষণ কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিতকৰণৰ সম্ভাৱনা আগবঢ়োৱা বিভিন্ন খণ্ড সম্পৰ্কে আলোচনা আৰু এই উদ্দেশ্যৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে।
নেতা দুজনে অহা বৰ্ষত ভাৰত আৰু আৰঅ'কেৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ সংখ্যক বাৰ্ষিকী যুটীয়াভাৱে উদযাপনৰ ইচ্ছাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে মহামহিম ইউনক সুবিধা অনুযায়ী সোনকালেই ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।