পৰক্ৰম দিৱসৰূপে উদযাপিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত আজি নতুন দিল্লীৰ সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ বন্ধু-বান্ধৱীৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কি বুলি সোধা প্ৰশ্নত এজন ছাত্ৰই আত্মবিশ্বাসেৰে উত্তৰ দিয়ে যে ভাৰতক উন্নত ৰাষ্ট্ৰ (বিকশিত ভাৰত) কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰতহে কিয় বুলি সোধাত আন এজন ছাত্ৰই উত্তৰ দিলে যে “যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়ালৈকে আমাৰ বৰ্তমানৰ প্ৰজন্মই জাতিটোৰ সেৱা কaৰিবলৈ সাজু হ’ব”।

 

|

ইয়াৰ পাছত শ্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দিনটোৰ গুৰুত্বৰ বিষয়ে সোধাত তেওঁলোকে কয় যে ওড়িশাৰ কটকত জন্মগ্ৰহণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি জন্ম বাৰ্ষিকী। শ্ৰী মোদীয়ে কয় যে নেতাজী বসুৰ জয়ন্তী উদযাপনৰ বাবে কটকত এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তাৰ পিছত তেওঁ আন এগৰাকী শিক্ষাৰ্থীক সুধিলে যে নেতাজীৰ কোনটো কথাই তেওঁক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে, ইয়াৰ উত্তৰত তেওঁ কয়, "মোক তেজ দিয়ক আৰু মই আপোনাক স্বাধীনতাৰ প্ৰতিশ্ৰুতি দিছো"। শিক্ষাৰ্থীগৰাকীয়ে লগতে কয় যে নেতাজী বসুৱে নিজৰ দেশক সকলোতকৈ ওপৰত ৰাখি প্ৰকৃত নেতৃত্ব প্ৰদৰ্শন কৰিলে আৰু এই সমৰ্পিত মনোভাবে আমাক বহুত অনুপ্ৰাণিত কৰে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে এই প্ৰেৰণাৰে তুমি কি কাম কৰিবা বুলি সোধাত ছাত্ৰীগৰাকীয়ে উত্তৰ দিলে যে তেওঁ দেশত কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰিবলৈ অনুপ্ৰাণিত হৈছে, যিটো বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি) এটা অংশ। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক প্ৰশ্ন কৰে যে ভাৰতত কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, ইয়াৰ উত্তৰত তেওঁ কয় যে বৈদ্যুতিক বাহন আৰু বাছৰ প্ৰৱৰ্তন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১২০০ৰো অধিক বৈদ্যুতিক বাছ দিল্লীত চলি আছে আৰু অধিক এনে বাছ প্ৰৱৰ্তন কৰা হ’ব।

 

|

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ এবিধ সঁজুলিৰূপে লোৱা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে, যিয়ে সৌৰশক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিব, যাৰ ফলত বিদ্যুতৰ বিল পৰিশোধৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব। তেওঁ লগতে কয় যে উৎপাদিত বিদ্যুতৰ সহায়ত ই-বাহন চাৰ্জ কৰিব পৰা যাব, যাৰ ফলত জীৱাশ্ম ইন্ধনৰ ব্যয় হ্ৰাস পাব আৰু প্ৰদূষণ ৰোধ হ’ব। শ্ৰী মোদীয়ে লগতে শিক্ষাৰ্থীসকলক অৱগত কৰায় যে ব্যক্তিগত ব্যৱহাৰৰ পিছত ঘৰত উৎপাদিত অতিৰিক্ত বিদ্যুৎ চৰকাৰক বিক্ৰী কৰিব পাৰি, এয়া তোমালোকৰ পৰা ক্ৰয় কৰা হব আৰু আৰ্থিক ক্ষতিপূৰণ দিব। তেওঁ কয় যে ইয়াৰ অৰ্থ হ’ল তোমালোকে ঘৰতে বিদ্যুৎ উৎপাদন কৰিব পাৰিবা আৰু লাভৰ বাবে ইয়াক বিক্ৰীও কৰিব পাৰিবা।

 

 

|

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Virudthan June 01, 2025

    🌺🌺🌹🌺ஓம் கணபதி போற்றி🌺🌹🌹🌺ஓம் முருகா🙏ஓம் முருகா🙏 🍁🔴🍑🌹🌹🌹🌹🍎🍅🌺🍁🎄🥝🍏🥦🥒🫒🍍🍪🥞🍊🍒🥑🥬🌽🚩🍉🧀🍠🥮
  • Virudthan June 01, 2025

    🌹🌺ஓம் கணபதி போற்றி🌹🌺 ஓம் கணபதி போற்றி🌹🌺 ஓம் முருகா போற்றி🌺🌹 ஓம் முருகா போற்றி🌹🌺
  • Jitendra Kumar April 23, 2025

    ❤️🙏🇮🇳🙏
  • Ratnesh Pandey April 10, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Kiran jain April 05, 2025

    jay shree ram
  • Dharam singh April 02, 2025

    जय श्री राम जय जय श्री राम
  • Dharam singh April 02, 2025

    जय श्री राम
  • Kukho10 April 01, 2025

    PM NAMO for Viksit Bharat 3.0!
  • Jitendra Kumar March 14, 2025

    🇮🇳🙏❤️
  • கார்த்திக் March 03, 2025

    Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🙏🏻
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
11 years on, Bharat is stronger and more inclusive

Media Coverage

11 years on, Bharat is stronger and more inclusive
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Alberta, Canada
June 17, 2025

Prime Minister Narendra Modi arrived in Canada a short while ago. He will take part in the G7 Summit.