Quoteৰাজ কাপুৰে ভাৰতৰ ছফ্ট পাৱাৰ সেই সময়ত প্ৰতিষ্ঠা কৰিছিল যেতিয়া এই শব্দটো উদ্ভাৱনেই কৰা হোৱা নাছিল: প্ৰধানমন্ত্ৰী
Quoteমধ্য এছিয়াত ভাৰতীয় চিনেমাৰ বাবে থকা অপৰিসীম সম্ভাৱনাক বিকশাই তোলাৰ দিশত কাম কৰাৰ প্রয়োজন আছে, মধ্য এছিয়াত নতুন প্রজন্মৰ কাষ চাপিবলৈ প্রয়াস কৰা উচিত: প্রধানমন্ত্রী

মহান ৰাজ কাপুৰৰ ১০০ সংখ্যক জয়ন্তী উপলক্ষে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ সৈতে ভাবপূৰ্ণ বাৰ্তালাপ কৰে। এই বিশেষ বৈঠকত ভাৰতীয় চিনেমালৈ আগবঢ়োৱা ৰাজ কাপুৰৰ অনন্য অৱদান আৰু তেওঁৰ চিৰস্থায়ী ঐতিহ্যক সন্মানিত কৰা হয়। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালৰ সৈতে মুকলিকৈ মত বিনিময় কৰে।

 

|

ৰাজ কাপুৰ ডাঙৰীয়াৰ কন্যা শ্ৰীমতী ৰীমা কাপুৰে ৰাজ কাপুৰৰ আগন্তুক শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে কাপুৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ বহুমূলীয়া সময় উলিওৱা বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমতী কাপুৰে ৰাজ কাপুৰৰ এখন ছবিৰ গীতৰ কেইটামান শাৰী শুনায় আৰু কয় যে সমগ্ৰ ভাৰত শ্ৰী মোদীয়ে কাপুৰ পৰিয়ালক দিয়া মৰম, উষ্ণতা আৰু সন্মানৰ সাক্ষী হ’ব। শ্ৰী ৰাজ কাপুৰৰ মহান অৱদানৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালক আদৰণি জনায়।

শ্ৰী মোদীয়ে কয় যে ৰাজ কাপুৰৰ ১০০ সংখ্যক জয়ন্তী উদযাপন ভাৰতীয় চলচ্চিত্ৰ জগতৰ সোণালী যাত্ৰাৰ কাহিনীৰ প্ৰতীক। তেওঁ কয় যে ‘নীল কমল’ ছবিখন ১৯৪৭ চনত নিৰ্মাণ হৈছিল আৰু এতিয়া আমি ২০৪৭ চনৰ দিশে আগবাঢ়িছোঁ আৰু এই ১০০ বছৰৰ ভিতৰত তেওঁৰ অৱদান অতি গুৰুত্বপূৰ্ণ। কূটনীতিৰ সন্দৰ্ভত ব্যৱহৃত ‘ছফ্ট পাৱাৰ’ শব্দৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাজ কাপুৰে সেই সময়ত ভাৰতৰ ছফ্ট পাৱাৰ প্ৰতিষ্ঠা কৰিছিল যেতিয়া এই শব্দটোৰ উদ্ভাৱনেই হোৱা নাছিল। তেওঁ কয় যে ভাৰতৰ সেৱাত এয়া ৰাজ কাপুৰৰ এক বৃহৎ অৱদান।

 

|

প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালক অনুৰোধ জনায় যে ৰাজ কাপুৰক লৈ বিশেষভাৱে মধ্য এছিয়াক কেন্দ্ৰ কৰি এখন ছবি নিৰ্মাণ কৰক, যি ইমান বছৰৰ পাছতো তাত থকা জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। তেওঁ কয় যে ৰাজ কাপুৰৰ তেওঁৰ জীৱনত প্ৰভাৱ পৰিছিল। শ্ৰী মোদীয়ে পৰিয়ালটোক কয় যে মধ্য এছিয়াত ভাৰতীয় চিনেমাৰ বহু সম্ভাৱনা আছে আৰু ইয়াক বিকশাই তোলাৰ দিশত কাম কৰাৰ প্ৰয়োজন আছে। তেওঁ কয় যে আমি মধ্য এছিয়াত নতুন প্ৰজন্মলৈ ইয়াক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাব লাগে আৰু তেওঁ পৰিয়ালটোক এনে এখন ছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনায় যিয়ে এটা সংযোগ হিচাপে কাম কৰিব।

 

|

সমগ্ৰ বিশ্বৰ পৰা লাভ কৰা মৰম আৰু খ্যাতিক স্বীকাৰ কৰি শ্ৰীমতী ৰীমা কাপুৰে কয় যে ৰাজ কাপুৰ ডাঙৰীয়াক ‘সাংস্কৃতিক ৰাষ্ট্ৰদূত’ বুলি ক’ব পাৰি আৰু তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰ ‘গ্ল’বেল এম্বেছাদৰ’ বুলি প্ৰশংসা কৰি কয় যে সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰীক লৈ গৌৰৱ কৰে। শ্ৰী মোদীয়ে জোৰ দি কয় যে আজি দেশৰ প্ৰতিপত্তি বহু পৰিমাণে বৃদ্ধি পাইছে আৰু যোগক এটা উদাহৰণ হিচাপে উপস্থাপন ধৰিলে যিটো সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। তেওঁ আৰু কয় যে তেওঁ আন দেশৰ নেতাসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত যোগ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে গৱেষণা এক আকৰ্ষণীয় কাম, যাৰ প্ৰক্ৰিয়া শিক্ষণৰ জৰিয়তে উপভোগ কৰিব পাৰি। তেওঁ ৰাজ কাপুৰ ডাঙৰীয়াৰ নাতি শ্ৰীযুত অৰমান জৈনক ৰাজ কাপুৰৰ ওপৰত গৱেষণাৰ অন্তত এখন ছবি নিৰ্মাণ কৰাৰ বাবে অভিনন্দন জনায়, যাৰ জৰিয়তে তেওঁ নিজৰ ককাকৰ জীৱন যাত্ৰা জীয়াবলৈ সুযোগ পালে।

 

|

চিনেমাৰ শক্তিৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে এটা ঘটনাৰ কথা উল্লেখ কৰে যেতিয়া তৎকালীন জন সংঘ পাৰ্টি দিল্লীত নিৰ্বাচনত পৰাস্ত হৈছিল। তেতিয়া নেতাসকলে ৰাজ কাপুৰৰ ছবি ‘ফিৰ সুবহ হোগী’ চাবলৈ সিদ্ধান্ত লয়। তেওঁ কয় যে দলটোৱে এতিয়া পুনৰ প্ৰভাত দেখা পাইছে। শ্ৰী মোদীয়ে এটা ঘটনাৰ কথাও স্মৰণ কৰে যেতিয়া তেওঁ চীনত বাজি থকা এটা গীতৰ ৰেকৰ্ডিং শ্ৰী ঋষি কাপুৰলৈ পঠিয়াইছিল, যিটোৱে তেওঁক অতিশয় আনন্দিত কৰিছিল।

 

|

শ্ৰী ৰণবীৰ কাপুৰে প্ৰধানমন্ত্ৰীক কয় যে কাপুৰ পৰিয়ালে ২০২৪ চনৰ ১৩, ১৪ আৰু ১৫ ডিচেম্বৰত ৰাজ কাপুৰৰ ওপৰত এটা ৰেট্ৰ’স্পেকটিভ শ্ব’ কৰিবলৈ ওলাইছে। তেওঁ ভাৰত চৰকাৰ, এনএফডিচি আৰু এনএফএআইক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে পৰিয়ালটোৱে তেওঁৰ ১০খন ছবি দিছে আৰু ইয়াৰ অডিঅ’ আৰু ভিজুৱেল পুনৰুদ্ধাৰ কৰা হৈছে, যাক সমগ্ৰ ভাৰতৰ প্ৰায় ৪০খন চহৰৰ ১৬০টা ছবিগৃহত প্ৰদৰ্শিত কৰা হ’ব। শ্ৰী কাপুৰে প্ৰধানমন্ত্ৰীক কয় যে প্ৰিমিয়াৰ শ্ব’ ১৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে, তেওঁ সমগ্ৰ চলচ্চিত্ৰ উদ্যোগক আমন্ত্ৰণ জনাইছে।

 

Click here to read full text speech

  • DASARI SAISIMHA February 25, 2025

    🪷
  • Dinesh sahu February 24, 2025

    मजबूत मोदी जी का मजबूत सिपाही हूं। अगर मुझे राष्ट्रीय अध्यक्ष बनाया गया तो मै भाजपा को सूपर नेतृत्व दूंगा, अबकी बार चार सौ पार का वचन भाजपा को देता हूं। कार्यकर्ता समृद्ध और युद्ध स्तर पर जनता की सेवा में लगे होने का नित्य नये रोचक जनकल्याण के कार्यक्रम बनेंगे, हमारे होनहार कार्यकर्ताओं का एक सेकण्ड भी दुरूपयोग नहीं होने दूंगा। जनता हमारी अन्नदाता है अभियान चलेगा और हमारे शासित प्रदेश समस्या मुक्त होंगे। वचन 1. सम्पूर्ण भारत में शिक्षित युवाओं को सौ फ़ीसदी रोजगार गारंटी के साथ। जहां जहां भाजपा, वहां वहां सुखी प्रजा का अभियान चलाकर समस्या मुक्त भाजपा शासित प्रदेश बनाऊंगा। मजबूत मोदी जी का मजबूत सिपाही हूं, मेरा राष्ट्रिय अध्यक्ष बनना अर्थात अगली बार चार सौ पार के आकड़े को छूना। वन्देमातरम। दिनेश साहू ,9425873602
  • kranthi modi February 22, 2025

    ram ram 🚩🙏
  • Jayanta Kumar Bhadra February 18, 2025

    om 🕉 🕉 🕉 namaste namaste
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Vivek Kumar Gupta February 09, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 09, 2025

    नमो ......................🙏🙏🙏🙏🙏
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
  • Jagdish giri February 08, 2025

    🙏🙏🙏
  • kshiresh Mahakur February 06, 2025

    11
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Manufacturing sector pushes India's industrial output growth to 5% in Jan

Media Coverage

Manufacturing sector pushes India's industrial output growth to 5% in Jan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of Dr. Shankar Rao Tatwawadi Ji
March 13, 2025

The Prime Minister, Shri Narendra Modi condoled passing of Dr. Shankar Rao Tatwawadi Ji, today. Shri Modi stated that Dr. Shankar Rao Tatwawadi Ji will be remembered for his extensive contribution to nation-building and India's cultural regeneration."I consider myself fortunate to have interacted with him on several occasions, both in India and overseas. His ideological clarity and meticulous style of working always stood out" Shri Modi added.

The Prime Minister posted on X :

"Pained by the passing away of Dr. Shankar Rao Tatwawadi Ji. He will be remembered for his extensive contribution to nation-building and India's cultural regeneration. He dedicated himself to RSS and made a mark by furthering its global outreach. He was also a distinguished scholar, always encouraging a spirit of enquiry among the youth. Students and scholars fondly recall his association with BHU. His various passions included science, Sanskrit and spirituality.

I consider myself fortunate to have interacted with him on several occasions, both in India and overseas. His ideological clarity and meticulous style of working always stood out.

Om Shanti