প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আগন্তুক ভ্ৰমণৰ পূৰ্বে নাইজেৰিয়াত হিন্দী অনুৰাগীসকলৰ উষ্ম আদৰণিৰ বাবে উল্লাস আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। শেহতীয়াকৈ এক্সত এটা পোষ্টত তেওঁ নিজৰ এই ভ্ৰমণক লৈ উৎসাহ প্ৰকাশ কৰি লিখিছে -
"নাইজেৰিয়াৰ হিন্দী প্ৰেমীসকলে মই তালৈ যোৱাৰ বাবে যিদৰে উৎসাহ প্ৰকাশ কৰিছে সেয়া হৃদয়স্পৰ্শী! এই ভ্ৰমণক লৈ মই অতি উৎসাহিত হৈ আছো।"
नाइजीरिया के हिन्दी प्रेमियों ने जिस प्रकार वहां के मेरे दौरे को लेकर उत्साह दिखाया है, वो हृदय को छू गया है! अपनी इस यात्रा को लेकर बहुत उत्सुक हूं। @MEAIndia@NigeriaMFA https://t.co/KtQJYUFjty
— Narendra Modi (@narendramodi) November 14, 2024
উল্লেখ্য যে নাইজেৰিয়াস্থিত ভাৰতীয় উচ্চায়ুক্তৰ অফিচিয়েল একাউণ্ট @india_nigeria ৰ এটা পোষ্টৰ উত্তৰত তেওঁ নিজৰ বাৰ্তা পোষ্ট কৰি লিখিছে, য’ত নাইজেৰিয়াৰ এগৰাকী নাগৰিকে প্ৰধানমন্ত্ৰীক হিন্দী ভাষাত আদৰণি জনোৱা দেখা গৈছে। স্মৰ্তব্য যে প্ৰধানমন্ত্ৰীয়ে ১৬-১৭ নৱেম্বৰ, ২০২৪ তাৰিখে নাইজেৰিয়ালৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে যাব।