প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যাপক এম. এছ. নৰসিংহনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ
‘অধ্যাপক এম. এছ. নৰসিংহনক এগৰাকী অসাধৰণ গণিতজ্ঞ হিচাপে স্মৰণ কৰা হ’ব, যিয়ে বিশ্বজুৰি এক অভূতপূৰ্ব প্ৰভাৱ পেলাইছিল।গণিতৰ বাহিৰেও তেওঁ এনে কিছু কাম কৰিছিল যিয়ে তেওঁক এক সুকীয়া পৰিচিতি প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছোঁ। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।’
Professor M. S. Narasimhan will be remembered as an exemplary mathematician, who made a phenomenal impact worldwide. He also made a mark for his work beyond mathematics. Saddened by his demise. Condolences to his family and friends. Om Shanti.
— Narendra Modi (@narendramodi) May 16, 2021