প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাধৱা নৱমী উপলক্ষে শ্ৰী মাধৱাচাৰ্যলৈ প্ৰণাম জনাইছে৷ এই উপলক্ষে তেওঁ ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত জগতগুৰু মাধৱাচাৰ্যৰ সাতশ বছৰীয়া উদযাপন অনুষ্ঠানত আগবঢ়োৱা ভাষণ শ্বেয়াৰ কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মাধৱা নৱমী উপলক্ষে মই শ্ৰী মাধৱাচাৰ্যৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো৷ তেওঁৰ আধ্যাত্মিক আৰু সামাজিক উন্নয়নৰ বাৰ্তাই প্ৰতিটো প্ৰজন্মক প্ৰেৰণা যোগাই থাকিব৷ শ্ৰী মাধৱাচাৰ্যৰ সন্দৰ্ভত মই আগবঢ়োৱা এক ভাষণ শ্বেয়াৰ কৰিলো৷”
On the holy occasion of Madhwa Navami, I pay my respectful obeisances to Sri Madhwacharya.
— Narendra Modi (@narendramodi) February 10, 2022
His noble message of spiritual and social upliftment will keep inspiring generations. Here is a speech I had given on Sri Madhwacharya. https://t.co/JFJV8R62tz