প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে আজি জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফুমিঅ’ কিশিদাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী কিশিদাক একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে জনোৱা অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে তেওঁৰ তৃতীয় কাৰ্যকালতো জাপানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কই অগ্ৰাধিকাৰ লাভ কৰি থাকিব। ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব দশম বছৰত ভৰি দিয়া বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই এই সম্পৰ্কত হোৱা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে সহযোগিতা আৰু গভীৰ কৰাৰ উপায়, নতুন আৰু উদীয়মান ক্ষেত্ৰসমূহ সংযোজন আৰু বি টু বি আৰু পি টু পি সহযোগিতা শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে।

ভাৰত আৰু জাপানে ভাৰতত গতিশীলতাৰ পৰৱৰ্তী পৰ্যায়ৰ সূচনা কৰিব পৰা উল্লেখযোগ্য মুম্বাই-আহমেদাবাদ হাই স্পীড ৰেল প্ৰকল্প, ২০২২-২০২৭ চনৰ সময়ছোৱাত ভাৰতত ৫ ট্ৰিলিয়ন য়েন মূল্যৰ জাপানী বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ আৰু ভাৰতকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বৈঠকত চলিত সহযোগিতাৰ কিছু কামৰ পৰ্যালোচনা কৰে৷

দুয়োগৰাকী নেতাই পৰৱৰ্তী ভাৰত-জাপান বাৰ্ষিক সন্মিলনত আলোচনা অব্যাহত ৰাখিবলৈ আগ্ৰহী বুলি জনাই।

 

 

  • Vivek Kumar Gupta August 30, 2024

    नमो ...🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta August 30, 2024

    नमो .......................🙏🙏🙏🙏🙏
  • Aseem Goel August 26, 2024

    Jai Sri Krishna
  • Sandeep Pathak August 22, 2024

    jai shree Ram
  • Rajpal Singh August 10, 2024

    🙏🏻🙏🏻
  • Vimlesh Mishra July 22, 2024

    jai mata di
  • Priti singh July 20, 2024

    वन्दे मातरम् 🙏
  • Dr Swapna Verma July 11, 2024

    bjp2.6
  • Pradhuman Singh Tomar July 09, 2024

    BJP 2.6
  • Dr Mukesh Ludanan July 02, 2024

    Jai ho
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
UER-II Inauguration: Developers See Big Boost For Dwarka Expressway, NCR Realty

Media Coverage

UER-II Inauguration: Developers See Big Boost For Dwarka Expressway, NCR Realty
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Madhya Pradesh Chief Minister meets PM Modi
August 18, 2025