প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত মাৰ্কিন বিনিয়োগকাৰী, লেখক আৰু ব্ৰিজ ৱাটাৰ এছ'চিয়েটছৰ হেজ ফাণ্ডৰ সহ-প্ৰতিষ্ঠাপক শ্ৰী ৰে ডালিঅ'ক সাক্ষাৎ কৰে।
শ্ৰীযুত ডালিঅ'ৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংস্কাৰৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত আছে আইনী বাধ্যবাধকতাৰ বোজা হ্ৰাস কৰা আৰু বৃহৎ সংখ্যক আইনী ব্যৱস্থাক অপৰাধমূলক তালিকাৰ পৰা কৰ্তন কৰা। প্ৰধানমন্ত্ৰীয়ে ভাৰতত অধিক বিনিয়োগৰ বাবে শ্ৰীযুত ডালিঅ'ক আমন্ত্ৰণ জনায়।
Met my friend, the distinguished author and investor @RayDalio. Urged him to deepen investments in India and also talked about the reform trajectory of our Government. pic.twitter.com/sgM9JSPtQn
— Narendra Modi (@narendramodi) June 21, 2023