প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আমেৰিকাৰ আগশাৰীৰ জ্যোতিৰ্বিজ্ঞানী, লেখক আৰু বিজ্ঞান প্ৰবক্তা নীল ডি গ্ৰাছ টাইছনক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী আৰু শ্ৰীযুত টাইছনে যুৱপ্ৰজন্মৰ মাজত বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ বিষয়ে মত বিনিময় কৰে। ভাৰতৰ তত্ত্বাৱধানত গৃহীত বিভিন্ন মহাকাশ অন্বেষণ অভিযানকে ধৰি মহাকাশ খণ্ডত ভাৰতৰ দ্ৰুত অগ্ৰগতিৰ বিষয়ে দুয়োগৰাকীয়ে বিস্তাৰিতভাৱে আলোচনা কৰে।
ভাৰতৰ নতুন ৰাষ্ট্ৰীয় মহাকাশ নীতিৰ অধীনত ব্যক্তিগত খণ্ডৰ সম্ভাৱনা আৰু শিক্ষা সংক্ৰান্তীয় সহযোগিতাৰ বিষয়েও প্ৰধানমন্ত্ৰী আৰু শ্ৰীযুত টাইছনে আলোচনা কৰে।
Talked space, science and related issues with @neiltyson. Highlighted steps India is taking to reform the space sector and draw more youngsters towards science as well as innovation. pic.twitter.com/aeOuXEjEau
— Narendra Modi (@narendramodi) June 21, 2023