ৰাষ্ট্ৰপতি বাইডেনে তেওঁৰ গৃহচহৰ উইলমিংটনত আয়োজন কৰা ‘কোৱাড সন্মিলন’ত অংশগ্ৰহণ কৰিবলৈ আৰু নিউয়ৰ্কত ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ’ৰ ‘ভৱিষ্য সন্মিলন’ত ভাষণ দিবলৈ বুলি মই আজি তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচী আৰম্ভ কৰিছোঁ।

মই মোৰ সতীৰ্থ ৰাষ্ট্ৰপতি বাইডেন, প্ৰধানমন্ত্ৰী এলবানিজ আৰু প্ৰধানমন্ত্ৰী কিছিদাৰ সৈতে ‘কোৱাড সন্মিলন’ত মিলিত হ’বলৈ আশাৰে বাট চাইছোঁ। ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে কাম কৰাৰ বাবে সমমনস্কৰ দেশসমূহৰ এক গুৰুত্বপূৰ্ণ গোট হিচাপে মঞ্চখনে আত্মপ্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে মোৰ বৈঠকে আমাৰ জনসাধাৰণ আৰু বিশ্বৰ কল্যাণৰ বাবে ‘ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব’ অধিক প্ৰগাঢ় কৰাৰ বাবে নতুন পথসমূহ পুনৰীক্ষণ আৰু চিনাক্ত কৰিবলৈ অনুমতি প্ৰদান কৰিব।

বিশ্বৰ সৰ্ববৃহৎ আৰু পুৰণি গণতন্ত্ৰকেইখনৰ মাজৰ অনন্য অংশীদাৰিত্বত উচ্চলতা প্ৰদান কৰাত মুখ্য ভূমিকা পালন কৰা প্ৰবাসী ভাৰতীয় আৰু গুৰুত্বপূৰ্ণ আমেৰিকান ব্যৱসায়িক নেতাসকলৰ সৈতে মিলিত হ'বলৈ মই পৰম আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।

‘ভৱিষ্য সন্মিলন’ হৈছে বিশ্ব সম্প্ৰদায়ৰ বাবে মানৱতাৰ উত্তৰণৰ আগন্তুক পথ নিৰ্ধাৰণ কৰাৰ এক সুযোগ। এই সন্মিলনত মই মানৱতাৰ এক ষষ্ঠাংশৰ মতামত প্ৰকাশ কৰিম, কিয়নো শান্তিপূৰ্ণ আৰু সুৰক্ষিত ভৱিষ্যতত তেওঁলোকৰ অংশীদাৰিত্ব হ’ব বিশ্বৰ ভিতৰতে সৰ্বাধিক।

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's Q3 GDP grows at 6.2%, FY25 forecast revised to 6.5%: Govt

Media Coverage

India's Q3 GDP grows at 6.2%, FY25 forecast revised to 6.5%: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মাৰ্চ 2025
March 01, 2025

PM Modi's Efforts Accelerating India’s Growth and Recognition Globally