মহামান্য,

উদ্যোগ ক্ষেত্ৰৰ নেতৃবৃন্দ,

বিশিষ্ট অতিথিসকল,

 

আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।

 

আমি সকলোৱে এক অংশীদাৰী প্ৰতিশ্ৰুতিৰ দ্বাৰা সংযুক্ত হৈ আছো– ‘গ্লোবেল নেট জিৰো.নেট জিৰো’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু উদ্যোগক্ষেত্ৰৰ মাজত অংশীদাৰিত্ব অতিকে গুৰুত্বপূৰ্ণ। আৰু, ঔদ্যোগিক উদ্ভাৱন হৈছে এক গুৰুত্বপূৰ্ণ অনুঘটক। উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট, অৰ্থাৎ ‘লীড-আইটি’ হৈছে গ্ৰহটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চৰকাৰ আৰু উদ্যোগখণ্ডৰ মাজত অংশীদাৰিত্বৰ এক সফল উদাহৰণ।

 

২০১৯ চনত আৰম্ভ হোৱা ‘লীড-আইটি’ হৈছে উদ্যোগৰ পৰিৱৰ্তন শক্তিশালী কৰাৰ বাবে আমাৰ যুটীয়া প্ৰচেষ্টা। নিম্ন কাৰ্বন প্ৰযুক্তি আৰু উদ্ভাৱনে গতি লাভ কৰিব লাগে। আৰু এয়া ‘গোলকীয় দক্ষিণ’ৰ বাবে যিমান সম্ভৱ সোনকালে আৰু সহজে লাভ কৰিব পৰা হ’ব লাগে। ইয়াৰ প্ৰথম পৰ্যায়ত, ‘লীড-আইটি’য়ে লো আৰু তীখা, চিমেণ্ট, এলুমিনিয়াম, পৰিবহনৰ দৰে খণ্ডত পৰিৱৰ্তনৰ পথ-পৰিকল্পনা আৰু জ্ঞান ভাগ-বাটোৱাৰাত গুৰুত্ব আৰোপ কৰিছিল। আজি, ১৮ খন দেশ আৰু ২০ টা প্ৰতিষ্ঠান হৈছে গোটটোৰ সদস্য।

 

|

বন্ধুসকল,

 

ভাৰতে ‘জি-২০ৰ সভাপতিত্ব’কালত চক্ৰীয় ৰণনীতিত গোলকীয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি ইয়াক আগুৱাই লৈ আমি ‘লীড-আইটি’ত এটা নতুন অধ্যায় যোগ কৰিছো। আজি আমি ‘লীড-আইটি ২.০’ আৰম্ভ কৰিছো।

 

এই পৰ্যায়ত তিনিটা মুখ্য গুৰুত্ব থাকিব। প্ৰথমে, সামগ্ৰিক আৰু কেৱল উদ্যোগৰ পৰিৱৰ্তন। দ্বিতীয়তে, নিম্ন কাৰ্বন প্ৰযুক্তিৰ সহ-বিকাশ আৰু স্থানান্তৰ। আৰু তৃতীয়তে উদীয়মান অৰ্থনীতিলৈ উদ্যোগ পৰিৱৰ্তনৰ বাবে বিত্তীয় সহযোগিতা।

 

এই সকলোবোৰ সম্ভৱ কৰি তুলিবলৈ ‘ভাৰত-ছুইডেন উদ্যোগ পৰিৱৰ্তন মঞ্চ’ও মুকলি কৰা হৈছে। ই দুয়োখন দেশৰ চৰকাৰ, উদ্যোগ, প্ৰযুক্তি প্ৰদানকাৰী, গৱেষক আৰু থিংক টেংকক সংযোগ কৰিব। মই নিশ্চিত যে আমি একেলগে ভৱিষ্যত প্ৰজন্মৰ বাবে এক নতুন সেউজ বিকাশৰ কাহিনী লিখাত সফল হ'ম।

 

আকৌ এবাৰ মই মোৰ বন্ধু আৰু সহ-আয়োজক ছুইডেনৰ প্ৰধানমন্ত্ৰী, মহামান্য উল্ফ ক্ৰিষ্টেৰ-শোন আৰু  আপোনালোক সকলোকে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

বহুত বহুত  ধন্যবাদ।

 

 

  • Jitendra Kumar June 06, 2025

    🙏🙏🙏🙏
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • रीना चौरसिया September 29, 2024

    BJP BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • rajiv Ghosh February 13, 2024

    Jai Ho
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • KRISHNA DEV SINGH February 08, 2024

    jai shree ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
NDA govt has delivered significant changes in 1 1 years, will do more: PM Modi

Media Coverage

NDA govt has delivered significant changes in 1 1 years, will do more: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails unprecedented growth of India's Defence sector in last 11 Years
June 10, 2025

The Prime Minister, Shri Narendra Modi today said that over the past 11 years, India has witnessed remarkable advancements in its defence sector, marked by a clear focus on modernisation and self-reliance in defence production.

Prime Minister expressed pride in the collective resolve of the people of India and the unwavering determination to propel India towards greater self-sufficiency and technological excellence in defence.

Responding to a post on X by MyGovIndia, Shri Modi stated:

“The last 11 years have marked significant changes in our defence sector, with a clear focus on both modernisation and becoming self reliant when it comes to defence production. It is gladdening to see how the people of India have come together with the resolve of making India stronger! #11YearsOfRakshaShakti”