Quoteইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ জনসাধাৰণক আহ্বান
Quoteমহিলা বনৰক্ষী দল, বন দুৰ্গাৰ সৈতে মত বিনিময়
Quoteলক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই হাতীক কুঁহিয়াৰ খুৱালোঁ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷ শ্ৰী মোদীয়ে লগতে সকলো নাগৰিককে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আৰু ইয়াৰ অতুলনীয় নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনায়৷ তেওঁ সংৰক্ষণ প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালন কৰা মহিলা বনৰক্ষীৰ দল, বন দুৰ্গাৰ সৈতে মত বিনিময় কৰে আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু সাহসৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই নামৰ হাতী কেইটাক কুঁহিয়াৰ খুৱাই থকা কেইখনমান ফটোও শ্বেয়াৰ কৰে৷

 

|

ভ্ৰমণৰ আলোকপাত কৰি এলানি টুইটাৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“আজি পুৱা মই অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছিলো। সুবিশাল সেউজীয়াৰে পৰিৱেষ্টিত ইউনেস্ক’ৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন বিশ্বপ্ৰসিদ্ধ এশিঙীয়া গঁড়কে ধৰি বৈচিত্ৰময় উদ্ভিদ আৰু প্ৰাণীজগতেৰে সমৃদ্ধ৷

 

|

“আপোনালোক সকলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি ইয়াৰ অতুলনীয় নৈসৰ্গিক সৌন্দৰ্য আৰু অসমৰ জনসাধাৰণৰ আদৰ অনুভৱ কৰিবলৈ আহ্বান জনালোঁ। এয়া এনে এক ঠাই, য'ত প্ৰতিটো ভ্ৰমণে আপোনাৰ আত্মাক সমৃদ্ধ কৰি অসমৰ লোকসকলৰ হৃদয়ৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰে।”

 

|

“মহিলা বনৰক্ষীৰ দল, বন দুৰ্গাৰ সৈতে মত বিনিময় কৰোঁ, যিসকলে সংৰক্ষণৰ প্ৰচেষ্টাত অগ্ৰণী  ভূমিকা পালন কৰাৰ লগতে সাহসেৰে আমাৰ অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰি আহিছে৷ আমাৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ তেওঁলোকৰ নিষ্ঠা আৰু সাহস সঁচাকৈয়ে প্ৰশংসনীয়৷”

 

|

“লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই নামৰ হাতী কেইটাক কুঁহিয়াৰ খুৱালোঁ৷ কাজিৰঙা গড়ঁৰ বাবে বিখ্যাত যদিও ইয়াত বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ লগতে যথেষ্ট পৰিমাণে হাতী পোৱা যায়৷”

 

 

  • HITESH HARYANA District Vice President BJYM Nuh April 23, 2024

    जय श्री राम 🚩🌹
  • pradeep goyal April 11, 2024

    Jai shree ram 🚩
  • Shabbir meman April 10, 2024

    🙏🙏
  • RamrajThakur April 04, 2024

    जय हिन्द
  • Dr Hans Raj April 03, 2024

    जय श्री राम। 🙏🏼🙏🏼🙏🏼
  • Ashutosh Sharma March 30, 2024

    Jai Modiji
  • Ashutosh Sharma March 30, 2024

    Jai Modiji
  • Ashutosh Sharma March 30, 2024

    Jai Modiji
  • Ashutosh Sharma March 30, 2024

    Jai Modiji
  • Ashutosh Sharma March 30, 2024

    Jai Modiji
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Is Positioned To Lead New World Order Under PM Modi

Media Coverage

India Is Positioned To Lead New World Order Under PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi pays tribute to Swami Ramakrishna Paramhansa on his Jayanti
February 18, 2025

The Prime Minister, Shri Narendra Modi paid tributes to Swami Ramakrishna Paramhansa on his Jayanti.

In a post on X, the Prime Minister said;

“सभी देशवासियों की ओर से स्वामी रामकृष्ण परमहंस जी को उनकी जयंती पर शत-शत नमन।”