Quoteসুভাষ চন্দ্র বসু দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰো প্রদান কৰিলে প্রধানমন্ত্রীয়ে
Quote২০০৩ চনত দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় আইন প্ৰণয়ন কৰা গুজৰাট হৈছে দেশৰ প্ৰথমখন ৰাজ্য
Quote“সাহাৰ্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ওপৰত জোৰ দিয়াৰ লগতে সংস্কাৰ সাধনতো গুৰুত্ব দিয়া হৈছে”
Quote“দুর্যোগ ব্যৱস্থাপনা এতিয়া কেৱল চৰকাৰী চাকৰি নহয়, এয়া ‘সবকা প্রয়াস’ৰ এক আৰ্হিত পৰিণত হৈছে”
Quote“স্বাধীনতাৰ শতবর্ষৰ পূর্বে এক নতুন ভাৰত গঢ়াৰ লক্ষ্য লোৱা হৈছে”
Quote“স্বাধীনতাৰ পাছত দেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ সমান্তৰালভাৱে বহু মহান ব্যক্তিত্বৰ অৱদান মচি পেলোৱা হৈছে”
Quote“স্বাধীনতা সংগ্রামত লাখ লাখ দেশবাসীৰ ‘তপস্যা’ জড়িত আছিল। কিন্তু তেওঁলোকৰ ইতিহাসকো সীমাবদ্ধ কৰি ৰখাৰ চেষ্টা চলোৱা হয়। কিন্তু আজি স্বাধীনতাৰ কেইবা দশক পাছত দেশে সাহসেৰে সেই ভুলসমূহ সংশোধন কৰিছে"
Quote“নেতাজী সুভাষৰ ‘কৰিব পাৰো, কৰিম’ মনোভাৱৰ পৰা প্রেৰণা লৈ আমি সকলো আগুৱাই যাব লাগিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।

এই উপলক্ষে প্রধানমন্ত্রীয়ে আজি ২০১৯, ২০২০, ২০২১ আৰু ২০২২চনৰ বাবে সুভাষ চন্দ্র বসু দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰসমূহ প্রদান কৰে৷ দুর্যোগ ব্যৱস্থাপনা ক্ষেত্রত ব্যক্তি আৰু সংস্থাৰ অমূল্য অৱদান আৰু নিঃস্বার্থ সেৱাৰ স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে এই পুৰস্কাৰ আৰম্ভ কৰিছিল।

|

প্রধানমন্ত্রীয়ে ভাৰত মাতাৰ সাহসী পুত্র নেতাজী সুভাষ চন্দ্র বসুক তেওঁৰ ১২৫সংখ্যক জন্ম বার্ষিকী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে যিগৰাকীয়ে ভাৰতৰ মাটিত প্রথম স্বাধীন চৰকাৰ প্রতিষ্ঠা কৰিছিল আৰু যিগৰাকীয়ে আমাক এক সার্বভৌম আৰু শক্তিশালী ভাৰত নিৰ্মাণৰ আস্থা যোগাইছিল, তেওঁৰ প্রতি সন্মান জনাই ইণ্ডিয়া গেটৰ ওচৰত ডিজিটেল আকাৰত এই মূর্তি স্থাপন কৰা হৈছে। শীঘ্ৰে এই হ’ল’গ্ৰাম মূর্তিৰ সলনি গ্ৰেনাইট মূর্তি স্থাপন কৰা হ’ব। তেওঁ কয় যে এই মূর্তিটো প্রতিষ্ঠাৰ জৰিয়তে দেশবাসীয়ে কৃতজ্ঞতাৰে স্বাধীনতা সংগ্রামৰ নায়কজনৰ প্রতি শ্রদ্ধা জনাইছে৷ তদুপৰি, ইয়াৰ জৰিয়তে দেশৰ প্রতিষ্ঠান আৰু পৰৱর্তী প্রজন্মক জাতীয় কর্তব্যৰ প্রতি স্মৰণ কৰাব বুলিও তেওঁ উল্লেখ কৰে৷

প্রধানমন্ত্রীয়ে দেশত দুর্যোগ ব্যৱস্থাপনা ক্ষেত্রত ঐতিহাসিক পৰিৱর্তনৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে বছৰৰ পাছত বছৰ ধৰি দুর্যোগ ব্যৱস্থাপনাৰ বিষয়টো কৃষি বিভাগৰ আওতাত আছিল। ইয়াৰ মূল কাৰণ বান, অতিবৃষ্টি, শিলাবৃষ্টিৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি মোকাবিলাৰ দায়িত্ব আছিল কৃষি মন্ত্ৰালয়ৰ। প্রধানমন্ত্রীয়ে কয় যে ২০০১ চনৰ গুজৰাটৰ ভূমিকম্পই দুর্যোগ ব্যৱস্থাপনাৰ অর্থ সলনি কৰিলে৷ তেওঁ কয়, “আমি সাহাৰ্য আৰু উদ্ধাৰ কাৰ্যত সকলো বিভাগ আৰু মন্ত্ৰালয়ক জড়িত কৰিলো৷ সেই সময়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ২০০৩ চনত গুজৰাটে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰস্তুত কৰিলে৷ এই ধৰণৰ আইন প্রণয়ন কৰা গুজৰাট দেশৰ প্রথমখন ৰাজ্য হিচাপে পৰিগণিত হৈ পৰে৷ কেন্দ্রীয় চৰকাৰে গুজৰাটৰ এই আইনৰ পৰা শিক্ষা লৈ ২০০৫ চনত সমগ্র দেশৰ বাবে একে ধৰণৰ দুর্যোগ ব্যৱস্থাপনা আইন প্ৰস্তুত কৰে।”

প্রধানমন্ত্রীয়ে কয় যে সাহাৰ্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ওপৰত জোৰ দিয়াৰ লগতে সংস্কাৰ সাধনতো গুৰুত্ব দিয়া হৈছে। সমগ্ৰ দেশত এনডিআৰএফক শক্তিশালী কৰা হৈছে। আনকি ইয়াৰ কামৰ পৰিধি আৰু আধুনিকতাৰ ওপৰতো জোৰ দিয়া হৈছে। তেওঁ কয় যে মহাকাশ প্রযুক্তিৰ পৰা পৰিকল্পনা আৰু দুর্যোগ ব্যৱস্থাপনা সৰ্বত্ৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্রধানমন্ত্রীয়ে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ‘দুৰ্যোগ মিত্র’ৰ দৰে পৰিকল্পনা গ্রহণ কৰিছে। তেওঁ কয় যে ইয়াৰ সৈতে দেশৰ যুৱ প্ৰজন্মক জড়িত কৰা হৈছে। সেয়েহে যেতিয়াই দুর্যোগ আহে, সাধাৰণ জনতা যাতে তাৰ বলি নহয় তেওঁলোকে স্বেচ্ছাসেৱক হিচাপে এই দুর্যোগ মোকাবিলা কৰি আহিছে৷ দুর্যোগ ব্যৱস্থাপনা এতিয়া কেৱল চৰকাৰী চাকৰি নহয়, এয়া ‘সবকা প্রয়াস’ৰ এক আৰ্হিত পৰিণত হৈছে৷

|

প্রধানমন্ত্রীয়ে দুর্যোগ মোকাবিলাৰ দক্ষতা বৃদ্ধিত প্রতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ তেওঁ ওড়িশা, পশ্চিমবংগ, গোৱা, মহাৰাষ্ট্র আৰু গুজৰাটত ঘূৰ্ণীবতাহৰ উদাহৰণ দাঙিৰ ধৰে৷ প্রধানমন্ত্রীয়ে কয় যে এই ধৰণৰ দুর্যোগে পূর্বৰ তুলনাত যথেষ্ট ক্ষয়ক্ষতি ৰোধ কৰা সম্ভৱ হৈছে। তেওঁ কয় যে দেশত ঘূৰ্ণীবতাহৰ মোকাবিলা কৰাৰ ব্যৱস্থাত আধুনিকীকৰণ হৈছে। পূৰ্বৰে পৰা সতর্কীকৰণ ব্যৱস্থা আৰু দুর্যোগৰ ক্ষতিশংকা বিশ্লেষণ কৰি মানুহৰ প্রাণহানি ৰোধ কৰাটো সম্ভৱ হৈছে।

প্রধানমন্ত্রীয়ে দুর্যোগ ব্যৱস্থাপনাৰ সামগ্ৰিক দৃষ্টিভংগী বিশদভাৱে বৰ্ণনা কৰে৷ তেওঁ কয় যে এতিয়া দুর্যোগ ব্যৱস্থাপনা চিভিল ইঞ্জিনিয়াৰি আৰু স্থাপত্য বিদ্যাৰ পাঠ্যক্রমৰ অংগ৷ তেওঁ ভূমিকম্প প্রৱণ এলেকাত প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰ নির্মাণৰ ক্ষেত্রত দুৰ্যোগ মোকাবিলাত প্রস্তুতি, চাৰধাম যোজনা, উত্তৰ প্রদেশত ঘাইপথ নির্মাণৰ ক্ষেত্রত নতুন দৃষ্টিভংগী আৰু চিন্তাভাৱনাৰ কথা উল্লেখ কৰে৷

প্রধানমন্ত্রীয়ে বিশ্ব পর্যায়ত দুর্যোগ মোকাবিলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত দেশৰ নেতৃত্ব দিয়াৰ কথাও অৱগত কৰে। দুর্যোগ প্রতিৰোধৰ বাবে সুসংবদ্ধ পৰিকাঠামো (চিডিআৰআই)ত ভাৰত এতিয়া ৩৫খন দেশৰ ভিতৰত স্থান পাইছে। প্রধানমন্ত্রীয়ে কয় যে বিশ্বৰ বিভিন্ন দেশত সেনাবাহিনীৰ মাজত যৌথ সামৰিক অনুশীলন চলোৱা হৈছে। সেইদৰে ভাৰতে প্রথমবাৰলৈ দুর্যোগ ব্যৱস্থাপনাত যৌথ অনুশীলনৰ আয়োজন কৰে৷

|

প্রধানমন্ত্রীয়ে নেতাজীৰ বক্তব্যৰ উদ্ধৃত দি কয়, “স্বাধীন ভাৰতৰ সপোনত বিশ্বাস নেহেৰায়, বিশ্বৰ এনে কোনো শক্তি নাই, যি ভাৰতক কঁপাই তুলিব পাৰে।” প্রধানমন্ত্রীয়ে কয় যে এতিয়া লক্ষ্য হ’ল স্বাধীন ভাৰতৰ সপোন পূৰণ কৰা। স্বাধীনতাৰ শতবর্ষৰ পূর্বে এক নতুন ভাৰত গঢ়াৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ কয়৷

প্রধানমন্ত্রীয়ে কয় যে আজাদি কা অমৃত মহোৎসৱৰ মহান সংকল্পত ভাৰতে ইয়াৰ পৰিচয় আৰু অনুপ্রেৰণাক পুনৰুজ্জীৱিত কৰিব। তেওঁ দুঃখ প্রকাশ কৰি কয় যে স্বাধীনতাৰ পাছত দেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ সমান্তৰালভাৱে বহু মহান ব্যক্তিত্বৰ অৱদান মচি পেলোৱা হৈছে।

তেওঁ কয় যে স্বাধীনতা সংগ্রামত লাখ লাখ দেশবাসীৰ ‘তপস্যা’ জড়িত আছিল। কিন্তু তেওঁলোকৰ ইতিহাসকো সীমাবদ্ধ কৰি ৰখাৰ চেষ্টা চলোৱা হয়। সেয়েহে আজি স্বাধীনতাৰ কেইবা দশক পাছত দেশে সাহসেৰে সেই ভুলসমূহ সংশোধন কৰিছে। তেওঁ বাবা চাহেব আম্বেদকাৰৰ সৈতে জড়িত পঞ্চ তীর্থ, চর্দাৰ পেটেল অৱদানৰ স্মৰণত ষ্টেছ্যু অফ ইউনিটী, ভগৱান বিৰছা মুণ্ডাৰ সন্মানত জনজাতি গৌৰৱ দিৱস, জনজাতি সম্প্রদায়ৰ মহান অৱদানক স্মৰণ কৰাৰ বাবে জনজাতিভিত্তিক যাদুঘৰ, নেতাজীৰ নামত আন্দামানত এটা দ্বীপৰ নামকৰণৰ কথা উল্লেখ কৰে৷ নেতাজী আৰু আইএনএক সন্মান জনাবলৈ আন্দামানত তিৰংগা পতাকা উত্তোলন কৰাৰ জৰিয়তে অতীতৰ ভুল সংশোধনত বহু গুৰুত্বপূর্ণ পদক্ষেপ লোৱা হৈছে বুলি সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ যোৱা বছৰ পৰাক্রম দিৱসত কলকাতাত নেতাজীৰ পৈতৃক বাসভৱন পৰিদৰ্শন কৰাৰ কথা স্মৰণ কৰে৷ তেওঁ কয় যে ২০১৮ চনৰ ২১ অক্টোবৰৰ দিনটো কেতিয়াও নাপাহৰে কাৰণ সেই দিনাই আজাদ হিন্দ চৰকাৰৰ ৭৫বছৰ সম্পূৰ্ণ হৈছিল। তেওঁ কয়, “লালকিল্লাত আয়োজিত এক বিশেষ অনুষ্ঠানত, মই আজাদ হিন্দ ফৌজৰ টুপী পৰিধান কৰি তিৰংগা পতাকা উত্তোলন কৰিছিলো৷ সেই মুহূর্ত অসাধাৰণ, অবিস্মৰণীয়।”

 

প্রধানমন্ত্রীয়ে কয় যে নেতাজী সুভাষই যদি কিবা কৰিবলৈ দৃঢ় প্রতিজ্ঞ হয়, তেতিয়াহ’লে কোনো শক্তিয়েই তেওঁ বাধা দিব নোৱাৰে৷ নেতাজী সুভাষৰ ‘কৰিব পাৰো, কৰিম’ মনোভাৱৰ পৰা প্রেৰণা লৈ আমি সকলো আগুৱাই যাব লাগিব বুলিও জনায় প্রধানমন্ত্রীয়ে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

  • krishangopal sharma Bjp February 03, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 03, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 03, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 03, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 03, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 03, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • Jayanta Kumar Bhadra June 02, 2022

    Jai Jai Krishna
  • Jayanta Kumar Bhadra June 02, 2022

    Jai Jai Ganesh
  • Jayanta Kumar Bhadra June 02, 2022

    Jai Jai Ram
  • Laxman singh Rana May 19, 2022

    namo namo 🇮🇳🌹🙏🚩
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!