Quoteপ্ৰধানমন্ত্ৰীয়ে ৬,১০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে বিভিন্ন বিমানবন্দৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
Quoteপ্ৰধানমন্ত্ৰীয়ে আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব
Quoteপ্ৰধানমন্ত্ৰীয়ে বাৰাণসীত কেইবাটাও উন্নয়নমূলক পদক্ষেপো উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ২ বজাত তেওঁ আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। ইয়াৰ পিছত, বিয়লি প্ৰায় ৪:১৫ বজাত তেওঁ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। এই চিকিৎসালয়খনত বিভিন্ন চকুৰ ৰোগৰ বাবে বিস্তৃত পৰামৰ্শ আৰু চিকিৎসাৰ ব্যৱস্থা উপলব্ধ হ’ব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে উপস্থিত জনসাধাৰণক সম্বোধনো কৰিব।

বিমান সংযোগ বৃদ্ধিৰ প্ৰতিশ্ৰুতি অনুসৰি, প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৮৭০ কোটি টকা ব্যয়েৰে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱে সম্প্ৰসাৰণ, নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ আৰু সংশ্লিষ্ট কামৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ আগ্ৰা বিমানবন্দৰত ৫৭০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া, দৰভংগা বিমানবন্দৰত প্ৰায় ৯১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া আৰু বাগডোগ্ৰা বিমানবন্দৰত প্ৰায় ১৫৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া চিভিল এনক্লেভৰ আধাৰশিলাও স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰেৱা বিমানবন্দৰ, মা মহামায়া বিমানবন্দৰ, অম্বিকাপুৰ আৰু সৰসাৱা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব, যাৰ মুঠ ব্যয় ২২০ কোটি টকাৰো অধিক। এই বিমানবন্দৰসমূহৰ যাত্ৰী অহা-যোৱাৰ সৈতে জড়িত সংযুক্ত ক্ষমতা বছৰি ২.৩ কোটিতকৈ অধিক যাত্ৰীৰ হ’বগৈ। এই বিমানবন্দৰসমূহৰ ডিজাইন, অঞ্চলটোৰ ঐতিহ্য গঠনৰ সাধাৰণ উপাদানসমূহৰ দ্বাৰা প্ৰভাৱিত আৰু ডিজাইনত তাৰ অনুকৰণ কৰা হৈছে।

ক্ৰীড়াৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি প্ৰদানৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়া আঁচনি আৰু স্মাৰ্ট চিটি মিছনৰ অধীনত ২১০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মিত বাৰাণসী ক্ৰীড়া কমপ্লেক্সৰ পুনৰ উন্নয়নৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰিব। এই প্ৰকল্পৰ লক্ষ্য হৈছে এটা অত্যাধুনিক ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ, য’ত থাকিব ৰাষ্ট্ৰীয় উৎকৃষ্টতাৰ কেন্দ্ৰ, খেলুৱৈৰ হোষ্টেল, ক্ৰীড়া বিজ্ঞান কেন্দ্ৰ, বিভিন্ন ক্ৰীড়া অনুশীলনৰ খেলপথাৰ, ইনড’ৰ শ্বুটিং ৰেঞ্জ, কম্বেট ক্ৰীড়া খেলপথাৰ ইত্যাদি। তেওঁ লগতে লালপুৰৰ ড০ ভীমৰাও আম্বেদকাৰ ক্ৰীড়া ষ্টেডিয়ামত ১০০খন বিচনাযুক্ত ছোৱালী আৰু ল’ৰাৰ হোষ্টেল আৰু ৰাজহুৱা মণ্ডপ (পেভিলিয়ন) উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে সাৰনাথত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত অঞ্চলসমূহৰ বাবে পৰ্যটন উন্নয়নৰ কাম উদ্বোধন কৰিব। এই উন্নীতকৰণসমূহৰ ভিতৰত আছে পথচাৰীৰ বাবে অনুকূল পথ নিৰ্মাণ, নতুন নলাৰ লাইন আৰু উন্নত নিষ্কাশন ব্যৱস্থা, স্থানীয় হস্তশিল্প বিক্ৰেতাক উদ্গনি দিবৰ বাবে আধুনিক ডিজাইনৰ ভেণ্ডিং কাৰ্টৰ সৈতে সংগঠিত ভেণ্ডিং ষ্টেণ্ড ইত্যাদি।

প্ৰধানমন্ত্ৰীয়ে বানাসুৰ মন্দিৰ আৰু গুৰুধাম মন্দিৰত পৰ্যটন উন্নয়নৰ কাম, উদ্যানৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উন্নয়ন আদিৰ দৰে আন কেইবাটাও পদক্ষেপৰো উদ্বোধন কৰিব।

 

  • KHODA March 03, 2025

    6396916275 ek khuda box ka number Panchayat ka jo mukhiya vah direct kuchh baat karne ke liye jaaun paise mangte Hain jinka kamai se kha lete Hain Ghar kaise banaen yah suvidha karva dijiye anurodh aapko badi meherbani Ho jaenge mummy Akela Ghar per rahte hain Bal bacche ka ward banke usi mein gujara karte Hain mukhiya ko bolata hun kuchh bhi anuvad kuchh bhi suvidha sunate nahin hai bolate Hain to paise ke liye baat karte hain ham direct se baat Karen koi bhi suvidha nahin hai hamara Panchayat mein district Raipur thana Upendra Ghar khas jameen mein rahte hain papa Bachpan se chhod rakhe hain mummy balpus kitna bada Kiya hai Apne Dil ki dukh
  • KHODA March 03, 2025

    yah mummy hai aur se hamara Panchayat ka jo hai mukhiya hai vah har koi Yojana mein paise mangte Hain to ham kahan se denge paise paise Garib aadami ki ek Ghar ka vyavastha karva dijiye mukhiya se bol bol kar thak gaye hain kya hamara kuchh nahin sunte Hain namaskar aapka suvidha kijiye hamare liye koi bhi band ho ja bhi jaaun vahi paise mangte Hain ham paise kahan se de denge mukhiya ko bol raha hun bolata hai itna paise lagenge kyunki aadami ham kahan jaenge Garib aadami hai roj ka kamane ke khane wala aadami hai asam ka ham Rahane wala hai
  • KHODA March 03, 2025

    aapko namaskar ji Garib aadami ki Ghar gussa karti hai
  • KHODA March 03, 2025

    🌹🌹🌹
  • KHODA March 03, 2025

    Hii 🌹💝
  • Gopal Saha December 23, 2024

    hi
  • Vivek Kumar Gupta December 21, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 21, 2024

    नमो .......................🙏🙏🙏🙏🙏
  • Jahangir Ahmad Malik December 20, 2024

    ❣️❣️❣️❣️❣️❣️
  • Siva Prakasam December 17, 2024

    💐🌺 jai sri ram🌺🌻🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How NEP facilitated a UK-India partnership

Media Coverage

How NEP facilitated a UK-India partnership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2025
July 29, 2025

Aatmanirbhar Bharat Transforming India Under Modi’s Vision