Quote২০২০ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল
Quoteপ্ৰায় ১৪,৮৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ২৯৬ কিলোমিটাৰ ফ’ৰলেন এক্সপ্ৰেছৱে
Quoteএই এক্সপ্ৰেছৱেটোৱে অঞ্চলটোৰ সংযোগ আৰু ঔদ্যোগিক উন্নয়নত এক বৃহৎ গতি প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জুলাই, ২০২২ত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব আু প্ৰায় ১১:৩০ বজাত জালাউন জিলাৰ ওৰাই তহশিলৰ কৈথেৰী গাঁৱত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰিব।

সমগ্ৰ দেশতে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, যাৰ এটা মূল বৈশিষ্ট্য হৈছে পথৰ আন্তঃগাঁথনিৰ উন্নতিৰ দিশত কাম কৰা। এই দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ২৯ ফেব্ৰুৱাৰী, ২০২০ত প্ৰধানমন্ত্ৰীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। এক্সপ্ৰেছৱেৰ কাম ২৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে আৰু এই এক্সপ্ৰেছৱেটোকে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।

উত্তৰপ্ৰদেশ এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষৰ তত্বাৱধানত প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয় সাপেক্ষে ২৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেন এই এক্সপ্ৰেছৱে’টো নিৰ্মাণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ইয়াক ছিক্সলেন হিচাপে সম্প্ৰসাৰণ কৰিব পৰা যাব। এই এক্সপ্ৰেছৱেটোৱে চিত্ৰকুট জিলাৰ ভাৰতকুপৰ ওচৰৰ গোণ্ডা গাঁৱৰ ৩৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইটাৱা জিলাৰ কুড্ৰাইল গাঁৱৰ সমীপলৈকে বিস্তৃত হৈ আছে, য’ত ই আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ৰ সৈতে সংযোগ হৈছে। এই এক্সপ্ৰেছৱেটো সাতখন জিলা ক্ৰমে-চিত্ৰকুট, বান্দা, মহোবা, হামিৰপুৰ, জালাউন, ঔৰাইয়া আৰু ইটাৱাৰ মাজেৰে পাৰ হৈ গৈছে।

অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ সমান্তৰালভাৱে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক বৃহৎ সহায় আগবঢ়াব, যাৰ ফলত স্থানীয় লোকসকলৰ বাবে হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি হ’ব। এক্সপ্ৰেছৱেৰ কাষতে বান্দা আৰু জালাউন জিলাত ঔদ্যোগিক কৰিড’ৰ সৃষ্টিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে।

 

  • Chowkidar Margang Tapo September 02, 2022

    namo namo namo namo.
  • G.shankar Srivastav August 09, 2022

    नमस्ते
  • ranjeet kumar July 27, 2022

    nmo
  • Ashvin Patel July 27, 2022

    good 👍👍
  • Chowkidar Margang Tapo July 26, 2022

    Jai mata di...
  • maan singh sauna July 24, 2022

    जय जय मोदी हर हर मोदी '
  • Sanjay Kumar Singh July 23, 2022

    Jai Shri Radhe
  • Kaushal Patel July 22, 2022

    જય હો
  • hari shankar shukla July 22, 2022


  • maan singh sauna July 21, 2022

    congratulations His Excellency His Highness Hon'ble Prime Minister India.
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Railway passengers with e-ticket can avail travel insurance at 45 paisa only

Media Coverage

Railway passengers with e-ticket can avail travel insurance at 45 paisa only
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends best wishes on National Handloom Day
August 07, 2025

The Prime Minister, Shri Narendra Modi today extended best wishes on occasion of National Handloom Day. Shri Modi said that today is a day to celebrate our rich weaving traditions, which showcase the creativity of our people. We are proud of India’s handloom diversity and its role in furthering livelihoods and prosperity, He further added.

Shri Modi in a post on ‘X’ wrote;

“Best wishes on National Handloom Day!

Today is a day to celebrate our rich weaving traditions, which showcase the creativity of our people. We are proud of India’s handloom diversity and its role in furthering livelihoods and prosperity.”