তেলেংগানাৰ আদিলাবাদত প্ৰধানমন্ত্ৰীয়ে ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
বহুতো প্ৰকল্পৰ জৰিয়তে আদিলাবাদত শক্তি খণ্ডই এক প্ৰচণ্ড উৎসাহ লাভ কৰিব
প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ সাংগাৰেড্ডীত ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
সাংগাৰেড্ডীৰ প্ৰকল্পসমূহে পথ, ৰে’ল, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লৈছে
প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদত ‘অসামৰিক বিমান গৱেষণা সংস্থা’ (চিএআৰঅ') উদ্বোধন কৰিব
তামিলনাডুৰ কলপক্কমত ভাৰতৰ থলুৱা ‘প্ৰটোটাইপ ফাষ্ট ব্ৰিডাৰ ৰিএক্টৰ’’ৰ ‘ক’ৰ লোডিং’ প্ৰক্ৰিয়াৰ আৰম্ভণি মুহূৰ্তৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী
এই প্ৰকল্প ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীত এক ঐতিহাসিক মাইলৰ খুঁটি চিহ্নিত কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪-৬ মাৰ্চ ২০২৪-ত তেলেংগানা, তামিলনাডু, উৰিষ্যা, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।
৪ মাৰ্চত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কালপক্কমত ‘ভৱিনী’ ভ্ৰমণ কৰিব।
ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ বেতিয়াত প্ৰায় ১২,৮০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।
ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ বেতিয়াত প্ৰায় ১২,৮০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰকল্পটোৰ পৰা প্ৰতি বছৰে প্ৰায় ৭৯২ নিযুত একক সেউজ শক্তি উৎপাদন কৰা হ'ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪-৬ মাৰ্চ ২০২৪-ত তেলেংগানা, তামিলনাডু, উৰিষ্যা, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

৪ মাৰ্চত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কালপক্কমত ‘ভৱিনী’ ভ্ৰমণ কৰিব।

৫ মাৰ্চত পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ সাংগাৰেড্ডীত ৬,৮০০ কোটি টকা বিনিয়োগসাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে উৰিষ্যাৰ জাজপুৰৰ চান্দিখোলেত ১৯,৬০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

৬ মাৰ্চত পুৱা প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে কলকাতাত ১৫,৪০০ কোটি টকা ব্যয়সাপেক্ষ এলানি সংযোগ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ বেতিয়াত প্ৰায় ১২,৮০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

আদিলাবাদত প্ৰধানমন্ত্ৰী

তেলেংগানাৰ আদিলাবাদত অনুষ্ঠিত ৰাজহুৱা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ বিদ্যুৎ, ৰে'ল আৰু পথ খণ্ডসম্পৰ্কীয় এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে দেশবাসীলৈ উচৰ্গা কৰিব আৰু একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পসমূহৰ মুখ্য লক্ষ্য হ'ব শক্তি খণ্ডৰ উত্তৰণ সাধন।

প্ৰধানমন্ত্ৰীয়ে দেশৰ বিদ্যুৎ খণ্ডৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰকল্প উদ্বোধন তথা দেশবাসীলৈ উচৰ্গা কৰাৰ উপৰি একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ পেড্ডাপল্লীত ‘এনটিপিচি’-ৰ ‘তেলেংগানা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্প’ৰ ৮০০ মেগাৱাট উত্পাদনক্ষম গোট(ইউনিট-২)টো ৰাষ্ট্ৰ নামত উচৰ্গা কৰিব। ‘আল্ট্ৰা-ছুপাৰক্ৰিটিকেল প্ৰযুক্তি’ আধাৰিত প্ৰকল্পটোৱে তেলেংগানাক ৮৫% বিদ্যুৎ যোগান ধৰিব আৰু ভাৰতৰ ‘এনটিপিচি’-ৰ সকলো শক্তিকেন্দ্ৰৰ ভিতৰতে সৰ্বাধিক ৪২% বিদ্যুৎ উৎপাদনৰ দক্ষতা থাকিব। প্ৰকল্পটোৰ আধাৰশিলাও প্ৰধানমন্ত্ৰী মোদীয়ে স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ চাত্ৰাত ‘উত্তৰ কৰণপুৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্প’ৰ ৬৬০ মেগাৱাট (ইউনিট-২)গোটটো উৎসৰ্গা কৰিব। ইমান ডাঙৰ পৰিমাণৰ ‘এয়াৰ কুলড কণ্ডেন্সাৰ’ (এচিচি)ৰ সৈতে ধাৰণা কৰা এইটো হৈছে দেশৰ প্ৰথমটো ‘ছুপাৰক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্ৰকল্প’, যি পৰম্পৰাগত পানীৰে শীতলীকৃত ‘কণ্ডেন্সাৰৰ তুলনা’ত পানীৰ ব্যৱহাৰ ১/৩লৈ হ্ৰাস কৰিব। প্ৰকল্পটোৰ কামৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ বিলাসপুৰৰ চিপাতত ‘ফ্লাই এছ’ আধাৰিত লঘু ওজনবিশিষ্ট মুঠ প্ৰকল্পটোৰ লগতে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত ‘সেউজীয়া হাইড্ৰজেন প্ৰকল্প’লৈ ‘এছটিপি পানী’ প্ৰেৰণ প্ৰকল্পটোও উচৰ্গা কৰিব।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ সোণভদ্ৰাত ‘চিংৰাউলি ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্প’ৰ ‘তৃতীয় পৰ্যায়’ (২x৮০০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰিব; ছত্তীশগড়ৰ ৰায়গড়ৰ লাৰাত ‘৪জি ইথানল প্ৰকল্প;ত ‘ফ্লু গেছৰ পৰা কাৰ্বন ডাই অক্সাইড (চিঅ২) পৃথকীকৰণ’; অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনমৰ সিংহদ্ৰীত ‘সেউজীয়া হাইড্ৰজেন প্ৰকল্পলৈ সাগৰীয় পানী’; আৰু ছত্তীশগড়ৰ কোৰবাত ‘ফ্লাই এছ আধাৰিত এফএএলজি এগ্ৰিগেট প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে সাতটা প্ৰকল্প উদ্বোধন কৰাৰ লগতে ‘ভাৰতীয় পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন’ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে ‘ৰাষ্ট্ৰীয় গ্ৰিড’ শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়সলমেৰত ‘ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম’ (এনএইচপিচি)ৰ ‘৩৮০ মেগাৱাট উত্পাদনক্ষম সৌৰ প্ৰকল্প’ উদ্বোধন কৰিব। প্ৰকল্পটোৰ পৰা প্ৰতি বছৰে প্ৰায় ৭৯২ নিযুত একক সেউজ শক্তি উৎপাদন কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ জালাউনত’ বুন্দেলখণ্ড সৌৰ উৰ্জা লিমিটেড’ (বিএছইউএল)ৰ ‘১২০০ মেগাৱাট জালাউন আল্ট্ৰা মেগা ৰিনিউৱেবল এনাৰ্জি পাৱাৰ পাৰ্ক’ৰ আধাৰশিলা স্থাপন কৰিব। উদ্যানখনে প্ৰতি বছৰে প্ৰায় ২৪০০ নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিব।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ জালাউন আৰু কানপুৰ দেহাটত ‘সতলুজ জল বিদ্যুৎ নিগম’ (এছজেভিএন)ৰ তিনিটা সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ মুঠ উতপাদনী সামৰ্থ্য হৈছে ২০০ মেগাৱাট। এই প্ৰকল্পসমূহৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ উত্তৰকাশীত সংশ্লিষ্ট ট্ৰেন্সমিশ্যন লাইনৰ সৈতে ‘নয়তৱাৰ মৰি জলবিদ্যুৎ কেন্দ্ৰ’ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰ আৰু অসমৰ ধুবুৰীত ‘এছজেভিএন’ৰ দুটা সৌৰ প্ৰকল্পৰ লগতে হিমাচল প্ৰদেশৰ ‘৩৮২ মেগাৱাট চুন্নী বান্ধ হাইড্ৰ' বৈদ্যুতিক প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত ‘টাস্কো’ৰ ‘৬০০ মেগাৱাটৰ ললিতপুৰ সৌৰশক্তি প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পটোৱে প্ৰতি বছৰে ১২০০ নিযুত একক সেউজ শক্তি উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে নৱীকৰণযোগ্য শক্তিৰ পৰা ‘২৫০০ মেগাৱাট বিদ্যুৎ সপ্ৰেৰণ’ৰ বাবে ‘ৰিনিউ’-ৰ ‘কপ্পাল-নৰেন্দ্ৰ ট্ৰেন্সমিচন আঁচনি’ উদ্বোধন কৰিব। এই আন্তঃৰাজ্যিক পৰিবহন আঁচনি কৰ্ণাটকৰ কপ্পাল জিলাত অৱস্থিত। ‘দামোদৰ ভেলী কৰ্পোৰেশ্যন’ আৰু ‘ইণ্ডিগ্ৰিড’-ৰ অন্যান্য শক্তি খণ্ড সম্পৰ্কীয় প্ৰকল্পসমূহো প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।

বিদ্যুৎ খণ্ডৰ উপৰিও এই ভ্ৰমণকালত পথ আৰু ৰে'ল খণ্ডৰ প্ৰকল্পসমূহো হাতত লোৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে নতুনকৈ বৈদ্যুতিকীকৰণ কৰা ‘আম্বাৰী-আদিলাবাদ-পিম্পালখুটি ৰে'লপথ’ছোৱা দেশবাসীলৈ উৎসৰ্গা কৰিব। তেওঁ তেলেংগানাক মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ সৈতে ছত্তীশগড়ৰ ‘ৰাষ্ট্ৰীয় ঘাইপথ-৩৫৩বি’ আৰু ‘ৰাষ্ট্ৰীয় ঘাইপথ-১৬৩’ৰ জৰিয়তে সংযোগ কৰা দুটা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰো অধাৰশিলা স্থাপন কৰিব।

সাংগাৰেড্ডীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে পথ, ৰেল, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লৈছে।

প্ৰধানমন্ত্ৰীয়ে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন কৰিবলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভিতৰত আছে ‘ৰাষ্ট্ৰীয় ঘাইপথ-১৬১’ৰ ৪০ কিলোমিটাৰ দীঘল ‘কান্দিৰ পৰা ৰামচানপাল শাখালৈ চাৰি লেনযুক্ত পথ প্ৰকল্প’। এই প্ৰকল্পটো ‘ইন্দোৰ- হায়দৰাবাদ অৰ্থনৈতিক কৰিডৰ’ৰ এটা অংশ আৰু ই তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ মাজত যাত্ৰী আৰু মালবাহী ৰে’লৰ সুচল যতায়াতত সহায় কৰিব। শাখাটোৱে হায়দৰাবাদ আৰু নান্দেদৰ মাজত ভ্ৰমণৰ সময় প্ৰায় ৩ ঘণ্টা হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীয়ে ৪৭ কিলোমিটাৰ দীঘল ‘মিৰিয়ালাগুড়াক ৰাষ্ট্ৰীয় ঘাইপথ-১৬৭’ৰ ‘কোডাড শাখা’লৈ পকী কান্ধেৰে দুটা লেনলৈ উন্নীতকৰণ প্ৰকল্প উদ্বোধন কৰিব। উন্নত সংযোগে পৰ্যটনৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু উদ্যোগসমূহক লাভান্বিত কৰিব।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ঘাইপথ-৬৫’ৰ ২৯ কিলোমিটাৰ দীঘল ‘পুনে-হায়দৰাবাদ শাখা’ৰ ‘ছয়লেনযুক্ত প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পটোৱে তেলেংগানাৰ মুখ্য ঔদ্যোগিক কেন্দ্ৰ যেনে- পাটানচেৰুৰ ওচৰৰ পাশামিলাৰাম ঔদ্যোগিক এলেকালৈ উন্নত সংযোগ প্ৰদান কৰিব।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ছটা নতুন ‘ষ্টেশ্যন ভৱন’ৰ লগতে ‘সনথনগৰ-মৌলা আলী ৰে'লপথৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকীকৰণ প্ৰকল্প’ৰ উদ্বোধন কৰিব। প্ৰকল্পটোৰ ২২ কিলোমিটাৰজোৰা সমগ্ৰ পথছোৱাত ‘স্বয়ংক্ৰিয় ছিগনেলিং’ ব্যৱস্থাৰে আৰম্ভ কৰা হৈছে আৰু ‘এমএমটিএছ’ (মাল্টি মডেল পৰিবহন সেৱা) ‘পৰ্যায় – ২’ প্ৰকল্পৰ অংশ হিচাপে সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে, ফিৰোজগুড়া, সুচিত্ৰা কেন্দ্ৰ, ভুদেৱী নগৰ, আম্মুগুড়া, নেৰেডমেট আৰু মৌলা আলী হাউছিং ব'ৰ্ড ষ্টেশ্যনত ছটা নতুন ষ্টেশ্যন ভৱন স্থাপন কৰা হৈছে। দ্বৈতকৰণ আৰু বৈদ্যুতিকীকৰণৰ কামে এই শাখাত প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰে’লসেৱা প্ৰৱৰ্তনৰ পথ প্ৰশস্ত কৰিব। ই অন্যান্য উচ্চ সংপৃক্ত শাখাৰ বোজা হ্ৰাস কৰি অঞ্চলটোত সময়ানুৱৰ্তীতা আৰু ৰে’লৰ সামগ্ৰিক গতি উন্নত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ঘাটকেসৰ-লিংগামপল্লীৰ পৰা মৌলা আলী-সনথনগৰ হৈ চলিবলগীয়া ‘এমএমটিএছ’ ৰে'লসেৱাৰ শুভাৰম্ভ ঘোষণা কৰিব। এই ৰে’লসেৱাই হায়দৰাবাদ-চেকেন্দ্ৰাবাদ ‘টুইন চিটী’ অঞ্চলৰ জনপ্ৰিয় উপনগৰীয় ৰেল সেৱাক প্ৰথমবাৰৰ বাবে নতুন অঞ্চললৈ সম্প্ৰসাৰিত কৰে। ই চহৰখনৰ পূব অংশৰ নতুন অঞ্চলসমূহ, যেনে- চেৰলাপল্লী, মৌলা আলীক ‘টুইন চিটী’ অঞ্চলৰ পশ্চিম অংশৰ সৈতে সংযোগ কৰিব। ‘টুইন চিটী’ অঞ্চলৰ পশ্চিম অংশৰ সৈতে পূৱক সংযোগ কৰা পৰিবহনৰ সুৰক্ষিত, দ্ৰুত আৰু অৰ্থনৈতিক পদ্ধতি যাত্ৰীসকলৰ বাবে যথেষ্ট লাভজনক প্ৰতিপন্ন হ'ব।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল পাৰাদীপ-হায়দৰাবাদ প্ৰডাক্ট পাইপলাইন’ উদ্বোধন কৰিব। ৪.৫ এমএমটিপিএ সামৰ্থ্যযুক্ত ১২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সামগ্ৰী পাইপলাইনটো উৰিষ্যা (৩২৯ কিলোমিটাৰ), অন্ধ্ৰ প্ৰদেশ (৭২৩ কিলোমিটাৰ) আৰু তেলেংগানা (১৬০ কিলোমিটাৰ) ৰাজ্যৰ মাজেৰে পাৰ হব। পাইপলাইনটোৱে পাৰাদীপ শোধনাগাৰৰ পৰা বিশাখাপত্তনম, আচ্যুতাপুৰম আৰু বিজয়ৱাড়া (অন্ধ্ৰ প্ৰদেশৰ) আৰু হায়দৰাবাদৰ ওচৰৰ মালকাপুৰ (তেলেংগানা)ৰ ‘ডেলিভাৰী ষ্টেশ্যন’লৈ পেট্ৰ'লিয়াম সামগ্ৰীৰ সুৰক্ষিত আৰু অৰ্থনৈতিক পৰিবহন নিশ্চিত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদত ‘অসামৰিক বিমান গৱেষণা সংস্থা (চিএআৰঅ') কেন্দ্ৰ’ও উদ্বোধন কৰিব। অসামৰিক বিমান পৰিবহন খণ্ডত গৱেষণা আৰু উন্নয়ন (গৱেষণা আৰু বিকাশ) কাৰ্যকলাপ উন্নত আৰু সম্প্ৰসাৰিত কৰাৰ বাবে ‘ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে’ হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত এই কেন্দ্ৰটো স্থাপন কৰিছে। থলুৱা আৰু উদ্ভাৱনীমূলক সমাধান প্ৰদান কৰাৰ বাবে আভ্যন্তৰীণ আৰু সহযোগিতামূলক গৱেষণাৰ জৰিয়তে বিমান পৰিবহণ ক্ষেত্ৰৰ বাবে এক গোলকীয় গৱেষণা মঞ্চ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে। ৩৫০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে নিৰ্মিত এই অত্যাধুনিক সুবিধাটো ‘৫-তাৰকাযুক্ত-গৃহ ৰেটিং’ আৰু ‘শক্তি সংৰক্ষণ ভৱন সংহিতা’ (ইচিবিচি) নিয়ম অনুসৰি নিৰ্মাণ কৰা হৈছে।

 

‘চিএআৰঅ’’-য়ে ভৱিষ্যতৰ গৱেষণা আৰু বিকাশৰ পদক্ষেপসমূহক সমৰ্থন কৰিবলৈ এক বিস্তৃত পৰীক্ষাগাৰৰ সহযোগিতা ব্যৱহাৰ কৰিব। ই কাৰ্যকৰী বিশ্লেষণ, আৰু প্ৰদৰ্শনৰ সমীক্ষা কৰাৰ বাবে ডাটা বিশ্লেষণ ক্ষমতাও লাভ কৰিব। ‘চিএআৰঅ’’-ৰ প্ৰাথমিক বিকাশ কাৰ্যকলাপসমূহত অন্তৰ্ভুক্ত থাকিব: আকাশসীমা আৰু বিমানবন্দৰ সম্পৰ্কীয় সুৰক্ষা, সামৰ্থ্য আৰু দক্ষতা উন্নয়ন কাৰ্যসূচী, আকাশসীমাৰ গুৰুতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰা, মুখ্য বিমানবন্দৰৰ আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ পৰ্যৱেক্ষন কৰা, ভৱিষ্যতৰ আকাশসীমা আৰু বিমানবন্দৰৰ প্ৰয়োজনীয়তাসমূহৰ বাবে চিনাক্ত ক্ষেত্ৰত প্ৰযুক্তি আৰু সামগ্ৰী বিকশিত কৰা আদি।

 

কালপক্কমত প্ৰধানমন্ত্ৰী

 

ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কালপক্কমত ভাৰতৰ স্বদেশী ‘প্ৰটোটাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ’ (পিএফবিআৰ)ৰ ৫০০ এমডব্লিউই সামৰ্থ্যৰ ‘ক’ৰ লোডিং’-প্ৰক্ৰিয়াৰ আৰম্ভণিৰ সাক্ষী হ'ব। এই ‘পিএফবিআৰ’ ‘ভৱিনী’ (ভাৰতীয় নবিকিয় বিদ্যুৎ নিগম লিমিটেড)ৰ দ্বাৰা বিকশিত কৰা হৈছে।

‘ৰিয়েক্টৰ ক’ৰ’ত ‘কণ্ট্ৰল ছাব-এছেম্বলী’, ‘ব্লেংকেট ছাব-এছেম্বলী’ আৰু ‘ফুৱেল ছাব-এছেম্বলী’ থাকে। ‘ক’ৰ লোডিং’ কাৰ্যকলাপত অন্তৰ্ভুক্ত থাকে ‘ৰিয়েক্টৰ কণ্ট্ৰল ছাব-এছেম্বলী লোডিং’, তাৰ পিছত ‘ব্লেংকেট ছাব-এছেম্বলী’ আৰু ‘ফুৱেল ছাব-এছেম্বলী’ যিয়ে শক্তি উৎপাদন কৰিব।

ভাৰতে ‘বন্ধ ইন্ধন চক্ৰ’ৰ সৈতে তিনিটা পৰ্যায়ৰ পাৰমাণৱিক শক্তি কাৰ্যসূচী গ্ৰহণ কৰিছে। ‘পিএফবিআৰ’-ত পাৰমাণৱিক কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় চিহ্নিত কৰি, প্ৰথম পৰ্যায়ৰ পৰা ব্যয় কৰা ইন্ধন পুনৰ উৎপাদনযোগ্য কৰি তুলি ‘এফবিআৰ’-ত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। এই ‘ছডিয়াম শীতল পিএফবিআৰ’-ৰ এক অনন্য বৈশিষ্ট্য হৈছে যে ই ব্যৱহাৰ কৰা পৰিমাণতকৈ অধিক ইন্ধন উৎপাদন কৰিব পাৰে, সেয়ে ভৱিষ্যতৰ দ্ৰুত চুল্লিৰ বাবে ইন্ধন যোগানত আত্মনিৰ্ভৰশীলতা আহৰণ কৰাত সহায় কৰে।

‘ৰিয়েক্টৰ’ৰ পৰা উৎপন্ন হোৱা নিম্নতম পাৰমাণৱিক আৱৰ্জনা আৰু উন্নত সুৰক্ষা সুবিধাৰ জৰিয়তে আমি শক্তিৰ সুৰক্ষিত, দক্ষ আৰু পৰিষ্কাৰ উৎস আৰু ‘কাৰ্বন নিৰ্গমন শূন্য’ কৰাৰ লক্ষ্যত অৰিহণা আগবঢ়াব পাৰিম। পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ তৃতীয় পৰ্যায়ত থোৰিয়াম ব্যৱহাৰৰ দিশত ভাৰতৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হব। প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ লগে লগেই ৰাছিয়াৰ পিচত বাণিজ্যিক ভাৱে সঞ্চালিত দ্ৰুত চুল্লি থকা দ্বিতীয়খন দেশ হ’ব ভাৰত।

চণ্ডীখোলেত প্ৰধানমন্ত্ৰী

১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশবাসীলৈ উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পসমূহ তেল আৰু গেছ, ৰে'ল, পথ, পৰিবহন আৰু ঘাইপথ আৰু পাৰমাণৱিক শক্তি আদি খণ্ডসমূহৰ সৈতে সম্পৰ্কিত।

প্ৰধানমন্ত্ৰীয়ে ‘পাৰাদীপ শোধনাগাৰ’ত ‘ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড’-ৰ ‘মনো ইথিলিন গ্লাইকল প্ৰকল্প’ উদ্বোধন কৰিব, যিয়ে ভাৰতৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাত অধিক ভাবে সহায় কৰিব। তেওঁ উৰিষ্যাৰ পাৰাদীপৰ পৰা পশ্চিম বংগৰ হলদিয়ালৈ যোৱা ৩৪৪ কিলোমিটাৰ দীঘল সামগ্ৰী পৰিবাহী পাইপলাইনো উদ্বোধন কৰিব। ভাৰতৰ পূব উপকূলত আমদানি আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে পাৰাদীপত ‘০.৬ এমএমটিপিএ এলপিজি আমদানি সুবিধা’ও উদ্বোধন কৰিব। অঞ্চলটোত পথ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ঘাইপথ-৪৯’ৰ ‘বিঞ্জাবাহাল শাখালৈ সিংঘাৰাৰ চাৰি লেনযুক্ত প্ৰকল্প’; ‘ৰাষ্ট্ৰীয় ঘাইপথ-৪৯’ৰ ‘টিলিবানী শাখালৈ বিঞ্জাবাহালৰ চাৰি লেন’; ‘ৰাষ্ট্ৰীয় ঘাইপথ-১৮’-ৰ ‘বালাচোৰ-ঝাৰপোখৰিয়া শাখা’ৰ চাৰি লেন আৰু ‘ৰাষ্ট্ৰীয় ঘাইপথ-১৬’-ৰ ‘টাংগী-ভুৱনেশ্বৰ শাখাৰ চাৰি লেনযুক্ত প্ৰকল্প’ দেশবাসীলৈ উচৰ্গা কৰিব। তেওঁ চাণ্ডীখোলেত ‘চাণ্ডীখোলে- পাৰাদীপ শাখাৰ আঠ লেনযুক্ত পথ প্ৰকল্প’ৰ আধাৰশিলাও স্থাপন কৰিব।

‘ৰে'ল নেটৱৰ্ক’ৰ সম্প্ৰসাৰণো ৰে'ল সংযোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰি সম্ভৱ কৰা হ'ব। ১৬২ কিলোমিটাৰ ‘বনচাপানী-দাইটাৰী-টমকা-জাখাপুৰা ৰে'লপথ’ছোৱা প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব। ই কেৱল বৰ্তমানৰ যান-বাহন যাতায়াত সুবিধা বৃদ্ধি কৰাই নহয়, লগতে কেওনঝাৰ জিলাৰ পৰা নিকটতম বন্দৰ আৰু তীখা প্ৰকল্পলৈ লো আৰু মাঙ্গানীজ আকৰৰ দক্ষ পৰিবহন সম্ভৱ কৰাতো সহায় কৰিব, যিয়ে আঞ্চলিক অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে কলিঙ্গ নগৰত কনক'ৰ কণ্টেইনাৰ ডিপোৰ উদ্বোধন কৰা হ'ব। নাৰলাত বৈদ্যুতিক ‘লোকো পেৰিডিকেল অভাৰহলিং ৱৰ্কশ্বপ’, কান্তাবাঞ্জীত ‘ৱাগন পেৰিডিকেল অভাৰহলিং ৱৰ্কশ্বপ’ আৰু বাঘুৱাপালত ‘ৰক্ষণাবেক্ষণ সুবিধাৰ উন্নীতকৰণ আৰু বৃদ্ধি প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই ভ্ৰমণকালত নতুন ৰে'লসেৱা আৰম্ভ কৰাকে ধৰি অন্যান্য ৰে'ল প্ৰকল্পসমূহো হাতত লোৱা হ'ব।

প্ৰধানমন্ত্ৰীয়ে ‘আইআৰইএল(আই) লিমিটেড’ৰ ‘উৰিষ্যা চেণ্ডচ কমপ্লেক্স’ত ৫ এমএলডি সামৰ্থ্যযুক্ত ‘সাগৰীয় পানী নিষ্কাশন প্ৰকল্প’ও উদ্বোধন কৰিব। এই প্ৰকল্পটো ‘ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ’ৰ দ্বাৰা বিকশিত থলুৱা ‘ডিছেলিনেশ্যন প্ৰযুক্তি’ৰ ‘ক্ষেত্ৰ প্ৰয়োগ’ৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে।

কলকাতাত প্ৰধানমন্ত্ৰী

নগৰীয় গতিশীলতাৰ সহজতা নিশ্চিত কৰাৰ পথ প্ৰশস্ত কৰাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ‘কলকাতা মেট্ৰ'ৰ ‘হাওৰা ময়দান-এস্প্লেনেড মেট্ৰ' শাখা’, ‘কবি সুভাষ-হেমন্ত মুখোপাধ্যায় মেট্ৰ' শাখা’, ‘তাৰাতালা-মাজেৰহাট মেট্ৰ' শাখা’ (জোকা-এস্প্লেনেড পথৰ অংশ) উদ্বোধন কৰিব; ‘ৰুবি হল ক্লিনিক-ৰ পৰা ৰামৱাড়ী প্ৰসাৰিত হোৱালৈকে পুনে মেট্ৰ' ; ‘কোচি মেট্ৰ' ৰে’ল প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ প্ৰকল্প’ (পৰ্যায় ১বি) ‘এছএন জংচন মেট্ৰ' ষ্টেশ্যনৰ পৰা ত্ৰিপিনিথুৰা মেট্ৰ' ষ্টেশ্যনলৈ; ‘তাজ ইষ্ট গে’টৰ পৰা মনকামেশ্বৰলৈ আগ্ৰা মেট্ৰ'ৰ প্ৰসাৰ; আৰু ‘দিল্লী-মিৰাট আৰআৰটিএছ কৰিডৰ’ৰ ‘দুহাই-মোডীনগৰ(উত্তৰ) শাখা’। তেওঁ এই শাখাসমূহত ৰে’লসেৱাৰ শুভাৰম্ভ ঘোষণা কৰিব।

বেতিয়াত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বেতিয়াত ৰে'ল, পথ আৰু পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ সম্পৰ্কীয় বিভিন্ন আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন, উচৰ্গা আৰু উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ১০৯ কিলোমিটাৰ দীঘল ‘ইণ্ডিয়ান অইল’-ৰ ‘মুজাফ্ফৰপুৰ- মতিহাৰী এলপিজি পাইপলাইন’ উদ্বোধন কৰিব। ই বিহাৰ আৰু চুবুৰীয়া দেশ নেপালত পৰিষ্কাৰ ৰন্ধন ইন্ধনৰ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে মতিহাৰীত ‘ইণ্ডিয়ান অইল’-ৰ ‘এলপিজি বটলিং প্ৰকল্প আৰু ষ্টোৰেজ টাৰ্মিনেল’ উচৰ্গা কৰিব। নতুন পাইপলাইন টাৰ্মিনেলে নেপাললৈ পেট্ৰ'লিয়াম সামগ্ৰী ৰপ্তানিৰ বাবে এক কৌশলগত যোগান বিন্দু হিচাপেও কাম কৰিব। ই উত্তৰ বিহাৰৰ ৮খন জিলা অৰ্থাৎ পূব চম্পাৰণ, পশ্চিম চম্পাৰণ, গোপালগঞ্জ, চিৱান, মুজাফ্ফৰপুৰ, শ্বেওহাৰ, সীতামাঢ়ী আৰু মধুবনীলৈ সেৱা আগবঢ়াব। মতিহাৰীৰ নতুন ‘বটলিং প্ৰকল্প’টোৱে মতিহাৰী প্ৰকল্পৰ সৈতে সংলগ্ন খাদ্য বজাৰত যোগান শৃংখলা মসৃণ কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘এইচবিএল’ৰ সুগাউলি আৰু লাউৰিয়াত পূব চম্পাৰণ, পশ্চিম চম্পাৰণ, গোপালগঞ্জ, চিৱান আৰু দেওৰিয়া আৰু ‘শস্য আধাৰিত ইথানল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে পকী কান্ধৰ সৈতে ‘ৰাষ্ট্ৰীয় ঘাইপথ-২৮এ’ৰ ‘পিপ্ৰাকোথি - মতিহাৰী- ৰক্সৌল শাখাৰ দুই লেনযুক্ত  পথ প্ৰকল্প’; ‘ৰাষ্ট্ৰীয় ঘাইপথ-১০৪’-ৰ ‘শ্বেওহাৰ-সীতামাঢ়ী-শাখাৰ দুই লেনযুক্ত পথ প্ৰকল্প’ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে গংগা নদীৰ পাটনাত ‘দিঘা-সোনেপুৰ ৰে'ল-আৰু-পথ দলঙ’ৰ সমান্তৰালকৈ গংগা নদীৰ ওপৰত ‘ছয় লেনযুক্ত কেবল ব্ৰীজ নিৰ্মাণ’, ‘ৰাষ্ট্ৰীয় ঘাইপথ-১৯’ৰ ‘বাইপাছ’ৰ ‘বাকাৰপুৰ হাট-মানিকপুৰ শাখা’ৰ চাৰি লেনকে ধৰি কেবাটাও প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি এলানি প্ৰকল্পৰ উদ্বোধন তথা ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘বাপুধাম মতিহাৰী- পিপ্ৰাহানৰ পৰা ৬২ কিলোমিটাৰ ৰে'লপথৰ দ্বৈতকৰণ প্ৰকল্প’ দেশবাসীক উৎসৰ্গা কৰিব আৰু তেওঁ ‘নৰকটিয়াগঞ্জ-গৌনাহা গজ ৰূপান্তৰণ প্ৰকল্প; উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৯৬ কিলোমিটাৰ দীঘল ‘গোৰখপুৰ কেণ্ট-বাল্মীকি নগৰ ৰে'লপথৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকীকৰণ’ আৰু ‘বেতিয়া ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশ প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘নৰকটিয়াগঞ্জ-গৌনাহা আৰু ৰক্সৌল-যোগবানী’ৰ মাজত দুখন নতুন ৰে'লৰ সেৱাও আৰম্ভ কৰিব।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।