Quote৯৭৫০ কোটি টকাৰো অধিক বিনিয়োগসাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteপ্ৰধানমন্ত্ৰীয়ে ‘গুৰুগ্ৰাম মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব
Quoteপ্ৰধানমন্ত্ৰীয়ে ‘এইমছ ৰেৱাৰী’ৰ আধাৰশিলা স্থাপন কৰিব
Quoteকুৰুক্ষেত্ৰৰ জ্যোতিচাৰত নতুনকৈ নিৰ্মিত 'অনুভৱ কেন্দ্ৰ' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১:১৫ বজাত তেওঁ নগৰ পৰিবহন, স্বাস্থ্য, ৰে'ল আৰু পৰ্যটন খণ্ড সম্পৰ্কীয় ৯৭৫০ কোটি অধিক টকা বিনিয়োগসাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন-উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৫৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব খোজা ‘গুৰুগ্ৰাম মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব। মুঠ ২৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৱে ‘মিলেনিয়াম চিটী চেণ্টাৰ’ক ‘উদ্যোগ বিহাৰ ফেজ-৫’ৰ সৈতে সংযোগ কৰিব আৰু ‘চাইবাৰ চিটী’ৰ ওচৰৰ ‘মৌলচাৰি এভিনিউ ষ্টেশ্যন’ত ‘ৰেপিড মেট্ৰ' ৰেল গুৰুগ্ৰাম’ৰ বৰ্তমানে থকা ‘মেট্ৰ' নেটৱৰ্ক’ত একত্ৰিত হ'ব। ‘দ্বাৰকা এক্সপ্ৰেছৱে’’তো ইয়াৰ এটা ‘স্পাৰ’ থাকিব। নাগৰিকসকলক বিশ্বমানৰ পৰিৱেশ-অনুকূল নগৰ দ্ৰুত গণ পৰিবহণ ব্যৱস্থা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এই প্ৰকল্পটো হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সমগ্ৰ দেশৰ জনস্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি হাৰিয়ানাৰ ৰেৱাৰীৰ ‘সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান’ (এইমছ)ৰ আধাৰশিলা স্থাপন কৰা হব। প্ৰায় ১৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ‘এইমছ ৰেৱাৰী’ ৰেৱাৰীৰ মাজৰা মুষ্টিল ভালখি গাঁৱত ২০৩ একৰ ভূমিত বিকশিত কৰা হ'ব। ইয়াত ৭২০ খন বিচনাযুক্ত চিকিৎসালয় চৌহদ, ১০০ খন আসনযুক্ত চিকিৎসা মহাবিদ্যালয়, ৬০ খন আসনযুক্ত নাৰ্চিং মহাবিদ্যালয়, ৩০ খন বিচনাযুক্ত আয়ুষ খণ্ড, শিক্ষক আৰু কৰ্মচাৰীৰ বাবে আৱাসিক চৌহদ, ‘ইউজি’ আৰু ‘পিজি’ শিক্ষাৰ্থীসকলৰ বাবে ছাত্ৰ-ছাত্ৰী আৱাস, নিশাৰ আশ্ৰয়, অতিথিশালা, প্ৰেক্ষাগৃহ আদিৰ সুবিধা থাকিব। ‘প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা’ (পিএমএছএছৱাই)ৰ অধীনত স্থাপিত ‘এইমছ ৰেৱাৰী’য়ে হাৰিয়ানাৰ লোকসকলক ব্যাপক, মানসম্পন্ন আৰু বিস্তৃত পৰিসৰৰ তৃতীয় পৰ্যায়ৰ চিকিত্সা তথা স্বাস্থ্য সেৱা প্ৰদান কৰিব। সুবিধাসমূহৰ ভিতৰত আছে ১৮ টা ‘স্পেচিলিটী’ আৰু ১৭ টা ‘ছুপাৰ স্পেচিয়েলিটী’ ৰোগ নিদান সেৱা, যাৰ ভিতৰত আছে কাৰ্ডিঅ'লজী, গেষ্ট্ৰো-এণ্টেৰোলজী, নেফ্ৰোলজী, ইউৰোলজী, নিউৰোলজী, নিউৰোছাৰ্জাৰী, মেডিকেল অংক'লজী, ছাৰ্জিকেল অংক'লজী, এণ্ডোক্ৰিনোলজী, বাৰ্ণছ এণ্ড প্লাষ্টিক ছাৰ্জাৰী বিভাগ। প্ৰতিষ্ঠানটোত ‘ইণ্টেন্সিভ কেয়াৰ ইউনিট’, ‘জৰুৰীকালীন আৰু ট্ৰমা ইউনিট’, ষোল্লটা ‘মডুলাৰ অপাৰেশ্যন থিয়েটাৰ’, ‘ডায়গনষ্টিক লেবৰেটৰী’, ‘ব্লাড বেংক’, ফাৰ্মাচী আদিৰ সুবিধাও থাকিব। হাৰিয়ানাত ‘এইমছ’ স্থাপন হাৰিয়ানাৰ লোকসকলক ব্যাপক, মানসম্পন্ন আৰু বিস্তৃত পৰিসৰৰ তৃতীয় পৰ্যায়ৰ চিকিত্সা তথা স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে কুৰুক্ষেত্ৰৰ জ্যোতিচাৰত নৱনিৰ্মিত ‘অনুভৱ কেন্দ্ৰ’ উদ্বোধন কৰিব। পৰীক্ষামূলকভাবে নিৰ্মাণ কৰা এই সংগ্ৰহালয়টো প্ৰায় ২৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। সংগ্ৰহালয়টো ১৭ একৰৰো অধিক পৰিসৰত বিস্তৃত, সংগ্ৰহালয়টোৰ আভ্যন্তৰীণ ভাগে ১০০,০০০ বৰ্গফুটতকৈয়ো অধিক স্থান সামৰি লৈছে। ই ‘মহাভাৰত’ৰ মহাকাব্যিক আখ্যান আৰু ‘গীতা’ৰ শিক্ষাক জীৱন্ত কৰি তুলিব। সংগ্ৰহালয়টোৱে দৰ্শনাৰ্থীসকলৰ অভিজ্ঞতা সমৃদ্ধ কৰাৰ বাবে ‘অগমেন্টেড ৰিয়েলিটী’ (এআৰ), ‘৩ডি লেজাৰ’, আৰু ‘প্ৰজেকশ্যন মেপিং’কে ধৰি অত্যাধুনিক প্ৰযুক্তিৰ সুবিধাও লাভ কৰিছে। কুৰুক্ষেত্ৰৰ জ্যোতিচাৰ হৈছে এক পৱিত্ৰ স্থান য'ত ভগৱান কৃষ্ণই অৰ্জুনক ভগৱৎ গীতাৰ চিৰন্তন জ্ঞান প্ৰদান কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে একাধিক ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। আধাৰশিলা স্থাপন কৰিব লগা প্ৰকল্পকেইট হৈছে ৰেৱাৰী-কাথুৱাছ ৰে'লপথ দ্বৈতকৰণ প্ৰকল্প (২৭.৭৩ কিলোমিটাৰ); কাথুৱা-নাৰনাউল ৰে’লপথ দ্বৈতকৰণ প্ৰকল্প ((২৪.১২ কিলোমিটাৰ); ভিৱানী-দোভ ভালি ৰে’লপথ দ্বৈতকৰণ প্ৰকল্প ((৪২.৩০ কিলোমিটাৰ); আৰু মানহেৰু-বাৱানী খেৰা ৰে’লপথ দ্বৈতকৰণ প্ৰকল্প ((৩১.৫০ কিলোমিটাৰ)। এই প্ৰকল্পসমূহে অঞ্চলটোত ৰে'লৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যাত্ৰী আৰু মালবাহী দুয়োধৰণৰ ৰে'লগাড়ীসমূহ সময়মতে চলাচল কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰোহতক-মেহম-হান্সি ৰে'লপথ (৬৮ কিলোমিটাৰ) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব, যাৰ ফলত ৰোহতক আৰু হিছাৰৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস পাব। তেওঁ ৰোহতক-মেহম-হাঁচী শাখাত ৰে'ল সেৱাৰ শুভাৰম্ভ কৰিব, যাৰ ফলত ৰোহতক আৰু হিছাৰ অঞ্চলত ৰে'ল সংযোগ উন্নত হ'ব আৰু ৰে'ল যাত্ৰীসকল উপকৃত হ'ব।

 

  • Jitender Kumar BJP Haryana State Gurugram MP and President June 04, 2025

    Broken
  • Jitender Kumar BJP Haryana State Gurugram MP and President June 04, 2025

    Jitender Kumar
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 19, 2025

    Who will help me here
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 19, 2025

    How can I deal
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 07, 2025

    BJP Haryana
  • Jitender Kumar BJP Haryana State MP December 29, 2024

    When a Village converted in The town
  • Jitender Kumar BJP Haryana State President November 14, 2024

    Nigam Parshad Nihal Singh City Rewari
  • Jitender Kumar BJP Haryana State President November 14, 2024

    Hospital in Rewari
  • Jitender Kumar BJP Haryana State President November 14, 2024

    Matrika Hospital rewari
  • Jitender Kumar November 04, 2024

    Rewari City'
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian economy outlook: Morgan Stanley sees India emerging as top consumer market; energy transition and manufacturing boost ahead

Media Coverage

Indian economy outlook: Morgan Stanley sees India emerging as top consumer market; energy transition and manufacturing boost ahead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays tribute to the resilience of Partition survivors on Partition Horrors Remembrance Day
August 14, 2025

Prime Minister Shri Narendra Modi today observed Partition Horrors Remembrance Day, solemnly recalling the immense upheaval and pain endured by countless individuals during one of the most tragic chapters in India’s history.

The Prime Minister paid heartfelt tribute to the grit and resilience of those affected by the Partition, acknowledging their ability to face unimaginable loss and still find the strength to rebuild their lives.

In a post on X, he said:

“India observes #PartitionHorrorsRemembranceDay, remembering the upheaval and pain endured by countless people during that tragic chapter of our history. It is also a day to honour their grit...their ability to face unimaginable loss and still find the strength to start afresh. Many of those affected went on to rebuild their lives and achieve remarkable milestones. This day is also a reminder of our enduring responsibility to strengthen the bonds of harmony that hold our country together.”