Quote‘ৰাণী কমলাপতি ৰে’ল ষ্টেশ্যন’ত পাঁচখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’-ৰ ‘ফ্লেগ অফ’ কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ, ভূপাল (ৰাণী কমলাপতি)-জবলপুৰ, ৰাঁচী-পাটনা, ধাৰৱাড়-বেংগালুৰু আৰু গোৱা (মাদগাঁও)-মুম্বাইৰ মাজত ‘বন্দে ভাৰত এক্সপ্ৰেছ’-ৰ চলাচল আৰম্ভ কৰা হ'ব
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২৩-ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব।
Quoteভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছে মধ্য প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ চহৰৰ মাজত সহজ আৰু দ্ৰুত ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু অঞ্চলটোৰ সাংস্কৃতিক, পৰ্যটন আৰু ধৰ্মীয় স্থানসমূহৰ সংযোগ উন্নত কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২৩-ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব।
পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰাণী কমলাপতি ৰে'ল ষ্টেশ্যন’ত উপস্থিত হ'ব আৰু পাঁচখন বন্দে ভাৰত ৰে'লৰ ‘ফ্লেগ অফ’ কৰিব। এইকেইখন ‘বন্দে ভাৰত’ ৰে’ল হৈছে: ভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছ; ভূপাল (ৰাণী কমলাপতি)-জবলপুৰ বন্দে ভাৰত এক্সপ্ৰেছ; ৰাঁচী-পাটনা বন্দে ভাৰত এক্সপ্ৰেছ; ধাৰৱাড়-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ। 
 

ভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছে মধ্য প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ চহৰৰ মাজত সহজ আৰু দ্ৰুত ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু অঞ্চলটোৰ সাংস্কৃতিক, পৰ্যটন আৰু ধৰ্মীয় স্থানসমূহৰ সংযোগ উন্নত কৰিব। 


ভূপাল (ৰাণী কমলাপতি) - জবলপুৰ ‘বন্দে ভাৰত এক্সপ্ৰেছ’য়ে ‘মহাকৌশল’ অঞ্চল (জবলপুৰ)ক মধ্য প্ৰদেশৰ কেন্দ্ৰীয় অঞ্চলৰ (ভূপাল) সৈতে সংযোগ কৰিব। লগতে, উন্নত সংযোগৰ দ্বাৰা অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰসমূহো লাভান্বিত হ'ব।
ৰাঁচী-পাটনা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ঝাৰখণ্ড আৰু বিহাৰৰ বাবে প্ৰথমখন ‘বন্দে ভাৰত’ ৰে’ল হ'ব। পাটনা আৰু ৰাঁচীৰ মাজত যোগাযোগ বৃদ্ধি কৰিব লগা এই ৰে'লখন পৰ্যটক, শিক্ষাৰ্থী আৰু ব্যৱসায়ীসকলৰ বাবে এক আশীৰ্বাদস্বৰূপ হ'ব।
ধাৰৱাড়-বেংগালুৰু ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ চহৰসমূহ- ধাৰৱাড় আৰু হুব্বালীক ৰাজ্যৰ ৰাজধানী বেংগালুৰুৰ সৈতে সংযোগ কৰিব। ই অঞ্চলটোৰ পৰ্যটক, শিক্ষাৰ্থী, উদ্যোগপতি আদিক যথেষ্ট উপকৃত কৰিব।


গোৱা (মাদগাঁও)-মুম্বাই ‘বন্দে ভাৰত এক্সপ্ৰেছ’ হ'ব গোৱাৰ প্ৰথমখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’। ই মুম্বাইৰ ‘ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ’ আৰু গোৱাৰ ‘মাদগাঁও ষ্টেশ্যন’ৰ মাজত চলিব আৰু গোৱা আৰু মহাৰাষ্ট্ৰ দুয়োখন ৰাজ্যৰ পৰ্যটন বৃদ্ধিত সহায় কৰিব।

 

  • Dipanjoy shil December 27, 2023

    bharat Mata ki Jay🇮🇳
  • Santhoshpriyan E October 01, 2023

    Jai hind
  • Dr Sudhanshu Dutt Sharma July 20, 2023

    मुझे गर्व है कि मैंने मोदी युग में जन्म लिया। आपकी कड़ी मेहनत और देश के लिए समर्पण एक मिसाल है ।आप का को युगों युगों तक याद किया जायेगा। जय श्री राम🚩🚩🚩🚩
  • Sundar lal jatav July 11, 2023

    माननीय परम श्रद्धेय प्रधानमंत्री जी का स्वागत वंदन अभिनंदन है 🙏🌹
  • seema mishra July 07, 2023

    जय जय श्री राम
  • MLA KUMAR AILANI July 04, 2023

    जय श्री राम
  • Ranoj Pegu July 01, 2023

    Namo Namo
  • Manisha Pathak June 30, 2023

    माननीय प्रधानमंत्री जी का स्वागत वंदन अभिनंदन है 💐💐
  • વીભાભાઈ ડવ June 29, 2023

    NAMO NAMO
  • VenkataRamakrishna June 28, 2023

    జై శ్రీ రామ్
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy

Media Coverage

India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ফেব্ৰুৱাৰী 2025
February 20, 2025

Citizens Appreciate PM Modi's Effort to Foster Innovation and Economic Opportunity Nationwide