প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ডিচেম্বৰত কচ্ছৰ ধোৰদো ভ্ৰমণ কৰিব আৰু ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰিব। এই প্ৰকল্পৰ মাজত আছেঃ পানীক নিমখমুক্ত কৰাৰ প্ৰকল্প, মিশ্ৰ পুনৰ নবীকৰণ যোগ্য শক্তি পাৰ্ক, সম্পূৰ্ণ স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং প্লাণ্ট। গুজৰাটৰ মুখ্যমন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। তেওঁ হোৱাইট ৰণ পৰিদৰ্শন কৰিব আৰু এক সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'ব।

 

গুজৰাটত বিস্তৃত উপকূলৱৰ্তী অঞ্চল আছে। ইয়াত সাগৰৰ পানীক খোৱা পানীত পৰিণত কৰাৰ বাবে নিমখমুক্ত কৰণ এটা গুৰুত্বপূৰ্ণ উদ্যোগৰ অংশ হিচাপে কচ্ছৰ মাণ্ডভিত এই প্লাণ্ট গঢ়ি উঠিব। এই নিমখমুক্ত কৰাৰ প্লাণ্টত দৈনিক ১০ কোটি লিটাৰ পানী পৰিশোধিত হ'ব। ইয়াৰ ফলত নৰমদা গ্ৰিড, সৌনি নেটৱৰ্ক আৰু বৰ্জ্য পানীৰ পুনৰ ব্যৱহাৰৰ পৰিকাথামোত সুবিধা হ'ব। দেশত স্থিতিশীল আৰু কম মূল্যৰ জল সম্পদৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য পদক্ষেপ। মুদ্ৰা, লাখপত, আবদাছা আৰু নাখাত্ৰানা অঞ্চলত প্ৰায় ৮ কোটি মানুহে ইয়াৰ পৰা নিমখমুক্ত পানী পাব। ইয়াৰ ফলত উজনিৰ ভাচাউ, ৰাপাৰ আৰু গান্ধীধাম জিলালৈ অতিৰিক্ত পানী পঠোৱা হ'ব।

 

দাহেজ (দৈনিক ১০ কোটি লিটাৰ), দ্বাৰকা (দৈনিক ৭ কোটি লিটাৰ), ঘোঘা ভাবনগৰ (দৈনিক ৭ কোটি লিটাৰ) আৰু গিৰ সোমনাথ (দৈনিক ৩ কোটি লিটাৰ) নিমখমুক্ত কৰাৰ প্লাণ্টবিলাকৰ সৈতে এই প্লাণ্টেও খোৱা পানী সৰবৰাহ কৰিব। গুজৰাটৰ কচ্ছ জিলাৰ ভিঘাকোট গাঁৱত মিশ্ৰ পুনৰ নবীকৰণ যোগ্য শক্তি পাৰ্কখন দেশৰ বৃহত্তম পুনৰ নবীকৰণ যোগ্য বিদ্যুৎ উৎপাদন কেন্দ্ৰ হ'ব। ইয়াৰ পৰা ৩০ গিগাৱাট পুনৰ নবীকৰণ যোগ্য বিদ্যুৎ উৎপাদন হ'ব। ৭২,৬০০ হেক্টৰ মাটিত প্ৰস্তুত হোৱা এই পাৰ্কত সৌৰশক্তি আৰু বায়ুশক্তিৰ মাধ্যমত বিদ্যুৎ উৎপাদন হ'ব। কচ্ছৰ আনজাৰত ছৰহদ দেইৰীত প্ৰধানমন্ত্ৰীয়ে এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়া কৰণ আৰু পেকেজিং প্ৰকল্পৰ শিলান্যাস কৰিব। এই প্ৰকল্পটো ১২১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব। ইয়াত দৈনিক ২ লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়া কৰণৰ ক্ষমতা থাকিব।  

 

  • krishangopal sharma Bjp January 01, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • krishangopal sharma Bjp January 01, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • krishangopal sharma Bjp January 01, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • Aarif Khan December 21, 2024

    good
  • Ganesh Ganesh TL February 02, 2024

    Ganesh TL project
  • Ganesh Ganesh TL February 02, 2024

    Ganesh TL project
  • Bhanu Shankar Patel January 07, 2024

    भारत माता कि जय
  • शिवकुमार गुप्ता March 20, 2022

    जय भारत
  • शिवकुमार गुप्ता March 20, 2022

    जय हिंद
  • शिवकुमार गुप्ता March 20, 2022

    जय श्री सीताराम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How GeM has transformed India’s public procurement

Media Coverage

How GeM has transformed India’s public procurement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds the new OCI Portal
May 19, 2025

The Prime Minister, Shri Narendra Modi has lauded the new OCI Portal. "With enhanced features and improved functionality, the new OCI Portal marks a major step forward in boosting citizen friendly digital governance", Shri Modi stated.

Responding to Shri Amit Shah, Minister of Home Affairs of India, the Prime Minister posted on X;

"With enhanced features and improved functionality, the new OCI Portal marks a major step forward in boosting citizen friendly digital governance."