QuotePM to visit Kaziranga National Park
QuotePM to participate in ‘Viksit Bharat Viksit North East’ programme in Itanagar
QuotePM to inaugurate, dedicate and lay the foundation stone of multiple development projects worth Rs 55,600 crore in Manipur, Meghalaya, Nagaland, Sikkim, Tripura and Arunachal Pradesh
QuotePM to lay the foundation stone of Dibang Multipurpose Hydropower Project in Arunachal Pradesh
QuotePM to dedicate Sela Tunnel to the nation; Tunnel will provide all weather connectivity to Tawang; Foundation stone of the Tunnel was laid by the PM in February 2019
QuoteFor strengthening industrial development in Northeast, PM to launch UNNATI scheme worth about Rs 10,000 crore
QuotePM to inaugurate Sabroom Land Port; it will facilitate movement of passengers and cargo between Indian and Bangladesh; Foundation stone of this project was also laid by PM in March 2021
QuoteSectors like rail, road, health, housing, education, IT, Power, Oil and Gas to get boost in North East
QuotePM to unveil the statue of renowned Ahom general Lachit Borphukan in Jorhat
QuotePM to inaugurate, dedicate and lay the foundation stone of multiple development projects worth more than Rs 17,500 Crore in Assam
QuotePM to inaugurate about 5.5 lakh homes built under PMAY-G across Assam
QuoteRail, Health and Oil and Gas to also be major focus areas in Assam
QuotePM to particpate in ‘Viksit Bharat Viksit West Bengal’ programme in Siliguri
QuotePM to inaugurate and dedicate to nation multiple projects of rail and road sector worth more than Rs. 4500 crores in West Bengal
QuotePM to perform Darshan and Pooja at Shri Kashi Vishwanath Temple, Varanasi
QuotePM to inaugurate, dedicate and lay the foundation stone of multiple development initiatives worth more than Rs 42,000 crore in UP
QuoteIn a major boost to Aviation sector of the country, PM to inaugurate and lay the foundation stone of new terminal buildings of 15 airports across the country
QuotePM to inaugurate Light House Projects (LHP) in Lucknow and Ranchi; foundation stone of these LHPs was laid by the PM in January 2021
QuoteRail and road infrastructure to get strengthened in UP as projects worth more than Rs 27,000 crore will be taken up
QuotePM to dedicate to nation about 744 rural road projects under PMGSY worth more than Rs 3700 crore in UP
QuotePM to disburse first instalment under Mahatari Vandana Yojana in Chhattisgarh

প্ৰধানমন্ত্ৰীয়ে ৮-১০ মাৰ্চ, ২০২৪ত অসম, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।

৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৯ মাৰ্চৰ পুৱা প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। পুৱা ১০:৩০ বজাত তেখেতে ইটানগৰত ‘বিকশিত ভাৰত, বিকশিত উত্তৰ-পূব’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াতে তেখেতে ছেলা টানেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু প্ৰায় ১০,০০০ কোটি টকা মূল্যৰ উন্নতি আঁচনিৰ শুভাৰম্ভ কৰিব। এই কাৰ্য্যসূচীতে তেখেতে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১২:১৫ বজাত যোৰহাটত উপস্থিত হৈ প্ৰখ্যাত আহোম সেনাপতি লাচিত বৰফুকনৰ সু-উচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰিব। লগতে যোৰহাটত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে অসমত ১৭,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ পিছত তেওঁ পশ্চিমবংগৰ শিলিগুড়িলৈ গৈ বিয়লি প্ৰায় ৩:৪৫ বজাত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। তেখেতে পশ্চিম বংগত প্ৰায় ৪,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীগৰাকী উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’ব। তেখেতে বাৰাণসীৰ শ্ৰী কাশী বিশ্বনাথ মন্দিৰ দৰ্শন আৰু ইয়াত পূজা-অৰ্চনা কৰিব।

১০ মাৰ্চৰ দিনা দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াতে তেখেতে উত্তৰ প্ৰদেশত ৪২ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰী বাৰাণসীত উপস্থিত হ’ব আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছত্তীশগড়ত মহাতৰী বন্দনা যোজনাৰ অধীনত প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিব।

অসমত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল দৰ্শন কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা খড়্গ থকা গঁড়ৰ বাবে বিখ্যাত। হাতী, বনৰীয়া ম'হ, দল-হৰিণা আৰু বাঘ আদিৰো উদ্যানখন বিচৰণভূমি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মোগলক পৰাস্ত কৰা অসমীয়া সৈন্যৰ বিখ্যাত সেনাপতি লাচিত বৰফুকনৰ ৮৪-ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিব। এই প্ৰকল্পই সামৰি লৈছে লাচিত আৰু টাই-আহোম সংগ্ৰহালয় নিৰ্মাণৰ লগতে ৫০০ জনীয়া আসনৰ এটি প্ৰেক্ষাগৃহক। এই প্ৰকল্পৰ জৰিয়তে লাচিত বৰফুকনৰ বীৰত্বক স্মৰণৰ লগতে তেওঁৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। ইয়াৰদ্বাৰা পৰ্যটনৰো উত্থান ঘটিব আৰু কৰ্ম-সংস্থাপনৰো সুযোগ সৃষ্টি হ’ব।

যোৰহাটৰ ৰাজহুৱা কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য, তেল আৰু গেছ, ৰেল আৰু গৃহ-নিৰ্মাণ খণ্ডক সুদৃঢ় কৰি তোলা একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু গুৱাহাটীত হেমাট’-লিম্ফ’ইড চেন্টাৰকে প্ৰমুখ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ ০.৬৫ ৰপৰা ১ এমএমটিপিএলৈ (বছৰি মিলিয়ন মেট্ৰিক টন) ডিগবৈ শোধনাগাৰৰ ক্ষমতা সম্প্ৰসাৰণ; গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণ (১.০ ৰপৰা ১.২ এমএমটিপিএলৈ)ৰ লগতে কেটালাইটিক ৰিফৰ্মিং ইউনিটৰ (CRU) সংস্থাপন আৰু বেতকুচি (গুৱাহাটী) টাৰ্মিনেলত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ সুবিধাসমূহৰ বৰ্ধনকে ধৰি তেল আৰু গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে তিনিচুকীয়াত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ দৰে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰকল্প আৰু প্ৰায় ৩,৯৯২ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা ৭১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাৰাউনী - গুৱাহাটী পাইপলাইন (প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮,৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণ (PMAY-G)ৰ অধীনত প্ৰায় ৫.৫ লাখ গৃহ উদ্বোধনো কৰিব।

প্ৰধানমন্ত্ৰীয়ে ধূপধৰা-ছয়গাঁও শাখা (নিউ বঙাইগাঁও – গোৱালপাৰা হৈ গুৱাহাটী ডাবলিং প্ৰকল্পৰ অংশ) আৰু নিউ বঙাইগাঁও – সৰভোগ শাখা (নিউ বঙাইগাঁও – আগিয়াঠুৰি ডাবলিং প্ৰকল্পৰ অংশ)কে প্ৰমুখ্য কৰি অসমৰ ১,৩০০ কোটি টকাৰো অধিক মূল্যৰ গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী

উত্তৰ-পূবৰ প্ৰগতি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সুদৃঢ়কৰণেৰে ইটানগৰত 'বিকশিত ভাৰত, বিকশিত উত্তৰ-পূৰ্বাঞ্চল' কাৰ্য্যসূচীত মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ৰেল, পথ, স্বাস্থ্য, গৃহ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, আইটি, শক্তি, তেল আৰু গেছৰ দৰে খণ্ডসমূহৰ সৈতে সম্পৰ্কীয় কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰা হ'ব।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন ঔদ্যোগিক উন্নয়ন আঁচনি ‘উন্নতি’ (UNNATI- Uttar Poorva Transformative Industrialization Scheme)ৰ শুভাৰম্ভ কৰিব। এই আঁচনিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগিক বাতাবৰণক সুদৃঢ়, নতুন বিনিয়োগক প্ৰলুব্ধ, নতুন উৎপাদন আৰু সেৱা ইউনিট স্থাপনত সহায় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কৰ্ম-সংস্থাপনৰ ক্ষেত্ৰত উদ্দীপনা যোগাব। এই আঁচনিখনৰ মূল্য ১০,০০০ কোটি টকা। ভাৰত চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যকেই সামৰি এই আঁচনি ৰূপায়ণ কৰা হ’ব। আঁচনিখনে মূলধনী বিনিয়োগ, সুতৰ সাহায্য আৰু অনুমোদিত ইউনিটসমূহৰ সৈতে উৎপাদন আৰু সেৱা সংযুক্ত ইনচেনটিভৰ বাবে উদ্দীপনা যোগাব। যোগ্য ইউনিটৰ সহজ আৰু স্বচ্ছ পঞ্জীয়নৰ বাবেও এটা পৰ্টেল আৰম্ভ কৰা হৈছে। ‘উন্নতি’য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অনুঘটক হিচাপে ক্ৰিয়া কৰিব আৰু অৰ্থনৈতিক বিকাশ তথা উন্নয়নত সহায় কৰিব।

প্ৰায় ৮২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছেলা টানেল প্ৰকল্পটো হৈছে এক কাৰিকৰী আশ্চৰ্য্য। ইয়াৰ জৰিয়তে অৰুণাচল প্ৰদেশলৈ বালিপৰা-চাৰিদুৱাৰ- টাৱাং পথৰ ছেলা পাছৰ টাৱাঙলৈকে সকলো বতৰৰে উপযোগী যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব। ইয়াক নতুন অষ্ট্ৰিয়ান টানেলিং পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত উচ্চতম মানদণ্ডৰ সুৰক্ষা বৈশিষ্ট্যৰে সমৃদ্ধ কৰা হৈছে। এই প্ৰকল্পই অঞ্চলটোত দ্ৰুত আৰু অধিক কাৰ্য্যক্ষম পৰিবহণ ব্যৱস্থা প্ৰশস্তই নহয়, বৰঞ্চ দেশৰ বাবে ইয়াৰ কৌশলগত গুৰুত্বও আছে। ২০১৯ৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়েই এই ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশত ৪১ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৩১,৮৭৫ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই বান্ধটো হ’ব দেশৰ সৰ্বোচ্চ ডেম গাঁথনি। ইয়াৰদ্বাৰা শক্তি উৎপাদন হ’ব, বানপানীৰ মডাৰেচনত সহায় হ’ব আৰু অঞ্চলটোত কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি আৰু আৰ্থ-সামাজিক উন্নয়নৰ সূচনা হ’ব।

আধাৰশিলা স্থাপন কৰিবলগীয়া আন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত ‘ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰেম’ৰ অধীনত কেইবাটাও পথ, পৰিবেশ আৰু পৰ্যটন প্ৰকল্প; বিদ্যালয়সমূহক ৫০ সোণালী জয়ন্তী বিদ্যালয়লৈ উন্নীত কৰা যি সমূহত অত্যাধুনিক আন্তঃগাঁথনিৰ সুবিধাৰ জৰিয়তে সামগ্ৰিক শিক্ষা প্ৰদান কৰা হ’ব; ডনি-প'ল' বিমানবন্দৰৰপৰা নাহৰলগন ৰেলৱে ষ্টেচনলৈ ডাবল লেনৰ পথ আদি।

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ কেইবাটাও পথ প্ৰকল্পকে ধৰি ভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। জাল জীৱন মিছনৰ প্ৰায় ১,১০০ টা প্ৰকল্প, ইউনিভাৰ্চেল চাৰ্ভিচ অবলিগেচন ফাণ্ড (USOF)ৰ অধীনত ১৭০ টা টেলিকম টাৱাৰ যিয়ে ৩০০ খনৰো অধিক গাঁওক উপকৃত কৰিব আদি। লগতে, প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত (নগৰীয়া আৰু গ্ৰাম্য উভয়ে) ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৩৫ হাজাৰৰো অধিক গৃহ হিতাধিকাৰীসকলক গতাই দিব।

প্ৰধানমন্ত্ৰীয়ে মণিপুৰত ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আধাৰশিলা স্থাপন কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে নীলাকুঠিত ইউনিটি মল স্থাপন; মন্ত্ৰীপুখুৰীত মণিপুৰ আইটি এছইজেদৰ প্ৰচেছিং জ’নৰ আন্তঃগাঁথনিৰ উন্নয়ন; মনোৰোগৰ উন্নত চিকিৎসাৰ বাবে লম্পঝেলপাটত ৬০-খন বিচনাযুক্ত ৰাজ্যিক চিকিৎসালয় নিৰ্মাণ আৰু ইম্ফল পশ্চিম জিলাৰ মণিপুৰ কাৰিকৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন। প্ৰধানমন্ত্ৰীয়ে আন-আন প্ৰকল্পৰ লগতে মণিপুৰত ভিন্ন পথ প্ৰকল্প আৰু কেইবাখনো পানী যোগান আঁচনি উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডত ১,৭০০ কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আধাৰশিলা স্থাপন কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে একাধিক পথ প্ৰকল্প; চুমৌকেডিমাত ইউনিটি মল স্থাপন আৰু ডিমাপুৰৰ নগৰজানত ১৩২ কেভি উপ-কেন্দ্ৰৰ ক্ষমতা ৰূপান্তৰৰ উন্নীতকৰণৰ কাম। প্ৰধানমন্ত্ৰীয়ে চেণ্ডাং চেডেলৰপৰা নোক্লকলৈ (পৰ্য্যায়-১) পথ উন্নীতকৰণৰ প্ৰকল্প আৰু কহিমা-জেছামি ৰোডকে ধৰি আন কেইবাটাও পথ প্ৰকল্প উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মেঘালয়ত ২৯০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আধাৰশিলা স্থাপন কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে টুৰাত আইটি পাৰ্ক স্থাপন আৰু নিউ শ্বিলং টাউনশ্বিপত নতুন চাৰিলেনযুক্ত পথ নিৰ্মাণ আৰু বৰ্তমানৰ দুলেনযুক্ত পথ চাৰিলেনলৈ ৰূপান্তৰকৰণৰ কাম। প্ৰধানমন্ত্ৰীয়ে আপাৰ শ্বিলঙত কৃষকৰ হোষ্টেল-তথা-প্ৰশিক্ষণ কেন্দ্ৰও উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ছিকিমত ৪৫০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে ৰংপো ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়ন আৰু কেইবাটাও পথ প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ থাৰ্পু আৰু দৰমদিন সংযোগী নতুন পথটোও উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত ৮,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আধাৰশিলা স্থাপন কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে আগৰতলা পশ্চিম বাইপাছৰ নিৰ্মাণ আৰু ৰাজ্যজুৰি একাধিক পথ প্ৰকল্প নিৰ্মাণ; ভাৰতীয় তেল নিগমৰ চেকেৰকোটত নিৰ্মাণ হ’বলগীয়া নতুন ডিপো আৰু ড্ৰাগছ আসক্ত ব্যক্তিৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ভিন্ন পথ প্ৰকল্পও উদ্বোধন কৰিব; ১.৪৬ লাখ গ্ৰামীণ কাৰ্য্যক্ষম ঘৰুৱা টেপ সংযোগৰ বাবে প্ৰকল্প আৰু প্ৰায় ২৩০ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত দক্ষিণ ত্ৰিপুৰা জিলাৰ চাবৰুমত স্থল বন্দৰ উদ্বোধন কৰিব।

ভাৰত আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চাবৰুম স্থল বন্দৰ স্থাপন কৰা হৈছে। স্থল বন্দৰটো যাত্ৰী টাৰ্মিনেল ভৱন, কাৰ্গো প্ৰশাসনিক ভৱন, গুদাম, অগ্নিনিৰ্বাপক বাহিনীৰ ভৱন, বৈদ্যুতিক চাবষ্টেচন, পাম্প হাউচ আদিৰ দৰে সুবিধাৰে সমৃদ্ধ। ইয়াৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰী আৰু সামগ্ৰীৰ যাতায়াত আৰু সৰবৰাহত সুবিধা হ’ব। ২০২১ৰ মাৰ্চত প্ৰধানমন্ত্ৰীয়েই এই বন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল।

পশ্চিম বংগত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে শিলিগুড়িত বিকশিত ভাৰত, বিকশিত পশ্চিম বংগ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। তেখেতে ৪,৫০০ কোটি টকাৰো অধিক মূল্যৰ ৰেল আৰু পথ খণ্ডৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ বংগ আৰু নিকটৱৰ্তী অঞ্চলৰ লোকসকলক উপকৃত কৰিবলগীয়া ৰেল লাইন বৈদ্যুতীকৰণৰ একাধিক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে একলাখী - বালুৰঘাট শাখা; বৰছয় - ৰাধিকাপুৰ শাখা; ৰাণীনগৰ জলপাইগুড়ি - হালধিবাৰী শাখা; বাগডোগ্ৰা আৰু শিলিগুড়ি – চিভোক – আলিপুৰদুৱাৰ জংচন – শামুকতালা (আলিপুৰদুৱাৰ জংচন – নিউ কোচ বিহাৰকে ধৰি) শাখা হৈ শিলিগুৰি - আলুৱাবাৰী শাখা।

প্ৰধানমন্ত্ৰীয়ে মণিগ্ৰাম - নিমটিতা শাখাত ৰেলপথ দ্বৈতকৰণৰ প্ৰকল্পকে ধৰি আন-আন গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পসমূহো উৎসৰ্গা কৰিব আৰু নিউ জলপাইগুড়িত ইলেক্ট্ৰনিক ইন্টাৰলককে ধৰি আমবাৰী ফালাকাটা - আলুৱাবাৰীত স্বয়ংক্ৰিয় ব্লক সংকেত প্ৰদান ব্যৱস্থা উদ্বোধন কৰিব। শিলিগুড়ি আৰু ৰাধিকাপুৰৰ মাজত নতুন যাত্ৰীবাহী ৰেল সেৱাৰো ফ্লেগ-অফ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই ৰেল প্ৰকল্পসমূহে ৰেল যোগাযোগৰ অগ্ৰগতি সাধন, মালৰ চলাচলৰ ক্ষেত্ৰত সুবিধা আৰু অঞ্চলটোত কৰ্ম-সংস্থাপন সৃষ্টি তথা অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত ৩,১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। এয়া হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত ঘোষপুকুৰ - ধুপগুড়ি অংশ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত ইছলামপুৰ বাইপাছ। পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ অংশ হৈছে ঘোষপুকুৰ - ধুপগুড়ি অংশ। এই অংশৰ চাৰি লেনিঙে উত্তৰ বংগ আৰু উত্তৰ-পূব অঞ্চলৰ মাজত নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থাৰ সূচনা কৰিব। চাৰিলেনযুক্ত ইছলামপুৰ বাইপাছে ইছলামপুৰ চহৰত যানজঁট হ্ৰাসত সহায় কৰিব। পথ প্ৰকল্পসমূহে অঞ্চলটোৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো গতি প্ৰদান কৰিব।

উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত ৪২ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

অসামৰিক বিমান পৰিবহণ খণ্ডক এক বৃহৎ উদ্দীপনা প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে ৯,৮০০ কোটি টকাৰো অধিক মূল্যৰ ১৫ টা বিমানবন্দৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেখেতে পুনে, কলহাপুৰ, গোৱালিয়ৰ, জবলপুৰ, দিল্লী, লক্ষ্ণৌ, আলিগড়, আজমগড়, চিত্ৰকূট, মোৰাদাবাদ, শ্রাবস্তী আৰু আদমপুৰ বিমানবন্দৰৰ ১২ টা নতুন টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে কদাপা, হুব্বল্লী আৰু বেলাগাভি বিমানবন্দৰৰ তিনিটা নতুন টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব।

১২টা নতুন টাৰ্মিনেল ভৱনৰ সংযুক্ত ক্ষমতাই বছৰি ৬২০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পাৰিব, আনহাতে যিবোৰ টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰৰ সম্পূৰ্ণ হ’লে, এই বিমানবন্দৰসমূহৰ সংযুক্ত যাত্ৰী পৰিচালনা ক্ষমতা বছৰি ৯৫ লাখলৈ বৃদ্ধি পাব। এই টাৰ্মিনেল ভৱনসমূহত যাত্ৰীসকলৰ বাবে অত্যাধুনিক সুবিধা থকাৰ লগতে বিভিন্ন বহনক্ষমতাৰ বৈশিষ্ট্য যেনে ডাবল ইনচুলেটেড ৰুফিং ছিষ্টেম, শক্তি সঞ্চয়ৰ বাবে কেনপিৰ ব্যৱস্থা, এলইডি লাইটিং আদিৰ ব্যৱস্থা কৰা হৈছে।এই বিমানবন্দৰসমূহৰ ডিজাইনসমূহ সাধাৰণৰ পৰা প্ৰভাৱিত আৰু আহৰণ কৰা হৈছে সেই ৰাজ্য আৰু চহৰৰ ঐতিহ্য গঠনৰ উপাদানসমূহ, যাৰ ফলত স্থানীয় সংস্কৃতি প্ৰতিফলিত হয় আৰু অঞ্চলটোৰ ঐতিহ্যক উজ্জ্বল কৰি তোলা হয়।

প্ৰধানমন্ত্ৰীৰ অন্যতম মূল কেন্দ্ৰবিন্দু হৈছে সকলোৰে বাবে আৱাসগৃহৰ ব্যৱস্থা কৰা। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ইয়াক লাভ কৰাৰ বাবে এটা উদ্ভাৱনীমূলক উপায় হৈছে লাইট হাউচ প্ৰকল্পৰ ধাৰণা। প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌ আৰু ৰাঁচীত লাইট হাউছ প্ৰজেক্ট (এল এইচ পি) উদ্বোধন কৰিব যাৰ অধীনত আধুনিক আন্তঃগাঁথনিৰে ২০০০ৰো অধিক সুলভ মূল্যৰ ফ্লেট নিৰ্মাণ কৰা হৈছে। এই এল এইচ পিসমূহত ব্যৱহাৰ কৰা উদ্ভাৱনীমূলক নিৰ্মাণ প্ৰযুক্তিয়ে পৰিয়ালসমূহক এক বহনক্ষম আৰু ভৱিষ্যতৰ জীৱন-যাপনৰ অভিজ্ঞতা প্ৰদান কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে চেন্নাই, ৰাজকোট আৰু ইন্দোৰত অনুৰূপ লাইট হাউচ প্ৰজেক্ট উদ্বোধন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ ১ জানুৱাৰীত এই এল এইচ পি সমূহৰ আধাৰশিলা স্থাপন কৰিছিল।

ৰাঁচী এল এইচ পিৰ বাবে জাৰ্মানীৰ প্ৰিকাষ্ট কংক্ৰিট নিৰ্মাণ ব্যৱস্থা-৩ডি ভলিউমেট্ৰিক প্ৰযুক্তি গ্ৰহণ কৰা হৈছে। এল এইচ পি ৰাঁচীৰ এটা অনন্য বৈশিষ্ট্য হ’ল প্ৰতিটো কোঠা পৃথকে পৃথকে নিৰ্মাণ কৰা হৈছে আৰু তাৰ পিছত সমগ্ৰ গঠনটো লেগো ব্লকছৰ খেলনাৰ দৰে যোগ কৰা হৈছে। প্ৰি-ইঞ্জিনিয়াৰিং ষ্টীল ষ্ট্ৰাকচাৰেল চিষ্টেমৰ সৈতে কানাডাৰ ষ্টে ইন প্লেচ পিভিচি ফৰ্মৱৰ্ক ব্যৱহাৰ কৰি লক্ষ্ণৌৰ এল এইচ পিসমূহ  নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত ১৯ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত প্ৰকল্পসমূহৰ ভিতৰত আছে ফ’ৰলেনযুক্ত লক্ষ্ণৌ ৰিং ৰোডৰ তিনিটা পেকেজ আৰু ২নং ৰাষ্ট্ৰীয় ঘাইপথৰ এলাহাবাদ অংশলৈ চাকেৰীৰ ছয় লেনিং। প্ৰধানমন্ত্ৰীয়ে ৰামপুৰ–ৰুদ্ৰপুৰৰ পশ্চিম ফালৰ স্পাৰৰ ফ’ৰলেনিঙৰ আধাৰশিলাও স্থাপন কৰিব; কানপুৰ ৰিং ৰোডৰ ছয় লেনিঙৰ দুটা পেকেজ আৰু ৰাইবাৰেলীৰ ফ’ৰলেনিং– ৰাষ্ট্ৰীয় ঘাইপথ-২৪বি/৩০নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰয়াগৰাজ অংশ। এই পথ প্ৰকল্পসমূহে সংযোগৰ উন্নতি সাধন কৰিব, যান-জঁট হ্ৰাস কৰাত সহায় কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত ৩৭০০ কোটিতকৈ অধিক মূল্যৰ প্ৰায় ৭৪৪টা গ্ৰাম্য পথ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ফলত উত্তৰ প্ৰদেশৰ ৫,৪০০ কিলোমিটাৰতকৈ অধিক গ্ৰাম্য পথৰ ক্ৰমবৰ্ধমান নিৰ্মাণ হ’ব, যাৰ ফলত ৰাজ্যখনৰ প্ৰায় ৫৯খন জিলা উপকৃত হ’ব। ইয়াৰ দ্বাৰা সংযোগ বৃদ্ধি পাব আৰু আৰ্থ-সামাজিক উন্নয়নত এক উল্লেখযোগ্য উত্থান লাভ কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮২০০ কোটি টকাৰ একাধিক ৰে’ল প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব, যাৰ ফলত উত্তৰ প্ৰদেশৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী হ’ব। তেওঁ একাধিক মূল ৰে’ল অংশৰ দ্বৈত পথ আৰু বিদ্যুতীকৰণ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ ভাটনি-পেওকোল বাইপাছ লাইনো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব যিয়ে ভাটনীত ইঞ্জিন উলটি যোৱাৰ সমস্যাৰ অন্ত পেলাব আৰু নিৰৱচ্ছিন্ন ৰে’ল চলাচলৰ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে বাহৰেইচ-নানপাৰা-নেপালগঞ্জ ৰোড ৰে’ল অংশৰ গজ পৰিৱৰ্তনৰ কামৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত ব্ৰড গজ লাইনৰ জৰিয়তে মহানগৰসমূহৰ সৈতে অঞ্চলটো সংযোগ কৰা হ’ব যিয়ে দ্ৰুত উন্নয়নৰ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে গাঞ্জীপুৰ চহৰ আৰু গাজীপুৰ ঘাটৰ পৰা তাৰিঘাটলৈ গংগা নদীৰ ওপৰত এখন ৰে’ল দলঙকে ধৰি নতুন ৰে’ল লাইন উদ্বোধন কৰিব। তেওঁ গাজীপুৰ চহৰ-তাৰীঘাট-দিলদাৰ নগৰ জুনিয়ৰৰ মাজত মেমু ৰে’ল সেৱাও শুভাৰম্ভ কৰিব।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে প্ৰয়াগৰাজ, জৌনপুৰ আৰু ইটাৱাত একাধিক নলা পৰিশোধন প্লাণ্ট আৰু এনেধৰণৰ অন্যান্য প্ৰকল্পও উদ্বোধন আৰু উৎসৰ্গা কৰিব।

মহাতৰী বন্দনা যোজনা

ছত্তীশগড়ত মহিলা সৱলীকৰণৰ এক বৃহৎ উত্থানৰ ৰূপত প্ৰধানমন্ত্ৰীয়ে মহাতৰী বন্দনা যোজনাৰ অধীনত প্ৰথম কিস্তি প্ৰদান কৰিব। ৰাজ্যৰ যোগ্য বিবাহিতা মহিলাক মাহেকীয়া ডিবিটি হিচাপে প্ৰতিমাহে ১০০০ টকা আৰ্থিক সাহায্য প্ৰদানৰ বাবে ছত্তীশগড়ত এই আঁচনিখন আৰম্ভ কৰা হৈছে। মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণ নিশ্চিত কৰা, তেওঁলোকক আৰ্থিক সুৰক্ষা প্ৰদান কৰা, লিংগ সমতা বৃদ্ধি কৰা আৰু পৰিয়ালত মহিলাৰ নিৰ্ণায়ক ভূমিকা শক্তিশালী কৰাৰ কল্পনা কৰা হৈছে।

এই আঁচনিৰ জৰিয়তে ২০২৪ চনৰ ১ জানুৱাৰীলৈকে ৰাজ্যৰ ২১ বছৰৰ ওপৰৰ সকলো যোগ্য বিবাহিত মহিলাক সুবিধা প্ৰদান কৰা হ’ব।বিধৱা, বিবাহ বিচ্ছেদ হোৱা আৰু অকলশৰী মহিলাসকলো এই আঁচনিৰ বাবে যোগ্য হ’ব। প্ৰায় ৭০ লাখ মহিলাই এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব।

 

  • Reena chaurasia September 01, 2024

    bjp
  • Reena chaurasia September 01, 2024

    मोदी
  • Vivek Kumar Gupta May 22, 2024

    नमो ...............🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta May 22, 2024

    नमो ......................🙏🙏🙏🙏🙏
  • HITESH HARYANA District Vice President BJYM Nuh April 23, 2024

    जय श्री राम 🚩🌹
  • pradeep goyal April 11, 2024

    Jai shree ram 🚩
  • Shabbir meman April 10, 2024

    🙏🙏
  • RamrajThakur April 04, 2024

    जय श्री राम
  • Dr Hans Raj April 03, 2024

    जय श्री राम। 🙏🏼🙏🏼🙏🏼
  • Ashutosh Sharma March 30, 2024

    Abki bar 400 par
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi

Media Coverage

Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi urges everyone to stay calm and follow safety precautions after tremors felt in Delhi
February 17, 2025

The Prime Minister, Shri Narendra Modi has urged everyone to stay calm and follow safety precautions after tremors felt in Delhi. Shri Modi said that authorities are keeping a close watch on the situation.

The Prime Minister said in a X post;

“Tremors were felt in Delhi and nearby areas. Urging everyone to stay calm and follow safety precautions, staying alert for possible aftershocks. Authorities are keeping a close watch on the situation.”