Quoteমহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ ১৬২ সংখ্যক জয়ন্তী উপলক্ষে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে
Quote১১টা খণ্ডৰ প্ৰথম ছিৰিজ উন্মোচন কৰা হ’ব

মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ ১৬২ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা'ৰ (Collected Works of Pandit Madan Mohan Malaviya) ১১টা খণ্ডৰ প্ৰথম ছিৰিজটো ২০২৩ৰ ২৫ ডিচেম্বৰৰ বিয়লি প্ৰায় ৪:৩০ বজাত বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অমৃত কালৰ এই সময়ছোৱাত ৰাষ্ট্ৰ সেৱাত অপৰিসীম অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামীসকলক যথাৰ্থ স্বীকৃতি জনোৱাৰ দৃষ্টি গ্ৰহণ কৰিছে। 'পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা' এই ক্ষেত্ৰতে এটি প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।

প্ৰায় ৪,০০০ পৃষ্ঠাত বিস্তৃত ১১টা খণ্ডৰ দ্বিভাষিক (ইংৰাজী আৰু হিন্দী) এই ৰচনাত দেশৰ প্ৰতিটো প্ৰান্তৰপৰা সংগৃহীত পণ্ডিত মদন মোহন মালৱীয়ৰ লেখা আৰু ভাষণসমূহ সংকলন কৰা হৈছে। এই খণ্ডসমূহত তেওঁৰ অপ্ৰকাশিত চিঠি, প্ৰবন্ধ আৰু ভাষণসমূহ, স্মাৰকপত্ৰ; ১৯০৭ত তেওঁ আৰম্ভ কৰা হিন্দী সাপ্তাহিক ‘অভ্যুদয়’ৰ সম্পাদকীয়; তেওঁ মাজে-সময়ে লিখা প্ৰবন্ধ, পাম্পলেট আৰু পুস্তিকা (booklet); ১৯০৩-১৯১০ত আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ বিধান পৰিষদত প্ৰদান কৰা সকলো ভাষণ; ৰয়েল কমিছনক প্ৰদান কৰা বক্তব্য; ১৯১০-১৯২০ত ইম্পেৰিয়েল বিধান পৰিষদত বিধেয়ক দাখিলৰ সময়ত প্ৰদান কৰা ভাষণ; বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে আৰু পিছত লিখা চিঠি, প্ৰবন্ধ আৰু ভাষণ আৰু ১৯২৩-১৯২৫ত তেওঁ লিখা ডায়েৰী সন্নিৱিষ্ট কৰা হৈছে।

মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ আদৰ্শ আৰু প্ৰমূল্যৰাজি প্ৰচাৰৰ বাবে সমৰ্পিত প্ৰতিষ্ঠান মহামান্য মালৱীয় মিছনে পণ্ডিত মদন মোহন মালৱীয়ই লিখা আৰু কোৱা নথিসমূহৰ গৱেষণা আৰু সংকলনৰ কাম হাতত লৈছিল। বিশিষ্ট সাংবাদিক শ্ৰী ৰাম বাহাদুৰ ৰায়ৰ নেতৃত্বত মিছনৰ এক নিষ্ঠাবান টীমে পণ্ডিত মদন মোহন মালৱীয়ৰ মৌলিক সাহিত্যৰ ভাষা আৰু পাঠ্যৰ পৰিৱৰ্তন নকৰাকৈ কাম কৰিছে। এই গ্ৰন্থৰাজিৰ প্ৰকাশৰ কাম তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰকাশন বিভাগে সম্পাদন কৰিছে।

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিশিষ্ট প্ৰতিষ্ঠাপক পণ্ডিত মদন মোহন মালৱীয়ই আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ মাজত এগৰাকী অগ্ৰদূতৰ ভূমিকা পালন কৰিছিল। জনগণৰ মাজত ৰাষ্ট্ৰীয় চেতনা বৃদ্ধিৰ বাবে অপৰিসীম কাম কৰা এগৰাকী অসাধাৰণ পণ্ডিত আৰু স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁক স্মৰণ কৰা হয়।

 

  • Reena chaurasia September 09, 2024

    bjp
  • Amit Kumar August 25, 2024

    आदरणीय प्रधानमंत्री जी भारत सरकार मेरा नाम अमित कुमार मैं विकलांग हूं मेष बिहार सुपौल से निवासी हूं मैं आपके ऑफिस में एप्लीकेशन दिए थे इसलिए लगभग एक महीना से जय हो गया है मेरे पास दिक्कत परेशानी है तब हम आपको एप्लीकेशन आपके ऑफिस में दिए थे लेकिन हम बिहार से इतना दूर से चलकर आया हूं और यहीं पर रहते हैं स्टेशन पर जी आप लोग मुझे मेरे बर्थडे पर ध्यान देते हुए मैं आप लोगों से चरण में कोटि-कोटि नमन करता हूं जय हिंद जय भारत 9262955847
  • Dhajendra Khari February 20, 2024

    ओहदे और बड़प्पन का अभिमान कभी भी नहीं करना चाहिये, क्योंकि मोर के पंखों का बोझ ही उसे उड़ने नहीं देता है।
  • Dhajendra Khari February 19, 2024

    विश्व के सबसे लोकप्रिय राजनेता, राष्ट्र उत्थान के लिए दिन-रात परिश्रम कर रहे भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र मोदी जी का हार्दिक स्वागत, वंदन एवं अभिनंदन।
  • Dhajendra Khari February 13, 2024

    यह भारत के विकास का अमृत काल है। आज भारत युवा शक्ति की पूंजी से भरा हुआ है।
  • Dhajendra Khari February 10, 2024

    Modi sarkar fir ek baar
  • Raju Saha February 06, 2024

    bjp jindabad
  • Indrajit Das February 03, 2024

    joy Modiji
  • Ranjit Sarkar January 31, 2024

    🙏🙏
  • Ranjit Sarkar January 31, 2024

    🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi urges states to unite as ‘Team India’ for growth and development by 2047

Media Coverage

PM Modi urges states to unite as ‘Team India’ for growth and development by 2047
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মে’ 2025
May 25, 2025

Courage, Culture, and Cleanliness: PM Modi’s Mann Ki Baat’s Blueprint for India’s Future

Citizens Appreciate PM Modi’s Achievements From Food Security to Global Power