Quoteপৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে দ্বীপসমূহৰ নামকৰণ কৰাটো হ’ব তেওঁলোকৰ প্ৰতি চিৰস্থায়ী শ্ৰদ্ধাঞ্জলি
Quoteবাস্তৱ জীৱনৰ নায়কসকলক উপযুক্ত সন্মান আৰু স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে
Quoteনেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

পৰাক্ৰম দিৱস উপলক্ষে ২৩ জানুৱাৰীৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২১ জন পৰম বীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা বৃহৎ বেনামী দ্বীপৰ নামকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰিব।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ঐতিহাসিক তাৎপৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতিক সন্মান জনাই ২০১৮ চনত প্ৰধানমন্ত্ৰীয়ে দ্বীপটো ভ্ৰমণৰ সময়ত ৰোজ আইলেণ্ডৰ নাম সলনি কৰি নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ নামেৰে নামাকৰণ কৰে। নীল দ্বীপ আৰু হেভলক দ্বীপৰ নাম সলনি কৰি শ্বহীদ দ্বীপ আৰু স্বৰাজ দ্বীপ নামেৰেও নামাকৰণ কৰা হয়।

দেশৰ বাস্তৱ জীৱনৰ বীৰসকলক উপযুক্ত সন্মান প্ৰদান কৰাটো প্ৰধানমন্ত্ৰীয়ে সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি এতিয়া দ্বীপসমূহৰ ২১টা বৃহত্তম বেনামী দ্বীপৰ নাম ২১গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সৰ্ববৃহৎ নাম নথকা দ্বীপটোৰ নাম প্ৰথম পৰম বীৰ চক্ৰ বঁটাপ্ৰাপ্তৰ নামেৰে, দ্বিতীয় বৃহত্তম নাম নথকা দ্বীপটোৰ নাম দ্বিতীয় পৰম বীৰ চক্ৰ বঁটাপ্ৰাপ্তৰ নামেৰে নামাকৰণ কৰা হ’ব ইত্যাদি। এই পদক্ষেপ আমাৰ বীৰসকলৰ প্ৰতি চিৰস্থায়ী শ্ৰদ্ধাঞ্জলি হ’ব, যাৰ কেইবাজনেও দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল।

দ্বীপসমূহৰ নামকৰণ কৰিবলগীয়া ২১জন পৰম বীৰ চক্ৰ বঁটা বিজয়ী হৈছে ক্ৰমে—মেজৰ সোমনাথ শৰ্মা;  সুবেদাৰ আৰু হনি কেপ্তেইন (তেতিয়াৰ লেন্স নায়ক) কৰম সিং, এমএম; দ্বিতীয় লেফটেনেণ্ট ৰামা ৰাঘোবা ৰানে; নায়ক যদুনাথ সিং; কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং; কেপ্তেইন জি এছ ছালাৰিয়া; লেফটেনেণ্ট কৰ্ণেল (তেতিয়াৰ মেজৰ) ধন সিং থাপা; সুবেদাৰ যোগীন্দৰ সিং; মেজৰ চৈতন সিং; চিকিউএমএই, আব্দুল হামিদ; লেফটেনেণ্ট কৰ্ণেল আৰ্দেশ্বিৰ বুৰ্জোৰজী তাৰাপুৰ; লেন্স নায়ক এলবাৰ্ট এক্কা; মেজৰ হোছিয়াৰ সিং; দ্বিতীয় লেফটেনেণ্ট অৰুণ খেতৰাপাল; ফ্লাইং অফিচাৰ নিৰ্মলজিৎ সিং ছেখন; মেজৰ ৰামাস্বামী পৰমেশ্বৰণ; নাইব সুবেদাৰ বানা সিং; কেপ্টেইন বিক্ৰম বাত্ৰা; লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডে; সুবেদাৰ মেজৰ (তেতিয়াৰ ৰাইফলমেন) সঞ্জয় কুমাৰ; আৰু সুবেদাৰ মেজৰ অৱসৰপ্ৰাপ্ত (হনি কেপ্তেইন) গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ।

 

  • BHARAT KUMAR MENON January 23, 2024

    🇮🇳🇮🇳🇮🇳Jai Sree Ram 🙏🙏🙏
  • shraddha singh January 27, 2023

    evrythinh is important for me in this app theres lot to do and lot read and explore thankyou
  • Sripati Singh January 25, 2023

    jai ho, Manniye Pradhanmantri jee
  • MONICA SINGH January 23, 2023

    Jai Hind🙏🌻🇮🇳
  • Dilip Kumar Das Rintu January 23, 2023

    দেশনায়ক, ভারত মাতার বীর সন্তান, ভারতের স্বাধীনতা সংগ্রামের মহানায়ক নেতাজি সুভাষ চন্দ্র বসু'র জন্মদিবসে শত কোটি প্ৰণাম। #NationSalutesNetaji #NetajiSubhasChandraBose #नेताजी_सुभाष_चंद्र_बोस
  • Mahendra singh Solanky January 23, 2023

    आज़ाद हिन्द फौज का गठन करने वाले महान स्वतंत्रता सेनानी नेताजी सुभाष चन्द्र बोस जी की जन्म-जयंती पर उन्हें विनम्र श्रद्धांजलि.. #SubhashChandraBose
  • Prabhat Kumar nawab January 23, 2023

    Good
  • Chandra Bhushan Pandey Savarkar January 22, 2023

    जय श्री परशुराम जय श्री राम जय श्री कृष्ण हर हर महादेव
  • babli vishwakarma January 22, 2023

    जय हो
  • अनूप कुमार January 22, 2023

    23 जनवरी बीर शहीद जाँबाज बेटों के नाम 🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Infra Vaani | Delayed By History, Delivered By New India: Kashmir’s Railway Moment

Media Coverage

Infra Vaani | Delayed By History, Delivered By New India: Kashmir’s Railway Moment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Rt Hon David Lammy, Foreign Secretary of the United Kingdom calls on Prime Minister Shri Narendra Modi
June 07, 2025
QuotePrime Minister expresses satisfaction at the successful conclusion of the India-UK Free Trade Agreement and Double Contribution Convention
QuotePM Modi underscores the need for a decisive international action against terrorism

Rt Hon David Lammy, Foreign Secretary of the United Kingdom called on Prime Minister Shri Narendra Modi today.

PM Modi expressed satisfaction at the successful conclusion of the India-UK Free Trade Agreement and Double Contribution Convention and appreciated the constructive engagement by both sides that led to this milestone.

PM Modi welcomed the growing momentum in bilateral ties and expressed satisfaction at the deepening of the India-UK Comprehensive Strategic Partnership. He welcomed the continued collaboration under the Technology Security Initiative and noted its potential to shape trusted and secure innovation ecosystems.

FS David Lammy conveyed UK’s strong interest in further enhancing cooperation across key sectors including trade and investment, defence and security, technology, innovation, and clean energy. He expressed confidence that the FTA will unlock new economic opportunities for both countries.

The two leaders exchanged views on regional and global issues. UK Foreign Secretary strongly condemned the Pahalgam terror attack and expressed support for India’s fight against cross border terrorism. PM Modi underscored the need for a decisive international action against terrorism and those who support it.

Prime Minister conveyed his warm greetings to the UK Prime Minister Sir Keir Starmer and reiterated the invitation for his visit to India at the earliest mutual convenience.