Quoteপ্রধানমন্ত্রীয়ে উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিঙে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ মডেল প্রদর্শনী পৰিদৰ্শন কৰিব

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ ছেপ্টেম্বৰ) দুপুৰ ১২টা নগদ উত্তৰ প্রদেশৰ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ ইয়াৰপাছত তেওঁ উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আদৰ্শ প্রদর্শনী পৰিদৰ্শন কৰিব৷

ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয় সম্পর্কে

মহান স্বাধীনতা সংগ্রামী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক ৰাজা মহেন্দ্র প্রতাপ সিংজীৰ স্মৃতিৰ প্রতি সন্মান আৰু শ্রদ্ধা জনাব ৰাজ্যিক চৰকাৰ এই বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছে। আলিগড়ৰ কোল তহশিলৰ লোধা আৰু মুচেপুৰ কৰিম জাৰৌলি গাঁৱত ৯২ একৰতকৈ অধিক এলেকা জুৰি এই বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ’ব৷ আলিগড় ডিভিজনৰ ৩৯৫খন কলেজ এই বিশ্ববিদ্যালয়ৰ অধীনলৈ আহিব৷

উত্তৰপ্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিডৰ প্রসংগত

প্রধানমন্ত্রীয়ে ২০১৮ চনৰ ২১ ফেব্রুৱাৰীত লক্ষ্ণৌত বিনিয়োগ সন্মিলন উদ্বোধন কৰাৰ সময়ত ৰাজ্যত এটা প্রতিৰক্ষা উদ্যোগ কৰিড’ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল৷ এই উদ্যোগ কৰিড’ৰত মুঠ ৬টা নোড আছে। সেইবোৰ হৈছে-আলিগড়, আগ্রা, কানপুৰ, চিত্রকূট, ঝান্সি আৰু লক্ষ্ণৌ। আলিগড় নোডৰ বাবে ইতিমধ্যে ভূমি আৱন্টন প্রক্রিয়াৰ কাম শেষ হৈছে আৰু কৰিড’ৰ গঢ়ি তোলাৰ বাবে ১৯টা সংস্থাক ভূমি হস্তান্তৰিত কৰা হৈছে। কৰিড’ৰ নিৰ্মাণৰ বাবে এই ১৯টা সংস্থাই ১,২৪৫ কোটি টকা বিনিয়োগ কৰিব৷

উত্তৰ প্রদেশৰ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰটো প্রতিৰক্ষা সামগ্রী উৎপাদন আৰু ‘মেক ইন ইণ্ডিয়া’ কর্মসূচী প্রসাৰত দেশক আত্মনির্ভৰ কৰি তোলাত সহায় কৰিব৷

অনুষ্ঠানত উত্তৰ প্রদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রী উপস্থিত থাকিব৷

 

  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Village berli Khurd
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Adhar backside
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Adhar
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Back side
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    PAN Card
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    0age2
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Need help from Government of India
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Backside
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Need Help
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 23, 2025

    Need treatment
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data

Media Coverage

India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2025
March 23, 2025

Appreciation for PM Modi’s Effort in Driving Progressive Reforms towards Viksit Bharat