Quoteপুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteওড়িশাৰ ৰেল নেটৱৰ্কৰ ১০০% বৈদ্যুতীকৰণক উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteপুৰী আৰু কটক ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ মে’ৰ দুপৰীয়া প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰিব।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। এই ৰেলখন ওড়িশাৰ খোৰ্ধা, কটক, জাজপুৰ, ভদ্ৰক, বালাচোৰ জিলা আৰু পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ, পূব মেদিনীপুৰ জিলাৰ মাজেৰে পাৰ হ’ব। এই ৰেলখনে ৰেলযাত্ৰীসকলক দ্ৰুত, আৰামদায়ক আৰু সুবিধাজনক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদানৰ লগতে অঞ্চলটোৰ পৰ্যটনক উদ্দীপনা যোগান তথা অৰ্থনৈতিক উন্নয়নক প্ৰোৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে পুৰী আৰু কটক ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। পুনৰ উন্নীত ষ্টেচনসমূহত ৰেল যাত্ৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদানকাৰী সকলো আধুনিক সুবিধা থাকিব।

প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ৰেল নেটৱৰ্কৰ ১০০% বৈদ্যুতীকৰণৰ উৎসৰ্গা কৰিব। ইয়াৰ ফলত পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যয় হ্ৰাস পাব তথা আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে সম্বলপুৰ-তিতলাঘৰ ৰেল লাইন দ্বৈতকৰণৰ কামো উৎসৰ্গা কৰিব; আংগুল-সুকিন্দাৰ মাজত নতুন ব্ৰড গজৰ ৰেল লাইন; মনোহৰপুৰ-ৰৌৰকেল্লা-ঝাৰছুগুডা-জামগা সংযোগী তৃতীয় লাইন আৰু বিচুপলি-ঝাৰতৰভাৰ মাজৰ নতুন ব্ৰড-গজ লাইন উৎসৰ্গা কৰিব। এইসমূহে ওড়িশাৰ তীখা, শক্তি আৰু মাইনিং খণ্ডৰ দ্ৰুত ঔদ্যোগিক বিকাশৰ বাবে বৃদ্ধি পোৱা যাতায়াতৰ চাহিদা পূৰণ কৰিব আৰু এই ৰেল চেক্সনসমূহত যাত্ৰীৰ চাহিদা পূৰণত সহায় কৰিব।

 

  • Jitendra Kumar May 22, 2025

    🙏🙏🙏
  • Tribhuwan Kumar Tiwari May 21, 2023

    वंदेमातरम सादर प्रणाम सर सादर त्रिभुवन कुमार तिवारी पूर्व सभासद लोहिया नगर वार्ड पूर्व उपाध्यक्ष भाजपा लखनऊ महानगर उप्र भारत
  • Rakesh Singh May 20, 2023

    जय हो 🙏🏻
  • Arun Gupta, Beohari (484774) May 19, 2023

    नमो नमो 🙏
  • JyothiJonnala May 18, 2023

    Jay Jagannath
  • Mitesh Mistri May 18, 2023

    જય શ્રી રામ
  • P M NATARAJAN May 18, 2023

    I feel so happy.
  • Rakesh Singh May 18, 2023

    बहुत बहुत बधाई 💐
  • Bhagat Ram Chauhan May 18, 2023

    बहुत बहुत बधाई एवं शुभकामनाएं
  • PRATAP SINGH May 18, 2023

    🚩🚩🚩🚩🚩🚩🚩🚩 श्री मोदी जी को जय श्री राम।
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India's GDP grows at 7.4% in Q4 FY25; full-year growth estimated at 6.5%

Media Coverage

India's GDP grows at 7.4% in Q4 FY25; full-year growth estimated at 6.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets the family members of Shubham Dwivedi
May 30, 2025

Prime Minister, Shri Narendra Modi, today, met with the family members of Shubham Dwivedi, at Kanpur, who lost his life in the terrorist attack in Pahalgam. "They expressed gratitude to our valiant army for Operation Sindoor against terrorism", Shri Modi stated.

The Prime Minister posted on X :

"पहलगाम के कायराना आतंकी हमले में जान गंवाने वाले हमारे कानपुर के बेटे शुभम द्विवेदी के परिजनों से आज मुलाकात हुई। उन्होंने आतंक के खिलाफ ऑपरेशन सिंदूर के लिए हमारी पराक्रमी सेना का आभार जताया। उनका ये जज्बा देशवासियों को प्रेरित करने वाला है।"