প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ফেব্ৰুৱাৰী ২০২১ তাৰিখে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ মুকলি কৰাৰ লগতে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু মাজুলীৰ দলঙৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানটোত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী; ৰাজ্যিক বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব৷

মহাবাহু ব্ৰহ্মপুত্ৰ

নিমাতী-মাজুলী নদীদ্বীপ, উত্তৰ গুৱাহাটী-দক্ষিণ গুৱাহাটী আৰু ধুবুৰী-হাটশিঙিমাৰীৰ মাজত ৰো-পেক্স ভেছেল সেৱা; যোগীঘোপাত আন্তঃৰাজ্যিক জল পৰিবহণ টাৰ্মিনেলৰ শিলান্যাস আৰু ব্ৰহ্মপুত্ৰ নদীত বিভিন্ন পৰ্যটন জাহাজ-ঘাট স্থাপন তথা ইজ অব্ ডুয়িং বিজনেছৰ বাবে ডিজিটেল সমাধান মুকলিৰ জৰিয়তে ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ সেৱাৰ সূচনা কৰা হ’ব৷ এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ পূব প্ৰান্তৰ সৈতে নিৰৱচ্ছিন্ন যোগাযোগ সেৱা তথা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

ৰো-পেক্স সেৱাৰ জৰিয়তে পথ পৰিবহণৰ তুলনাত যাত্ৰাৰ সময় হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ নিমাতী আৰু মাজুলীৰ মাজৰ ৰো-পেক্স সেৱাৰ জৰিয়তে এতিয়াৰ ৪২০ কিলোমিটাৰৰ দূৰত্বৰ সলনি কেৱল ১২ কিলোমিটাৰলৈ হ্ৰাস পাব৷ ইয়াৰ বাবে এম ভি ৰাণী গাইডিনলু আৰু এম ভি শচীন দেৱ বৰ্মন নামৰ ৰো-পেক্স ভেছেল দুখন কাৰ্যকৰী কৰা হ’ব৷ উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীৰ মাজত এম ভি জে এফ আৰ জেকব নামৰ ৰো-পেক্স সেৱা প্ৰৱৰ্তনৰ দ্বাৰা ৪০ কিলোমিটাৰৰ দূৰত্ব ৩ কিলোমিটাৰলৈ হ্ৰাস পাব৷ ঠিক সেইদৰে ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজত এম ভি বব খাটিং নামৰ ৰো-পেক্স সেৱা প্ৰৱৰ্তনৰ দ্বাৰা ২২০ কিলোমিটাৰৰ দৈৰ্ঘ ২৮ কিলোমিটাৰলৈ হ্ৰাস পাব৷

নিমাতী, বিশ্বনাথ ঘাট, পাণ্ডু আৰু যোগীঘোপাত পৰ্যটন মন্ত্ৰালয়ৰ ৯.৪১ কোটি টকা ব্যয়েৰে পৰ্যটন জাহাজ-ঘাট নিৰ্মাণ কৰা হ’ব৷

যোগীঘোপাত এক স্থায়ী আন্তঃৰাজ্যিক জল পৰিবহণ টাৰ্মিনেল স্থাপন কৰা হ’ব যাৰ দ্বাৰা কলকাতা আৰু হালদিয়াৰ দিশত শিলিগুৰিত যান-বাহনৰ ভিৰ কম হ’ব৷ ইয়াৰ জৰিয়তে বানপানীৰ সময়ছোৱাতো মেঘালয়, ত্ৰিপুৰা, ভূটান তথা বাংলাদেশলৈ কাৰ্গো সেৱা অব্যাহত থাকিব৷

ইজ অব্ ডুয়িং বিজনেছৰ বাবে প্ৰধানমন্ত্ৰীয়ে কাৰ-ডি (Cargo Data) আৰু পানী (Portal for Asset and Navigation Information) শীৰ্ষক দুটা প’ৰ্টেল মুকলি কৰিব৷

ধুবুৰী ফুলবাৰী দলং

প্ৰধানমন্ত্ৰীয়ে ধুবুৰী আৰু ফুলবাৰীৰ মাজত চাৰি লেনৰ দলঙৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰস্তাৱিত এই দলংখন ১২৭বি ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত হ’ব৷ ই অসমৰ ধুবুৰীৰৰ পৰা ফুলবাৰী, তুৰা, ৰংগ্ৰাম আৰু মেঘালয়ৰ ৰংজেঙক সংযোজিত কৰিব৷ এই দলংখনত প্ৰায় ৪৯৯৭ কোটি টকা ব্যয় কৰা হ’ব আৰু ২০৫ কিলোমিটাৰৰ দূৰত্ব ১৯ কিলোমিটাৰলৈ হ্ৰাস কৰিব৷

মাজুলী দলং

প্ৰধানমন্ত্ৰীয়ে মাজুলী আৰু যোৰহাটৰ মাজত নিৰ্মাণ হ’বলগীয়া দুটা লেনৰ দলঙৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ এই দলংখন ৭১৫কে ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত হ’ব আৰু যোৰহাটৰ নিমাতীঘাট তথা মাজুলীৰ কমলাবাৰীক সংযোজিত কৰিব৷ অসমৰ মূলসূঁতিৰ সৈতে মাজুলীৰ জনসাধাৰণে কেৱল ফেৰী সেৱাত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এই দলংখনে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব৷

 

 

  • ranjeet kumar April 23, 2022

    jay sri ram🙏🙏🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Apple India produces $22 billion of iPhones in a shift from China

Media Coverage

Apple India produces $22 billion of iPhones in a shift from China
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a factory mishap in Anakapalli district of Andhra Pradesh
April 13, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today condoled the loss of lives in a factory mishap in Anakapalli district of Andhra Pradesh. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The Prime Minister’s Office handle in post on X said:

“Deeply saddened by the loss of lives in a factory mishap in Anakapalli district of Andhra Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon. The local administration is assisting those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”

"ఆంధ్రప్రదేశ్ లోని అనకాపల్లి జిల్లా ఫ్యాక్టరీ ప్రమాదంలో జరిగిన ప్రాణనష్టం అత్యంత బాధాకరం. ఈ ప్రమాదంలో తమ ఆత్మీయులను కోల్పోయిన వారికి ప్రగాఢ సానుభూతి తెలియజేస్తున్నాను. క్షతగాత్రులు త్వరగా కోలుకోవాలని ప్రార్థిస్తున్నాను. స్థానిక యంత్రాంగం బాధితులకు సహకారం అందజేస్తోంది. ఈ ప్రమాదంలో మరణించిన వారి కుటుంబాలకు పి.ఎం.ఎన్.ఆర్.ఎఫ్. నుంచి రూ. 2 లక్షలు ఎక్స్ గ్రేషియా, గాయపడిన వారికి రూ. 50,000 అందజేయడం జరుగుతుంది : PM@narendramodi"