প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ী ৪৯গৰাকী শিশুৰ সৈতে মতবিনিময় কৰিব৷

দেশৰ ভিন্ন ৰাজ্যৰ ৪৯গৰাকী পুৰস্কাৰ বিজয়ীৰ ভিতৰত এগৰাকীকৈ আছে জম্মু আৰু কাশ্মীৰ, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ৷

শিশুসকলে কলা-সংস্কৃতি, উদ্ভাৱন, শিক্ষাগত দক্ষতা, সামাজিক সেৱা, ক্ৰীড়া আৰু সাহসিকতাৰ ক্ষেত্ৰত এই পুৰস্কাৰ লাভ কৰিছে৷

ভাৰত চৰকাৰে শিশুসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গণ্য কৰিছে৷ তেওঁলোকৰ আশা আৰু আকাংক্ষাক স্বীকৃতি আৰু সফলতাক পুৰস্কৃত কৰা হ’ব৷ 
 
যদিও প্ৰতিগৰাকী শিশু অতি মূল্যবান সম্পদ আৰু তেওঁলোকৰ কৃতিত্বক স্বীকৃতি দিয়া উচিত, তথাপি কিছুমান শিশুৰ কৃতিত্ব আন বহুতৰ বাবে প্ৰেৰণাৰ কাৰণ হ’ব পাৰে৷

বিভিন্ন ক্ষেত্ৰত আমাৰ শিশুসকলৰ ব্যতিক্ৰমী কৃতিত্বক স্বীকৃতি জনাবলৈ চৰকাৰে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰিব৷

কলা-সংস্কৃতি, উদ্ভাৱন, শিক্ষাগত দক্ষতা, সামাজিক সেৱা, ক্ৰীড়া আৰু সাহসিকতাৰ ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্বৰ বাবে যিকোনো শিশুৱে এই পুৰস্কাৰৰ বাবে আবেদন জনাব পাৰে৷ প্ৰতিখন আবেদন সুক্ষ্মভাৱে পৰ্যবেক্ষণৰ পিছত এখন উচ্চ পৰ্যায়ৰ কমিটিয়ে পুৰস্কাৰ বিজয়ীসকলক বাছনি কৰিব৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কালি অৰ্থাৎ ২২ জানুৱাৰী,২০২০ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিছিল৷

জনজাতীয় শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু চিত্ৰশিল্পীৰ সৈতে আলোচনাত মিলিত হ’ব

প্ৰধানমন্ত্ৰীয়ে লগতে ২৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ১৭৩০গৰাকী জনজাতীয় শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু চিত্ৰশিল্পীৰ সৈতে মতবিনিময় কৰিব৷ তেওঁলোকে গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব৷

 

  • BABALU BJP January 24, 2024

    जय हो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi holds 'productive' exchanges with G7 leaders on key global issues

Media Coverage

PM Modi holds 'productive' exchanges with G7 leaders on key global issues
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2025
June 18, 2025

Citizens Appreciate PM Modi’s Reforms Driving Economic Surge