প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৫ মাৰ্চ, ২০২০ত ছাৰ্ক নেতৃবৰ্গৰ সৈতে ক’ভিদ-১৯ৰে মোকাবিলা কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব৷ ক’ভিদ-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী সমূহীয়া কৌশল প্ৰস্তুত কৰাৰ সন্দৰ্ভত সকলো ছাৰ্ক ৰাষ্ট্ৰক লৈ হ’বলগীয়া ভিডিঅ’ কনফাৰেন্সত তেওঁ ভাৰতক নেতৃত্ব দিব৷