Quoteদেশৰ ৪৮টা ন’ডেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ চুড়ান্ত প্ৰতিযোগিতাত ১২ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ
Quote২৫টা মন্ত্ৰালয়ে পোষ্ট কৰা ২৩১টা সমস্যাৰ সমাধান কৰিব ছাত্ৰ-ছাত্ৰীসকলে
Quoteএইবাৰৰ হেকাথনত ৪৪,০০০ দলৰ ৫০,০০০তকৈ অধিক ধাৰণা লাভ কৰা হৈছে - যিটো এছ আই এইচৰ প্ৰথম সংস্কৰণৰ তুলনাত প্ৰায় সাতগুণ অধিক
Quoteঅংশগ্ৰহণকাৰীসকলে মহাকাশ প্ৰযুক্তি, স্মাৰ্ট শিক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, ৰবটিক্স আৰু ড্ৰোন, ঐতিহ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন বিষয়বস্তুৰ ওপৰত সমাধান আগবঢ়াব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ, ২০২৩ৰ নিশা ৯:৩০ বজাত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চুড়ান্ত প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত বিনিময় কৰিব। এই উপলক্ষে অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ যুৱকেন্দ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি স্মাৰ্ট ইণ্ডিয়া হেকাথন (এছআইএইচ) হৈছে ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰ, উদ্যোগ আৰু অন্যান্য সংস্থাসমূহৰ মন্ত্ৰালয় আৰু বিভাগসমূহৰ জৰুৰী সমস্যাসমূহ সমাধানৰ বাবে এক মঞ্চ প্ৰদানৰ বাবে লোৱা এক ৰাষ্ট্ৰজোৰা পদক্ষেপ। ২০১৭ চনত আৰম্ভ হোৱা স্মাৰ্ট ইণ্ডিয়া হেকাথনে যুৱ উদ্ভাৱকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। যোৱা পাঁচটা সংস্কৰণত বিভিন্ন শিতানত বহুতো উদ্ভাৱনীমূলক সমাধানৰ উন্মেষ ঘটিছে আৰু প্ৰতিষ্ঠিত ষ্টাৰ্টআপ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

এইবাৰ ১৯ৰ পৰা ২৩ ডিচেম্বৰলৈ এছআইএইচৰ চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ২০২৩ চনৰ এছআইএইচত ৪৪,০০০ দলৰ পৰা ৫০,০০০তকৈ অধিক ধাৰণা লাভ কৰা হৈছিল, যিটো এছআইএইচৰ প্ৰথম সংস্কৰণৰ তুলনাত প্ৰায় সাতগুণ অধিক। দেশৰ ৪৮টা ন’ডেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত ১২,০০০তকৈ অধিক অংশগ্ৰহণকাৰী আৰু ২৫০০ৰো অধিক নিৰীক্ষকে অংশগ্ৰহণ কৰিব। মহাকাশ প্ৰযুক্তি, স্মাৰ্ট শিক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, ৰবটিক্স আৰু ড্ৰোন, ঐতিহ্য আৰু সংস্কৃতি আদি বিভিন্ন বিষয়বস্তুৰ সমাধানৰ বাবে এইবাৰ চূড়ান্ত প্ৰতিয়োগিতাৰ বাবে মুঠ ১২৮২টা দলৰ সংক্ষিপ্ত তালিকা প্ৰস্তুত কৰা হৈছে।

অংশগ্ৰহণকাৰী দলসমূহে ২৫টা কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ ৫১টা বিভাগে পোষ্ট কৰা ২৩১টা সমস্যাৰ  (১৭৬টা ছফটৱেৰৰ আৰু ৫৫টা হাৰ্ডৱেৰ)ৰ সৈতে মোকাবিলা আৰু সমাধান প্ৰদান কৰিব। স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ মুঠ পুৰস্কাৰ ২ কোটি টকাতকৈও অধিক, য’ত প্ৰতিটো বিজয়ী দলক প্ৰতিটো সমস্যাৰ বিবৃতিত ১ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

 

  • Swarup Patra October 23, 2024

    Jay shree ram
  • Shashank shekhar singh September 29, 2024

    Jai shree Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram Ram Ram Ram Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram Ram Ram Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram Ram
  • ओम प्रकाश सैनी September 14, 2024

    Ram
  • Pradhuman Singh Tomar April 13, 2024

    BJP
  • Jayanta Kumar Bhadra March 31, 2024

    Ram namaste
  • Jayanta Kumar Bhadra March 31, 2024

    Maa namaste
  • Jayanta Kumar Bhadra March 31, 2024

    Namaste namaste 🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders