Quoteসন্মিলনত সমগ্ৰ দেশৰ অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব
Quoteসন্মিলনে সমগ্ৰ দেশৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণৰ আন্তঃগাঁথনি শক্তিশালী কৰাত সহায় কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ জুন, ২০২৩ৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে সন্মিলনত  ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱাৰ সামৰ্থ্য বিকাশৰ জৰিয়তে দেশত শাসন প্ৰক্ৰিয়া আৰু নীতি ৰূপায়ণৰ উন্নতিৰ প্ৰবক্তা হিচাপে কাম কৰি আহিছে। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ সঠিক মনোভাৱ, দক্ষতা আৰু জ্ঞানেৰে ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱা প্ৰস্তুত কৰাৰ বাবে ৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ সামৰ্থ্য বিকাশৰ কাৰ্যসূচী (এনপিচিএছচিবি)– ‘মিছন কৰ্মযোগী’ আৰম্ভ কৰা হয়। এই সন্মিলনখন এই দিশত আন এক পদক্ষেপ।

অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সামৰ্থ্য বিকাশ আয়োগে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলনখনি আয়োজন কৰিছে।

কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰাজ্যিক প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, আঞ্চলিক আৰু খণ্ড প্ৰশিক্ষণ প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠানকে ধৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ১৫০০ৰো অধিক প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ বিভাগ, ৰাজ্য চৰকাৰ, স্থানীয় চৰকাৰৰ অসামৰিক কৰ্মচাৰীৰ লগতে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞসকলেও এই আলোচনাত অংশগ্ৰহণ কৰিব।

এই বৈচিত্ৰপূৰ্ণ সমাৱেশে ধাৰণা বিনিময়ক লাভান্বিত কৰিব, তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু উপলব্ধ সুযোগসমূহ চিনাক্ত কৰিব আৰু সামৰ্থ্য বিকাশৰ বাবে কাৰ্য্যকৰী সমাধান আৰু ব্যাপক কৌশলৰ সৃষ্টি কৰিব। সন্মিলনত আঠটা পেনেল আলোচনা অনুষ্ঠিত হ’ব, প্ৰত্যেকেই অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান যেনে-অধ্যাপক বিকাশ, প্ৰশিক্ষণ প্ৰভাৱ মূল্যায়ন আৰু বিষয়বস্তু ডিজিটেলাইজেচন আদিৰ সৈতে জড়িত মূল দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

 

  • PN Dimri July 01, 2023

    जय हो
  • PN Dimri July 01, 2023

    जय हो
  • Rakesh Singh June 11, 2023

    जय हो 🙏🏻
  • Jyotish K Gyan June 11, 2023

    जन आक्रोश रैली के बारे में आज वार्ड नंबर 145 में मीटिंग हुई
  • khemraj bhatt June 11, 2023

    जय श्रीकृष्ण
  • Babaji Namdeo Palve June 11, 2023

    जय हिंद जय भारत
  • Vasudev June 11, 2023

    Honorable Prime Minister Sir. 🙏 Wishing you a Very Good Morning and Good day. 🙏🙏🇮🇳🇮🇳🧡🧡 अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्‌ ॥9.22ll Geeta
  • geetheswar June 11, 2023

    namaste ji
  • LunaRam Dukiya June 11, 2023

    Har aane wala din ek nai Yojana lekar aap aate Hain yahi to aapki khasiyat hai Bhagwan aapko aise hi tandur ust rakhe taki aap Desh seva mein Lage rahe dhanyvad sahit Jay Bharat Jay Hind
  • Atul Kumar Mishra June 10, 2023

    राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
270 million pulled out of poverty! How Modi government achieved a remarkable dip in extreme poverty & what’s the road ahead? Explained

Media Coverage

270 million pulled out of poverty! How Modi government achieved a remarkable dip in extreme poverty & what’s the road ahead? Explained
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets members of various delegations who represented India in various countries
June 10, 2025
QuotePM commends the Delegations for championing India’s Stand on Terrorism

Prime Minister Shri Narendra Modi met the members of various delegations who represented India in different countries at his official residence in New Delhi today. These representatives played a crucial role in elaborating India’s commitment to peace and the need to eradicate the menace of terrorism. Shri Modi commended the delegations for their dedication in advancing India's voice on global platforms.

|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|

In a post on X, he wrote:

“Met members of the various delegations who represented India in different countries and elaborated on India's commitment to peace and the need to eradicate the menace of terrorism. We are all proud of the manner in which they put forward India's voice.”