Quoteঋণ সংযোগী চৰকাৰী আঁচনিৰ বাবে জন সামৰ্থ শীৰ্ষক ৰাষ্ট্ৰীয় প’ৰ্টেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুন, ২০২২ৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ আইকনিক উইক উদযাপন অনুষ্ঠান উদ্বোধন কৰিব। ৬ৰ পৰা ১১জুন, ২০২২লৈ ‘আজাদী কা অমৃত মহোৎসৱ’(আকাম)ৰ অংশ হিচাপে এই সপ্তাহ উদযাপন কৰা হৈছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঋণ সংযোগী চৰকাৰী আঁচনিৰ বাবে জন সামৰ্থ প’ৰ্টেল শীৰ্ষক এটা ৰাষ্ট্ৰীয় প’ৰ্টেল মুকলি কৰিব। এয়া চৰকাৰী ঋণ আঁচনিসমূহক সংযোগ কৰা ৱান ষ্টপ ডিজিটেল প’ৰ্টেল। এইটো এনেধৰণৰ প্ৰথমটো মঞ্চ, যি হিতাধিকাৰীসকলক ঋণদাতাৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰে। জন সমৰ্থ প’ৰ্টেলৰ মূল উদ্দেশ্য হৈছে সহজ-সৰল ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন খণ্ডক পথ প্ৰদৰ্শন কৰি সঠিকভাৱে চৰকাৰী সুবিধা প্ৰদানেৰে সৰ্বাংগীন বিকাশ আৰু উন্নয়নক উৎসাহিত কৰা। এই প’ৰ্টেলে সকলো সংযুক্ত আঁচনিক সম্পূৰ্ণৰূপে সামৰি লোৱাটো নিশ্চিত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক ডিজিটেল প্ৰদৰ্শনী উদ্বোধন কৰিব, য’ত বিগত আঠ বছৰত দুয়োটা মন্ত্ৰালয়ৰ যাত্ৰাৰ আভাস দিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১টকা, ২টকা, ৫টকা, ১০টকা আৰু ২০টকা মুদ্ৰাৰ বিশেষ ছিৰিজো মুকলি কৰিব। এই বিশেষ ছিৰিজৰ মুদ্ৰাসমূহৰ থিম হ’ব আকামৰ ল’গ’ আৰু ইয়াৰ উপৰি দৃষ্টিশক্তিহীন লোকসকলে এই মু্দ্ৰা সহজে চিনাক্ত কৰিব পাৰিব৷

সমগ্ৰ দেশৰ ৭৫টা স্থানত একেলগে এই কাৰ্যসূচী আয়োজন কৰা হ’ব আৰু প্ৰতিটো স্থান ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে মূল স্থানৰ সৈতে সংযোগ কৰা হ’ব।

 

 

  • Jitender Kumar MP June 11, 2024

    AXis Bank ATM
  • Jitender Kumar MP June 11, 2024

    Aadhaar
  • Jitender Kumar MP June 11, 2024

    Indian Bank
  • Jitender Kumar MP June 11, 2024

    🇮🇳
  • Ashvin Patel August 02, 2022

    જય શ્રી રામ
  • Vivek Kumar Gupta July 23, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta July 23, 2022

    नमो नमो.
  • Vivek Kumar Gupta July 23, 2022

    जयश्रीराम
  • Vivek Kumar Gupta July 23, 2022

    नमो नमो
  • Vivek Kumar Gupta July 23, 2022

    नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Job opportunities for women surge by 48% in 2025: Report

Media Coverage

Job opportunities for women surge by 48% in 2025: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 মাৰ্চ 2025
March 05, 2025

Citizens Appreciate PM Modi's Goal of Aatmanirbhar Bharat - Building a Self-Reliant India