Quoteপ্ৰকল্পসমূহৰ মূল কেন্দ্ৰবিন্দু: আঞ্চলিক সংযোগ বৃদ্ধি আৰু ভ্ৰমণৰ সহজতা নিশ্চিত কৰা
Quoteসাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজত নমো ভাৰত কৰিডৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteদিল্লীয়ে লাভ কৰিব প্ৰথম নমো ভাৰত সংযোগ
Quoteদিল্লী মেট্ৰ' চতুৰ্থ পৰ্যায়ৰ জনকপুৰী-কৃষ্ণ পাৰ্ক অংশ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteদিল্লী মেট্ৰ'ৰ চতুৰ্থ পৰ্যায়ৰ ৰিথালা-কুণ্ডলী অংশৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteদিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ বাবে অত্যাধুনিক সুবিধাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১২:১৫ বজাত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১:১৫ বজাত সাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে’লতো যাত্ৰা গ্ৰহণ কৰিব।

আঞ্চলিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৬০০ কোটি টকাৰ সাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজৰ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-গাজিয়াবাদ-মীৰাট নমো ভাৰত কৰিডৰ উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানৰ সমান্তৰালভাৱে দিল্লীয়ে লাভ কৰিব প্ৰথম নমো ভাৰত সংযোগ। ইয়াৰ দ্বাৰা দিল্লী-মীৰাটৰ মাজত যাতায়ত যথেষ্ট সুগম হ’ব আৰু অতুলনীয় সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাৰ লগতে দ্ৰুতবেগী আৰু আৰামদায়ক ভ্ৰমণৰ জৰিয়তে লাখ লাখ লোক উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১২০০ কোটি টকাৰ দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ জনকপুৰী আৰু কৃষ্ণ পাৰ্কৰ মাজৰ ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ উদ্বোধন কৰিব। এইটোৱেই হ’ব দিল্লী মেট্ৰ’ৰ-চতুৰ্থ পৰ্যায়ৰ প্ৰথমটো অংশৰ উদ্বোধন। পশ্চিম দিল্লীৰ কৃষ্ণ উদ্যান, বিকাশপুৰী, জনকপুৰী আদিৰ কিছু অংশ উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ ২৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিথালা-কুণ্ডলী অংশৰ আধাৰশিলা স্থাপন কৰিব, যাৰ মূল্য প্ৰায় ৬,২৩০ কোটি টকা। এই কৰিড’ৰে দিল্লীৰ ৰিথালাক হাৰিয়ানাৰ নাথুপুৰ (কুণ্ডলী)ৰ সৈতে সংযোগ কৰি দিল্লী আৰু হাৰিয়ানাৰ উত্তৰ-পশ্চিম অংশৰ সংযোগ যথেষ্ট উন্নত কৰিব। ইয়াৰ দ্বাৰা উপকৃত হ’বলগীয়া মূল ক্ষেত্ৰসমূহৰ ভিতৰত ৰোহিনী, বাৱানা, নাৰেলা আৰু কুণ্ডলী, আৱাসিক, বাণিজ্যিক আৰু ঔদ্যোগিক অঞ্চল উল্লেখযোগ্য। এই লাইন কাৰ্যক্ষম হ’লে ইয়াৰ দ্বাৰা বৰ্ধিত ৰেড লাইনৰ জৰিয়তে দিল্লী, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ লোকসকলে সহজে যাতায়াত কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন অত্যাধুনিক ভৱনৰ আধাৰশিলা স্থাপন কৰিব, যিটো প্ৰায় ১৮৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব। এই কেম্পাছত অত্যাধুনিক স্বাস্থ্যসেৱা আৰু চিকিৎসা বিজ্ঞানৰ আন্তঃগাঁথনি প্ৰদান কৰা হ’ব। নতুন ভৱনটোত প্ৰশাসনিক ব্লক, অ’পিডি ব্লক, আইপিডি ব্লক আৰু এটা নিৰ্দিষ্ট চিকিৎসা ব্লক থাকিব, যাৰ ফলত ৰোগী আৰু গৱেষকসকলৰ বাবে একেদৰেই এক সংহত আৰু নিৰৱচ্ছিন্ন স্বাস্থ্যসেৱাৰ অভিজ্ঞতা নিশ্চিত কৰা হ’ব।

 

  • Jitendra Kumar March 18, 2025

    🙏🇮🇳
  • Preetam Gupta Raja March 17, 2025

    जय श्री राम
  • கார்த்திக் March 13, 2025

    Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🙏🏼Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩
  • Adithya March 09, 2025

    🪷
  • अमित प्रेमजी | Amit Premji March 03, 2025

    nice👍
  • kranthi modi February 22, 2025

    jai sri ram 🚩
  • Vivek Kumar Gupta February 14, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 14, 2025

    जय जयश्रीराम ................................🙏🙏🙏🙏🙏
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'They will not be spared': PM Modi vows action against those behind Pahalgam terror attack

Media Coverage

'They will not be spared': PM Modi vows action against those behind Pahalgam terror attack
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister chairs a meeting of the CCS
April 23, 2025

Prime Minister, Shri Narendra Modi, chaired a meeting of the Cabinet Committee on Security at 7, Lok Kalyan Marg, today, in the wake of the terrorist attack in Pahalgam.

The Prime Minister posted on X :

"In the wake of the terrorist attack in Pahalgam, chaired a meeting of the CCS at 7, Lok Kalyan Marg."