প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ছেপ্টেম্বৰ, ২০২০ৰ সন্ধিয়া ৯ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ইউএছআইএছপিএফৰ তৃতীয় বাৰ্ষিক লিডাৰশ্বিপ ছামিটত বিশেষ মুল ভাষণ আগবঢ়াব৷
ভাৰত–মাৰ্কিন কৌশলগত অংশীদাৰিত্ব মঞ্চ(ইউএছআইএছপিএফ) হৈ এটা লাভহীন সংস্থা, যিটোৱে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্বৰ বাবে কাম কৰে৷
যোৱা ৩১ আগষ্টত আৰম্ভ হোৱা ৫ দিনীয়া সন্মিলনৰ বিষয়বস্তু হৈছে “নতুন প্ৰত্যাহ্বান মোকাবিলা কৰাৰ দিশে ভাৰত–মাৰ্কিন যুক্তৰাষ্ট্ৰ”৷
এই বিষয়বস্তুৱে ভাৰত বিশ্বৰ নিৰ্মাণ খণ্ডৰ কেন্দ্ৰস্থলত পৰিণত হোৱা, ভাৰতৰ গেছ বজাৰৰ সুযোগ, সহজ ব্যৱসায়ৰ পৰিৱেশৰ জৰিয়তে এফডিআইৰ আকৰ্ষণ, মহাকাশ প্ৰযুক্তি সাধাৰণ সুযোগ আৰু প্ৰত্যাহ্বান, ভাৰত–প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক বিষয়, জনস্বাস্থ্য খণ্ডত উদ্ভাৱনকে ধৰি অন্যান্য বিষয়বোৰ সামৰি লৈছে৷
এই ভাৰ্চুৱেল অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ লগতে একাংশ জ্যেষ্ঠ বিষয়াইও অংশগ্ৰহণ কৰিব৷