Quoteদুয়োটা প্ৰকল্পই অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনাক এক বৃহৎ গতি প্ৰদান কৰিব
Quoteপ্ৰধানমন্ত্ৰীয়ে ১০০০ কোটি টকাতকৈ অধিক মূল্যৰ আন কেইবাটাও আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
Quoteহালদিয়াত মাল্টি মডেল টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিশ্বৰ দীঘতম ৰিভাৰ ক্ৰুজ-এমভি গংগা বিলাসক ফ্লেগ অফ কৰাৰ লগতে টেণ্ট চিটি উদ্বোধন কৰিব। তদুপৰি অনুষ্ঠানৰ সময়ত তেওঁ ১,০০০ কোটি টকাৰো অধিক মূল্যৰ আন কেইবাটাও আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

এম ভি গংগা বিলাস

এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী ব্যৱস্থাৰ মাজেৰে জাহাজেৰে ৫১ দিনত প্ৰায় ৩,২০০ কিলোমিটাৰ যাত্ৰা কৰি বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব। এম ভি গংগা বিলাসত তিনিটা ডেক, ১৮টা ছুইট আছে য’ত সকলো বিলাসী সুবিধাৰ সৈতে ৩৬জন পৰ্যটকে যাত্ৰা কৰাৰ ক্ষমতা আছে। প্ৰথম যাত্ৰাত ছুইজাৰলেণ্ডৰ পৰা ৩২জন পৰ্যটকে নাম পঞ্জীয়ন কৰিছে।

এম ভি গংগা বিলাস ক্ৰুজখনক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ দেশৰ শ্ৰেষ্ঠবোৰক উলিয়াই আনিবলৈ সজাই পৰাই তোলা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ সাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটী আদি ডাঙৰ চহৰকে ধৰি ৫০টা পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনাৰে ৫১ দিনীয়া ক্ৰুজ যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে। এই যাত্ৰাত পৰ্যটকসকলে অভিজ্ঞতাভিত্তিক যাত্ৰাত নামি ভাৰত আৰু বাংলাদেশৰ কলা, সংস্কৃতি, ইতিহাস আৰু আধ্যাত্মিকতাৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰিব।

ৰিভাৰ ক্ৰুজ পৰ্যটন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰিভাৰ ক্ৰুজৰ বিশাল অনাদৃত সম্ভাৱনা মুকলি হ’ব আৰু ই ভাৰতৰ বাবে ৰিভাৰ ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা কৰিব।

বাৰাণসীত টেণ্ট চিটি

অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনাক লাভৱান কৰিবলৈ গংগা নদীৰ পাৰত টেণ্ট চিটিৰ ধাৰণা প্ৰস্তুত কৰা হৈছে। বিশেষকৈ কাশী বিশ্বনাথ ধাম উদ্বোধনৰ পিছৰে পৰা বাৰাণসীত বৰ্ধিত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি চহৰৰ ঘাটৰ বিপৰীতে নিৰ্মাণ কৰা এই প্ৰকল্পটোৱে থকাৰ সুবিধা প্ৰদান কৰিব। ইয়াক বাৰাণসী উন্নয়ন কৰ্তৃপক্ষই পিপিপি মোডত প্ৰস্তুত কৰিছে। সমীপত অৱস্থিত বিভিন্ন ঘাটৰ পৰা নাৱেৰে টেণ্ট চিটিত উপস্থিত হ’ব পৰ্যটকসকল। প্ৰতিবছৰে অক্টোবৰৰ পৰা জুনলৈ কাৰ্যক্ষম হৈ থাকিবলগীয়া টেণ্ট চিটি বাৰিষা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে তিনি মাহৰ বাবে ভাঙি পেলোৱা হ’ব।

আভ্যন্তৰীণ জলপথ প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত হালদিয়া মাল্টি মডেল টাৰ্মিনেল উদ্বোধন কৰিব। জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত উন্নয়ন সাধন কৰা হালদিয়া মাল্টি মডেল টাৰ্মিনেলৰ কাৰ্গো পৰিচালনা ক্ষমতা বছৰি প্ৰায় ৩ মিলিয়ন মেট্ৰিক টন (এমএমটিপিএ) আৰু বাৰ্থসমূহ প্ৰায় ৩০০০ ডেডৱেইট টন (ডিডব্লিউটি) পৰ্যন্ত জাহাজ পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে গাজীপুৰ জিলাৰ ছৈয়দপুৰ, চোচাকপুৰ, জামানিয়া আৰু উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ কানছপুৰতো চাৰিখন ভাসমান সামূহিক জেটী উদ্বোধন কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে পাটনা জিলাৰ দীঘা, নকতা দিয়াৰা, বাঢ়, পানাপুৰ আৰু বিহাৰৰ সমষ্টিপুৰ জিলাৰ হাছানপুৰত পাঁচটা সামূহিক জেটীৰ আধাৰশিলা স্থাপন কৰিব। সমগ্ৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যৰ গংগা নদীৰ দাঁতিত ৬০টাতকৈও অধিক সামূহিক জেটি নিৰ্মাণ কৰি অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি আৰু স্থানীয় সমূদায়ৰ জীৱিকাৰ উন্নতি সাধন কৰা হৈছে। গংগা নদীৰ ভিতৰুৱা অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক্ষুদ্ৰ কৃষক, মীন ইউনিট, অসংগঠিত পাম উৎপাদনকাৰী ইউনিট, উদ্যান শস্যবিদ, ফুল বিক্ৰেতা আৰু শিল্পীসকলৰ বাবে সৰল লজিষ্টিক সমাধান প্ৰদান কৰি সামূহিক জেটিসমূহে মানুহৰ জীৱিকা উন্নত কৰাত মূল ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰও উদ্বোধন কৰিব। ই উত্তৰ-পূৰ্বাঞ্চলৰ চহকী প্ৰতিভাসমূহক নিখুঁত ৰূপত গঢ় দিয়াত সহায় কৰিব আৰু বৰ্ধিত লজিষ্টিক উদ্যোগত উন্নত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

এইবোৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পাণ্ডু টাৰ্মিনেলত জাহাজ মেৰামতিৰ সুবিধা আৰু উচ্চ পথৰ আধাৰশিলা স্থাপন কৰিব। পাণ্ডু টাৰ্মিনেলত জাহাজ মেৰামতিৰ সুবিধাই বহু মূল্যৱান সময় ৰাহি কৰিব কাৰণ এখন জাহাজ কলকাতালৈ মেৰামতিৰ বাবে অনা-নিয়া কৰিবলৈ এমাহতকৈও অধিক সময় লাগে। তদুপৰি ইয়াৰ ফলত জাহাজখনৰ পৰিবহণ বাবদ হোৱা খৰচো ৰাহি হ’ব। পাণ্ডু টাৰ্মিনেলক ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা নিৰ্দিষ্ট পথটোৱে ২৪ ঘণ্টীয়া সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰিব।

  • Mandhata Mishra January 21, 2023

    जय गंगा मैया 🙏
  • Mandhata Mishra January 20, 2023

    Congratulations Sir 🙏
  • 1133 January 14, 2023

    नटराज 🖊🖍पेंसिल कंपनी दे रही है मौका घर बैठे काम करें 1 मंथ सैलरी होगा आपका ✔30000 एडवांस 10000✔मिलेगा पेंसिल पैकिंग करना होगा खुला मटेरियल आएगा घर पर माल डिलीवरी पार्सल होगा अनपढ़ लोग भी कर सकते हैं पढ़े लिखे लोग भी कर सकते हैं लेडीस 😍भी कर सकती हैं जेंट्स भी कर सकते हैं,9887964986 Call me 📲📲 ✔ ☎व्हाट्सएप नंबर☎☎ आज कोई काम शुरू करो 24 मां 🚚डिलीवरी कर दिया जाता है एड्रेस पर✔✔✔ 9887964986
  • Madhavi Bhuvad January 13, 2023

    🚩जय श्री राम 🚩
  • Venkatesapalani Thangavelu January 12, 2023

    Wow Mr.PM Shri Narendra Modi Ji, your national deliverables are global delight . The launch of MV Ganga Vilas river cruise and Tent City at Varanasi, will jubilant both National and International Tourists. India's Varanasi'd natural & cultural beauty are to rejoice the global audience through this Ganga river cruise and Tent City Launch. Global audience/spectators are to get rejoiced beyond words could rejoice them on about Varanasi, while they venture in Ganga Vilas river cruise. India Salutes you Our PM Shri Narendra Modi Ji and Team BJP-NDA
  • Bhagat Ram Chauhan January 12, 2023

    जय हो
  • Mahendar saroj January 12, 2023

    जय हो मोदी जी
  • PRATAP SINGH January 12, 2023

    🚩🚩🚩🚩🚩🚩🚩🚩 श्री मोदी जी को जय श्री राम।
  • s r a January 12, 2023

    great
  • Raj kumar Das January 12, 2023

    जय विश्वनाथ 🙏🏻🚩🚩 हर हर महादेव🙏🏻🚩🚩
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India receives over $100 billion remittances for three consecutive years

Media Coverage

India receives over $100 billion remittances for three consecutive years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM reflects on the immense peace that fills the mind with worship of Devi Maa in Navratri
April 01, 2025

The Prime Minister Shri Narendra Modi today reflected on the immense peace that fills the mind with worship of Devi Maa in Navratri. He also shared a Bhajan by Pandit Bhimsen Joshi.

He wrote in a post on X:

“नवरात्रि पर देवी मां की आराधना मन को असीम शांति से भर देती है। माता को समर्पित पंडित भीमसेन जोशी जी का यह भावपूर्ण भजन मंत्रमुग्ध कर देने वाला है…”