Quoteএই ৰে’লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পৰিবহণ সুবিধা বৃদ্ধি কৰিব
Quoteযাত্ৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদান, যাত্ৰাৰ সময় হ্ৰাস কৰা আৰু পৰ্যটনক উৎসাহ প্ৰদান কৰাৰ উদ্দেশ্যে নতুন ‘বন্দে ভাৰত ৰে’ল’ৰ সংযোজন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে ৩১ আগষ্ট, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত তিনিখন বন্দে ভাৰত ৰে'লৰ যাত্ৰাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী সাৰোগত কৰি নিৰ্মাণ কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’য়ে ‘মিৰাট-লক্ষ্ণৌ’;        ‘মাদুৰাই – বেংগালুৰু’ আৰু ‘চেন্নাই – নাগৰকইল’ এই তিনিটা পথত যাতায়াতৰ সুবিধা উন্নত কৰিব।

‘মীৰাট চহৰ – লক্ষ্ণৌ’ সংযোগী ‘বন্দে ভাৰত’য়ে দুয়োখন চহৰৰ মাজত বৰ্তমানৰ দ্ৰুততম ৰে’লৰ তুলনাত যাত্ৰীসকলৰ যাতায়তী সময় প্ৰায় ১ ঘণ্টা ৰাহি কৰাত সহায় কৰিব। একেদৰে, ‘চেন্নাই এগম'ৰ– নাগৰকইল বন্দে ভাৰত’ আৰু ‘মাদুৰাই-বেংগালুৰু বন্দে ভাৰত ৰে'ল’ দুখনেও ক্ৰমে ২ ঘণ্টা আৰু প্ৰায় ১ ঘণ্টা ৩০ মিনিটতকৈয়ো অধিক সময় ৰাহি কৰিব।

এই নতুন ‘বন্দে ভাৰত ৰে'ল’কেইখনে অঞ্চলকেইটাৰ লোকসকলক দ্ৰুত আৰু আৰামেৰে ভ্ৰমণ কৰাৰ বাবে বিশ্বমানৰ সুবিধা প্ৰদান কৰিব আৰু তিনিখন ৰাজ্য- উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকক সেৱা আগবঢ়াব। এই ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল’কেইখনৰ প্ৰৱৰ্তনে নিয়মীয়া ভ্ৰমণকাৰী, পেছাদাৰ, ব্যৱসায়ী আৰু ছাত্ৰ সকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ৰে'ল সেৱাৰ এক নতুন মানৰ সূচনা কৰিব।

 

  • शिवानन्द राजभर October 22, 2024

    जन्म दिवस पर बहुत बहुत बधाई और शुभ कामनाए
  • Rampal Baisoya October 18, 2024

    🙏🙏
  • Vivek Kumar Gupta October 12, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 12, 2024

    नमो ..................🙏🙏🙏🙏🙏
  • Lal Singh Chaudhary October 07, 2024

    बनी रहती है जिसकी हमेशा चाहत, कहते हैं हम उसे सफलता। दूआ ही नहीं पूरी चाहत है मेरी हमें प्राप्त हो तुम्हारी सफलता।। भारत भाग्य विधाता मोदी जी को जय श्री राम
  • Manish sharma October 04, 2024

    🇮🇳
  • Dheeraj Thakur September 29, 2024

    जय श्री राम ,
  • Dheeraj Thakur September 29, 2024

    जय श्री राम,
  • Vijay Sharma September 25, 2024

    जय ऋी रा म
  • கார்த்திக் September 21, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🌸🪷జై శ్రీ రామ్🪷JaiShriRam🪷🌸 🪷জয় শ্ৰী ৰাম🪷ജയ് ശ്രീറാം🪷ଜୟ ଶ୍ରୀ ରାମ🪷🌸
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Artificial intelligence & India: The Modi model of technology diffusion

Media Coverage

Artificial intelligence & India: The Modi model of technology diffusion
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 মাৰ্চ 2025
March 22, 2025

Citizens Appreciate PM Modi’s Progressive Reforms Forging the Path Towards Viksit Bharat